দেশত নতুনকৈ ক'ভিড-১৯ত আক্ৰান্তৰ সংখ্যা ৮৪২ জন

Story by  atv | Posted by  Munni Begum • 1 Years ago
ক'ভিড-১৯ ৰ প্ৰতিনিধিত্বমুলক ফটো
ক'ভিড-১৯ ৰ প্ৰতিনিধিত্বমুলক ফটো
নতুন দিল্লী
 
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে শুকুৰবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি দেশত নতুনকৈ ক'ভিড-১৯ত আক্ৰান্ত হৈছে ৮৪২ জন। মুঠ ক'ভিড-১৯ ৰোগীৰ সংখ্যা ৪,৪৬,৬৪,৮১০ লৈ বৃদ্ধি পাইছে। 
 
মন্ত্ৰালয়ৰ তথ্য অনুসৰি ক'ভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫,৩০,৫২০ লৈ বৃদ্ধি পাইছে। মুঠ মৃত্যুৰ হাৰ ১.১৯ শতাংশ। মুঠ সক্ৰিয় সংক্ৰমণৰ হাৰ ০.০৩ শতাংশ। আনহাতে পুনৰুদ্ধাৰৰ হাৰ ৯৮.৭৮ শতাংশ আৰু আৰোগ্য লাভ কৰা লোকৰ সংখ্যা হৈছে ৪,৪১,২১,৫৩৮।  
মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি দেশজুৰি টিকাকৰণ অভিযানৰ অধীনত এতিয়ালৈ দেশত ২১৯.৭৭ কোটি ক'ভিড ভেকছিনৰ পালি প্ৰদান কৰা হৈছে।
দেশত ২০২০ চনৰ ৭ আগষ্টত  ২০ লাখ, ২৩ আগষ্টত ৩০ লাখ, ৫ ছেপ্টেম্বৰত ৪০ লাখ আৰু ১৬ ছেপ্টেম্বৰত ৫০ লাখ অতিক্ৰম কৰিছিল। ২৮ ছেপ্টেম্বৰত ৬০ লাখ, ১১ অক্টোবৰত ৭০ লাখ, ২৯ অক্টোবৰত ৮০ লাখ, ২০ নৱেম্বৰত ৯০ লাখ আৰু ১৯ ডিচেম্বৰত এক কোটিৰ সীমা অতিক্ৰম কৰিছে।
 
দেশখনে ৪ মে'ত দুই কোটি আৰু যোৱা বছৰৰ ২৩ জুনত তিনি কোটিৰ ভয়ংকৰ মাইলৰ খুঁটি অতিক্ৰম কৰিছিল। এই বছৰৰ ২৫ জানুৱাৰীত ই চাৰি কোটিৰ সীমা অতিক্ৰম কৰিছে।