মুছলমান সমাজত বৃদ্ধি পাইছে দেহ আৰু অংগদানক লৈ সজাগতা

Story by  atv | Posted by  Munni Begum • 1 Years ago
সমাজত বৃদ্ধি পাইছে দেহ আৰু অংগদানক লৈ সজাগতা
সমাজত বৃদ্ধি পাইছে দেহ আৰু অংগদানক লৈ সজাগতা
দৌলত ৰহমান / গুৱাহাটী
 
অসমৰ মুছলমানসকলৰ মাজত দেহ আৰু অংগদান সম্পৰ্কে সজাগতা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। অসমত অংগদান আন্দোলন আৰম্ভ কৰা ইলোৰা বিজ্ঞান মঞ্চ(ইভিএম) নামৰ এটা স্বেচ্ছাসেৱী সংগঠনে এই কথা জানিব দিছে যে যদিও মুছলমান জনসংখ্যাৰ এক বৃহৎ অংশই এতিয়াও এনে মহান কামৰ প্ৰতি অনীহা প্ৰকাশ কৰে, ভালেসংখ্যক শিক্ষিত আৰু উদাৰবাদী মুছলমানে মৃত্যুৰ পিছত তেওঁলোকৰ শৰীৰ আৰু অংগদান কৰিবলৈ আগবাঢ়ি আহিছে।
 
ইলোৰা বিজ্ঞান মঞ্চৰ মুখপাত্ৰ ইছফাকুৰ ৰহমানে 'আৱাজ দ্য ভইচ'ক কয় যে ৰেকৰ্ড অনুসৰি তেওঁৰ সংস্থাৰ বেনাৰত থকা প্ৰায় ২০০জন ব্যক্তিয়ে শৈক্ষিক আৰু গৱেষণাৰ উদ্দেশ্যে এই পৰ্যন্ত নিজৰ মৃতদেহ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু শিলচৰ চিকিৎসা মহাবিদ্যালয় তথা ৰাজ্যৰ অন্যান্য চিকিৎসা মহাবিদ্যালয়সমূহত দান কৰিছে। দাতাসকলৰ ভিতৰত আছিল ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ প্ৰাক্তন বিধায়ক নিজামুদ্দিন খান, অৱসৰপ্ৰাপ্ত আমোলা আফতাবুদ্দিন আহমেদ আদি।
"আমাৰ অভিযান আৰু আন্দোলনৰ প্ৰতি সঁহাৰি জনাই এতিয়ালৈকে অসমত ১০০০ ৰো অধিক লোকে সংৰোপণ অথবা চিকিৎসা বিজ্ঞান আৰু গৱেষণাৰ সমৃদ্ধিৰ বাবে চকু আৰু শৰীৰ দান কৰাৰ সংকল্প লৈছে। তেওঁলোকৰ ৫০ শতাংশতকৈও অধিক মহিলা। আজিলৈকে আমি প্ৰায় ২০০ টা মৃতদেহ জিএমচিএইচ কৰ্তৃপক্ষ আৰু অন্যান্য চিকিৎসা মহাবিদ্যালয়ক হস্তান্তৰ কৰিছো। ইয়াৰে সৰ্বাধিক সংখ্যক দাতা হিন্দু," ৰহমানে কয়।
তেওঁ পুনৰ কয় যে ধৰ্মীয় বিশ্বাস আৰু সামাজিক কাৰণৰ বাবে যোৱা কিছু বছৰত মুছলমানসকলৰ মাজত শৰীৰ আৰু অংগদান সম্পৰ্কে সজাগতা যথেষ্ট কম আছিল। অৱশ্যে এতিয়া এই সংখ্যা লাহে লাহে বৃদ্ধি পাইছে বুলি ৰহমানে উল্লেখ কৰে। 
 
বিশ্ব অংগদান দিৱস উপলক্ষে জুবলী ফাউণ্ডেচনৰ উদ্যোগত অনুষ্ঠিত এক চাইকেল ৰেলী
 
ৰহমানে কয়, "চুবুৰীয়া ইছলামীক ৰাষ্ট্ৰ পাকিস্তানটো মানৱ জাতিৰ লাভৰ বাবে অংগ আৰু শৰীৰ দান কৰাৰ ওপৰত সচেতনতা বৃদ্ধি পাইছে। পাকিস্তানৰ  প্ৰাক্তন ৰাষ্ট্ৰপতি আতিৰ আলী জৰ্দাৰীয়ে ২০১০ চনত ৰাজহুৱাভাৱে ঘোষণা কৰিছিল যে তেখেতৰ মৃত্যুৰ পিছত তেখেতৰ দেহ আৰু অংগ মানৱ জাতিৰ কল্যাণৰ বাবে দান কৰিব। গতিকে আমাৰ ভাৰতীয় মুছলমান সকলেও এই বিষয়টোৰ ওপৰত গুৰুত্ব দিয়া উচিত।" 
 
বিশ্ব অংগদান দিৱস উপলক্ষে জুবলী ফাউণ্ডেচনৰ উদ্যোগত অনুষ্ঠিত এক সজাগতা অনুষ্ঠান
 
উল্লেখ্য যে, ইছলামিক ফিকহ কাউন্সিলে ১৯৮৫ চনৰ ১৯ৰ পৰা ২৮ জানুৱাৰীলৈকে মক্কা মুকাৰামাহত মুছলিম ৱৰ্ল্ড লীগৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত অষ্টম অধিবেশনৰ সময়ত অংগদানৰ বিষয়টোৰ ওপৰত নিজৰ ৰায় ঘোষণা কৰিছিল। এই ৰায়দানত অংগদান কাৰ্যসূচীৰ প্ৰতি স্পষ্ট সমৰ্থন আছিল। 
 
এগৰাকী অংগদাতা
 
তেওঁলোকৰ যুক্তিৰ সৈতে ইছলামৰ মূল নীতি, মানৱতা আৰু সাধাৰণ জ্ঞানৰ সামঞ্জস্য আছিল। আনকি অতি ৰক্ষণশীল ইছলামিক দেশসমূহেও সমগ্ৰ বিশ্বৰ স্বাস্থ্যসেৱা প্ৰদানকাৰীসকলৰ সৈতে সক্ৰিয়ভাৱে সহযোগিতা কৰি অংগদান আৰু অংগ সংৰোপনৰ সম্প্ৰসাৰিত ক্ষেত্ৰখনত নৈতিক ইছলামিক ন্যায়বিজ্ঞানৰ মতামত আৰু নিয়ম প্ৰণয়ন কৰি আছে।
 
বিশ্ব অংগদান দিৱস উপলক্ষে অনুষ্ঠিত এক দৌৰ
 
শনিবাৰে বিশ্ব অংগদান দিৱস উপলক্ষে ইলোৰা বিজ্ঞান মঞ্চই সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ (কামৰূপ জিলাৰ চাংসাৰীত স্থাপন কৰা) সহযোগত ৰঙিয়াৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰি অংগ আৰু শৰীৰ দানৰ গুৰুত্ব সম্পৰ্কে জনসচেতনতা সৃষ্টি কৰিব।