মাংকি পক্সক লৈ জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব বিশ্ব স্বাস্থ্য সংস্থাই

Story by  atv | Posted by  Munni Begum • 1 Years ago
মাংকি পক্সৰ প্ৰতিনিধিত্বমুলক ফটো
মাংকি পক্সৰ প্ৰতিনিধিত্বমুলক ফটো
জেনেভা
 
বিশ্বত মাংকি পক্সৰ আতংক দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। এতিয়ালৈ বিশ্বৰ ৪২ খন দেশত মাংকি পক্সৰ ব্যাপক সংক্রমণ ঘটিছে। প্রায় ৩.৪১৭ গৰাকী এই ভাইৰাছৰদ্বাৰা সংক্ৰমিত হৈছে।
 
বিশ্ব স্বাস্থ্য সংস্থাই অচিৰেই মাংকি পক্সক লৈ জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে। শুকুৰবাৰে বিশ্ব স্বাস্থ্য সংস্থাৰ এখন জৰুৰী বৈঠক অনুষ্ঠিত হ'ব আৰু ইয়াতে বিষয়টো সন্দৰ্ভত বিচাৰ-বিবেচনা কৰা হ'ব। 
 
মাংকি পক্সৰ সংক্রমণ বৃদ্ধি পোৱা ঘটনাটোক অস্বাভাৱিক আৰু অসাধাৰণ বুলি ভাবিছে বিশ্ব স্বাস্থ্য সংস্থাই। সেয়েহে অচিৰেই এই সন্দৰ্ভত অধিক সতর্কতা আৰোপ কৰাৰ উদ্দেশ্যে জৰুৰীকালীন পদক্ষেপ গ্ৰহণ কৰা হ'ব।