অসম আৰু মিজোৰামৰ দুই মুখ্যমন্ত্ৰীৰ সীমা সমস্যাকলৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে বৈঠক

Story by  atv | Posted by  [email protected] • 2 Years ago
অসম আৰু মিজোৰামৰ দুই মুখ্যমন্ত্ৰীৰ সীমা সমস্যাক লৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে বৈঠক
অসম আৰু মিজোৰামৰ দুই মুখ্যমন্ত্ৰীৰ সীমা সমস্যাক লৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে বৈঠক
অংকুৰ কলিতা/নতুন দিল্লী 

আজি নতুন দিল্লীত ভাৰতৰ গৃহ মন্ত্ৰী অমিত শ্বাহৰ বাসগৃহত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগাৰ উপস্থিতিত এখন বিশেষ বৈঠক অনুস্থিত হয়।

বৈঠকখনৰ অন্তত সংবাদ মাধ্যমক সম্বোধন কৰি অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে গৃহ মন্ত্ৰীৰ বাসগৃহত অসম আৰু মিজোৰামৰ মূখ্যমন্ত্ৰীৰ উপস্থিতিত এখন মুখ্যমন্ত্ৰী পৰ্য্যায়ৰ বৈঠক অনুস্থিত হয় আৰু বৈঠকখনত দুয়োখন ৰাজ্যৰ সীমা সমস্যাৰ স্থায়ী সমাধানৰ ওপৰত আলোচনা কৰা হয় । বৈঠকত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সীমাত শান্তি বৰ্তাই ৰখাৰ সিদ্ধান্ত লয়।

দুয়োখন ৰাজ্যই একো একোখন বিশেষ কমিটি গঠন কৰাৰ সিদ্ধান্ত লয় আৰু প্ৰয়োজন সাপেক্ষে কমিটীখনত বিৰোধীৰ সদস্যক অন্তৰ্ভুক্তি কৰোৱা হ'ব বুলি মুখ্যমন্ত্ৰী য়ে সংবাদ মাধ্যমক অৱগত কৰে। এই কমিটিখনে দুয়োখন ৰাজ্যৰ সীমা সমস্যা সমাধান কৰাৰ বাবে কাম কৰিব। প্ৰয়োজন সাপেক্ষে সময়ে সময়ে মুখ্যমন্ত্ৰী পৰ্য্যয়তো বৈঠক হৈ থাকিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।