হিন্দু-মুছলমানৰ মাজত ভাতৃত্ববোধ শক্তিশালী কৰা এখন সাপ্তাহিক বজাৰ

Story by  atv | Posted by  Munni Begum • 1 Years ago
চলচলি মুছলিম গাঁও আহতৰ তলৰ সাপ্তাহিক বজাৰখন উদ্বোধন কৰিছে বঢ়মপুৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া প্ৰাৰ্থপ্ৰতিম চৌধুৰীয়ে
চলচলি মুছলিম গাঁও আহতৰ তলৰ সাপ্তাহিক বজাৰখন উদ্বোধন কৰিছে বঢ়মপুৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া প্ৰাৰ্থপ্ৰতিম চৌধুৰীয়ে
তপন কটকী / পুৰণিগুদাম
 
হিন্দু মুছলমানৰ মিলন ভূমি নগাঁওৰ চলচলি অঞ্চল। এই চলচলিতেই যুগ যুগ ধৰি শান্তি সম্প্ৰীতিৰে বাস কৰি আহিছে হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ লোকসকল।
 
তেওঁলোকে ইয়াত বিভিন্ন সময়ত বিভিন্ন প্ৰকাৰে সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰি আহিছে। অঞ্চলটোৰ হিন্দু-মুছলমান ৰাইজে এই নিদৰ্শন পুনৰ এবাৰ প্ৰতিপন্ন কৰিছে। কেইগৰাকীমান মুছলমান লোকৰ বিশেষ উদ্যোগত অলপতে চলচলি মুছলিম গাঁও আহতৰ তলত আৰম্ভ হৈছে এখন সাপ্তাহিক বজাৰ।
সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ উপজা দিনটোত চলচলিত স্থাপন হোৱা এই সাপ্তাহিক বজাৰখনে বৃহত্তৰ চলচলি অঞ্চলকে ধৰি ওচৰৰ প্ৰায় ২৫খন গাঁৱৰ ক্ৰেতা বিক্ৰেতাক উপকৃত কৰিব। প্ৰতি বৃহস্পতিবাৰে হ'ব লগা এই বজাৰখন বৃহত্তৰ চলচলি অঞ্চলৰ ৰাইজৰ কাৰণে অতি প্ৰয়োজনীয় আছিল।
এই অঞ্চলটোত এখন বজাৰৰ প্ৰয়োজন বহু দিনৰ পৰা ৰাইজে অনুভৱ কৰি আহিছিল, যদিও এয়া হৈ উঠা নাছিল। এইক্ষেত্ৰত চলচলি অঞ্চলৰ অভিযন্ত্ৰা হাফিজুৰ ৰহমান,তজমুদ্দিন আহমেদ,আব্দুৰ ৰৌফ, জিলা পৰিষদ প্ৰাক্তন সদস্য কুতুবুদ্দিন বখতিয়াৰে বিশেষ উদ্যোগ গ্ৰহন কৰি স্থাপন কৰিলে এখন সাপ্তাহিক বজাৰ।
 
চলচলি মুছলিম গাঁও আহতৰ তলৰ সাপ্তাহিক বজাৰৰ এক দৃশ্য
 
বৃহত্তৰ চলচলি অঞ্চলৰ লগতে নিকটৱৰ্তী অঞ্চলৰ ব্যৱসায়ীসকলে নিজৰ ঘৰত উৎপাদন হোৱা সামগ্ৰীসমূহ ঘৰৰ ওচৰতে বিক্ৰী কৰিব পৰাকৈ মুকলি হোৱা এই বজাৰখনৰ শুভ উদ্বোধনে স্থানীয় বাসিন্দাসকলক উৎফুল্লিত কৰি তুলিছে। যোৱা ৮ ছেপ্তেম্বৰত বজাৰ উদ্বোধন উপলক্ষে এক বিশেষ কাৰ্যসূচী গ্ৰহন কৰে উদ্যোক্তাসকলে।
 
অনুষ্ঠানত পতাকা উত্তোলন কৰে বজাৰ সমিতিৰ সভাপতি হাফিজুৰ ৰহমান(বুধন)নে। ইয়াৰ পিছতে বজাৰখন ফিটা কাটি শুভ উদ্বোধন কৰে বঢ়মপুৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া প্ৰাৰ্থপ্ৰতিম চৌধুৰীয়ে। সাহিত্যিক পেঞ্চনাৰ তথা পুৰণিগুদাম অঞ্চলৰ বৰ্ষীয়ান সমাজকৰ্মী ফনীন্দ্ৰ নাথ গায়নক লগত লৈ খণ্ড উন্নয়ন বিষয়াগৰাকীয়ে ফিটা কাটি শুভ উদ্বোধন কৰা সাপ্তাহিক বজাৰখন ভবিষ্যতে বৃহত্তৰ চলচলি অঞ্চলৰ আৰ্থ সামাজিক দিশত মাইলৰ খুটি হিছাপে পৰিগণিত হ'ব বুলি তেওঁলোকে আশা প্ৰকাশ কৰে।
উদ্বোধনী সভাত ফনীন্দ্ৰ নাথ গায়নে কয়, "আমাৰ এই বজাৰ খনৰ বেছি সংখ্যক বিক্ৰেতা নিজৰ অঞ্চলৰ হোৱা উচিত। তেতিয়াহে আমাৰ অৰ্থনৈতিক দিশটো টনকিয়াল হ'ব। একেদৰে, এই বজাৰখনে সকলো ধৰ্মৰ মাজত সমন্বয়ৰ সৃষ্টি কৰিব। এনেধৰণৰ বজাৰে আমাক মানুহ হিচাপে পৰিচয় দিয়াত সহায় কৰে।"
 
চলচলি মুছলিম গাঁও আহতৰ তলৰ সাপ্তাহিক বজাৰখন উদ্বোধন কৰাৰ বাবে অনুষ্ঠিত অনুষ্ঠানৰ এক মুহূৰ্ত 
 
সভাত খণ্ড উন্নয়ন বিষয়া প্ৰাৰ্থপ্ৰতিম চৌধুৰীয়ে আশ্বায় দিয়ে যে বজাৰখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত বিভাগীয় ভাৱে সকলো ব্যৱস্থা গ্ৰহন কৰা হ'ব। বজাৰ সমিতিৰ সভাপতি হাফিজুৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত হিন্দু মুছলমান সকলো সম্প্ৰদায়ৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থকাৰ লগতে পুৰণিগুদাম,বঢ়মপুৰ,নিজ চলচলি, হালোৱাগাঁও আদি গাঁও পঞ্চায়তৰ সভাপতি সকল উপস্থিত থাকে।
উল্লেখ্য যে, বজাৰখনে প্ৰায় ৫০ গৰাকী স্থানীয় হিন্দু-মুছলমান ব্যৱসায়ীৰ জীৱন-নিৰ্বাহৰ বাট মুকলি কৰিব। উদ্বোধনীৰ দিনাৰ পৰাই তেওঁলোকে গ্ৰাহকৰ ব্যাপক সহাঁৰি লাভ কৰা দেখা গৈছে। 
"হিন্দু মুছলমানৰ মিলনভূমি চলচলিত নতুনকৈ স্থাপন হোৱা এই সাপ্তাহিক বজাৰখনে বিভিন্ন সম্প্ৰদায়ৰ মাজত ভাতৃত্ববোধ আৰু অধিক শক্তিশালী কৰিব। বজাৰখনে সকলো সম্প্ৰদায়ৰ লোকক সুলভ মূল্যত সামগ্ৰী যোগান ধৰিবলৈ সক্ষম হ'ব। বজাৰখনে বৃহত্তৰ চলচলি অঞ্চললৈ আন এক সমন্বয়ৰ বাতাবৰণ কঢ়িয়াই আনিব বুলি আমি আশা কৰিছো,"বজাৰ সমিতিৰ সভাপতি হাফিজুৰ ৰহমানে কয়।
 
চলচলি মুছলিম গাঁও আহতৰ তলৰ সাপ্তাহিক বজাৰখনৰ  এক দৃশ্য
 
ইফালে, বজাৰ সমিতিৰ সম্পাদক অৱসৰপ্ৰাপ্ত শিক্ষক সমাজ কৰ্মী তজমউদ্দিন আহমেদে কয়, "এখন বজাৰে সমাজত শান্তি সম্প্ৰীতি অটুত ৰখাত সহায় কৰাৰ লগতে সমাজৰ অৰ্থনৈতিক দিশ টনকিয়াল কৰাত সহায় কৰে। নতুনকৈ মুকলি হোৱা বজাৰখনে চলচলি অঞ্চলটোৰ শান্তি-সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এনাজৰী অধিক মজবুত কৰিব।"আনহাতে, বজাৰ সমিতিৰ অন্যতম বিষয়ববীয়া কুতুবুদ্দিন বখতিয়াৰে বজাৰখন আগবঢ়াই নিয়াত সকলো ৰাইজৰ সহায়-সহযোগিতা আহ্বান কৰিছে।
 
উল্লেখ্য যে, মৰম-চেনেহ আৰু ভাতৃত্ববোধৰ এনাজৰীৰে যুগ যুগ ধৰি একগোট হৈ থকা চলচলি অঞ্চলৰ হিন্দু,মুছমান সমাজখনৰ মাজত মুকলি হোৱা সাপ্তাহিক বজাৰখনৰ পৰা সকলো সম্প্ৰদায়ৰ লোক উপকৃত হ'ব। সকলোৱে সুলভ মূল্যত সতেজ সামগ্ৰী লাভ কৰাৰ সমান্তৰালকৈ বহুতো লোকে কৰ্মসংস্থাপনৰ সুবিধা পাব। এইদৰে, এখন বজাৰে এই অঞ্চলটোলৈ বিভিন্ন ধৰণে আশাৰ বতৰা কঢ়িয়াই অনা পৰিলক্ষিত হৈছে।