দিল্লীৰ বোমা বিস্ফোৰণৰ পিচতেই অসমতো কটকটীয়া তালাচী অভিযান

Story by  atv | Posted by  [email protected] • 5 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
গুৱাহাটী
 
ৰাজধানী দিল্লীৰ লালকিল্লাৰ মেট্ৰ' ষ্টেচনৰ সমীপৰ এখন বাহনত সোমবাৰে সংঘটিত বিস্ফোৰণত কেইবাজনো লোকৰ মৃত্যু হোৱাৰ লগতে আহত হয় বহু লোক৷ এই ভয়াৱহ বিস্ফোৰণৰ পিছতে দিল্লী মেট্ৰ', লালকিল্লা, চৰকাৰী ভৱন আৰু ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰকে ধৰি ৰাষ্ট্ৰীয় ৰাজধানীৰ সকলো অঞ্চলতে হাই এলাৰ্টত জাৰি কৰা হৈছে। সমান্তৰালভাৱে দেশৰ বিভিন্ন ঠাইতো নিৰাপত্তা কটকটীয়া কৰি তোলা হৈছে।
 
বৰঝাৰ বিমান বন্দৰতো গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী। মহানগৰীত প্ৰৱেশ কৰা প্ৰতিখন বাহনত আৰক্ষীয়ে চলাইছে তালাচী। বিমান বন্দৰত যাতে কোনোধৰণৰ কূটাঘাত সংঘটিত কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি চিআইএছএফে এইদৰে ব্যাপক তালাচী আৰম্ভ কৰিছে। স্নিফাৰ ড'গ, বোম ডিটেক্টৰ মেচিন আদিৰে বিমান বন্দৰৰ পাৰ্কিঙত থকা বাহনৰ লগতে প্ৰতিটো কোণত তালাচী চলাইছে।
 
আনহাতে মহানগৰীত প্ৰৱেশ কৰা সন্দেহজনক বাহনত বৰঝাৰ আৰক্ষীয়েও তালাচী চলাইছে। বিশেষকৈ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ ভিতৰে-বাহিৰে তালাচী তীব্ৰতৰ কৰাৰ উপৰি সষ্টম হৈছে নিৰাপত্তাৰক্ষী। দিল্লীৰ বোমা বিস্ফোৰণক লৈ দেশজুৰি হাই এলাৰ্ট জাৰি কৰাৰ সময়ত অসমতো যাতে কোনেও এনে কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰবাবে আৰক্ষী প্ৰশাসনক সষ্টম হৈ থাকিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
 
মুখ্যমন্ত্ৰী শৰ্মাই মঙলবাৰেই এই সন্দৰ্ভত কয়, “ফেচবুকত একাংশ লোকে এই ঘটনাক হয় আদৰণি জনাইছে, নহ'লে খুব স্ফূৰ্তিৰে ইম’জি প’ষ্ট কৰি এই ঘটনাক আদৰণি জনাইছে। তাৰমানে এইসকল ব্যক্তিয়ে সন্ত্ৰাসবাদক সমৰ্থন কৰে। এইসকল ব্যক্তিৰ আমি বেকগ্ৰাউণ্ড নিৰীক্ষণ কৰি আছো।" সন্দেহযুক্ত ব্যক্তিক গ্ৰেপ্তাৰৰ প্ৰসংগতো মুখ্যমন্ত্ৰীয়ে কয়, "প্ৰয়োজনত কিছু ব্যক্তিক আমি গ্ৰেপ্তাৰো কৰিম। কাৰণ অসমত যাতে সন্ত্ৰাসবাদে কোনো কাৰণত মূৰ দাঙি উঠিব নোৱাৰে।"