আজাদী কা অমৃত মহোৎসৱ উপলক্ষে হোজাইত আজমল ফাউণ্ডেচনৰ বৃহৎ সমদল

Story by  atv | Posted by  [email protected] • 1 Years ago
আজাদী কা অমৃত মহোৎসৱ উপলক্ষে হোজাইত আজমল ফাউণ্ডেচনৰ বৃহৎ সমদল
আজাদী কা অমৃত মহোৎসৱ উপলক্ষে হোজাইত আজমল ফাউণ্ডেচনৰ বৃহৎ সমদল

হোজাই

আজমল ফাউণ্ডেচনৰ উদ্যোগত আজি হাজোত "আজাদী কা অমৃত মহোৎসৱ"ৰ এক সজাগতা সমদল উলিওৱা হয়। এই উপলক্ষে বিভিন্ন কাৰ্যসূচীও মুকলি কৰা হৈছে।

দেশৰ স্বাধীনতা সংগ্ৰামত ত্যাগৰ মহত্বৰে উদ্ভাসিত হৈ উঠা মুক্তিযুঁজাৰুসকলক স্মৰণ কৰাৰ বাবে হোজাইৰ আজমল ফাউণ্ডেচনৰ অধীনস্থ আজমল আইন মহাবিদ্যালয় ,নাজিৰ আজমল মেমোৰিয়েল বি এড কলেজ ,মৰিয়ম আজমল ওমেন্স কলেজে  ‘আজাদী কা অমৃত মহোৎসৱ’ কাৰ্যসূচীৰ প্ৰস্তুতি আৰম্ভ কৰে।

আজাদী কা অমৃত মহোৎসৱ উপলক্ষে হোজাইত আজমল ফাউণ্ডেচনৰ বৃহৎ সমদল

আজাদী কা অমৃত মহোৎসৱ’ উপলক্ষে সমগ্ৰ দেশৰ লগতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰিবলৈ ইতিমধ্যে হাতত লোৱা হৈছে ভিন্ন পদক্ষেপ আজমল কলেজ সমূহে।

আজমল ফাউণ্ডেচনৰ দ্বাৰা পৰিচালিত মৰিয়ম আজমল কলেজৰ পৰা হোজাই চহৰত এক দীঘলীয়া  সমদল উলিয়াওৱা হয় , উক্ত সমদলত প্ৰায় এক হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে  অংশগ্ৰহণ কৰে। মনকৰিবলগীয়া যে, এই শিক্ষাৰ্থীসকলৰ অধিকাংশই হ'ল মুছলমান ধৰ্মাৱলম্বী। আনহাতে, বিদ্যালয় মহাবিদ্যালয় সমূহত বিভিন্ন কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়।

আজমল ফাউণ্ডেচনৰ ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমল আৰু ছিৰাজুদ্দিন আজমলৰ নিৰ্দেশ মৰ্মে আৰু  ডিৰেক্টৰ ড° খচৰুল ইছলামৰ তৎপৰতাত "আজাদী কা অমৃত মহোৎসৱ" সফলভাবে ৰূপায়ন কৰিবলৈ ক্ষীপ্ৰতাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে । সপ্তাহজোৰা কাৰ্যসূচীটো  অহা ১৫ আগষ্টত বিয়লি ৫ বজাত অন্ত পৰিব।