বিজেপিৰ নেতাসকলক তুষ্টিকৰণৰ ৰাজনীতিৰ পৰা আঁতৰি থকাৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

Story by  atv | Posted by  [email protected] • 1 Years ago
বিজেপিৰ নেতাসকলক তুষ্টিকৰণৰ ৰাজনীতিৰ পৰা আঁতৰি থকাৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ
বিজেপিৰ নেতাসকলক তুষ্টিকৰণৰ ৰাজনীতিৰ পৰা আঁতৰি থকাৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ
হায়দৰাবাদ
 
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপিৰ নেতাসকলক স্বজন-তোষণ আৰু তুষ্টিকৰণৰ ৰাজনীতিৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে। হায়দৰাবাদত অনুষ্ঠিত বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকত প্ৰধানমন্ত্ৰীয়ে দলটোৰ নেতাসকলক স্বজন-তোষণ আৰু তুষ্টিকৰণৰ ৰাজনীতিৰ বিপৰীতে দক্ষতা আৰু পাৰদৰ্শিতাৰ ওপৰত অধিক গুৰুত্ব দিবলৈ আহ্বান জনোৱা বুলি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে সংবাদমেলত প্ৰকাশ কৰিছে।
 
তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে হায়দৰাবাদক ভাগ্যনগৰ বুলি উল্লেখ কৰি পৰিয়ালকেন্দ্ৰিক ৰাজনীতি সমাপ্ত হোৱাৰ এয়াই সময় আহি পৰিছে। 
 
উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতীয় জনতা দলৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকত অংশ ল'বলৈ দেওবাৰে পুৱা হায়দৰাবাদত উপস্থিত হয়। শনিবাৰে বিজেপিৰ সভাপতি জে পি নাড্ডাৰ ভাষণেৰে দুদিনীয়া বৈঠকৰ আৰম্ভ হয়।       
 
ইফালে, উত্তৰ-পূবৰ ৰাজ্যসমূহৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেওবাৰে কয় যে বিজেপিয়ে অঞ্চলটোৰ সমস্যাসমূহৰ এক স্থায়ী সমাধান বিচাৰি পাইছে।
 
তেওঁ লগতে কয় যে অনাগত সময়ত অঞ্চলটোত আৰু কোনো সমস্যা নাথাকিব আৰু ২০২৪ চনৰ ভিতৰত ইয়াৰ সকলো সমস্যা সমাধান হ’ব৷ বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক বৈঠকত ৰাজনৈতিক প্ৰস্তাৱ সন্দৰ্ভত ভাষণ দি গৃহমন্ত্ৰীগৰাকীয়ে এই গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।
উল্লেখযোগ্য যে, চলিত বৰ্ষৰ মাৰ্চ মাহত কেন্দ্ৰই নাগালেণ্ডৰ ৭খন জিলাৰ ১৫টা থানা এলেকাৰ পৰা, মণিপুৰৰ ৬খন জিলাৰ ১৫টা থানা এলেকাৰ পৰা আৰু অসমৰ ২৩খন জিলাৰ পৰা সম্পূৰ্ণৰূপে আৰু এখন জিলাৰ পৰা আংশিকভাৱে সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন চমুকৈ আফস্পা প্ৰত্যাহাৰৰ বৃহৎ সিদ্ধান্ত লৈছিল।
একেদৰে, অসম আৰু মেঘালয় চৰকাৰে চলিত বৰ্ষৰ মাৰ্চ মাহত নতুন দিল্লীত ৫০ বছৰ ধৰি আৱদ্ধ হৈ থকা সীমা বিবাদৰ সমাধানৰ বাবে এক ঐতিহাসিক চুক্তি স্বাক্ষৰ কৰিছিল। অসম আৰু মেঘালয়ৰ মাজত এই চুক্তি স্বাক্ষৰিত হোৱাৰ দুমাহৰ পাছতেই ৰাজ্য দুখনৰ মুখ্যমন্ত্রীয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ পৰীক্ষা আৰু বিবেচনাৰ বাবে ৩১ জানুৱাৰীত অমিত শ্বাহৰ ওচৰত প্রস্তাৱৰ খচৰা দাখিল কৰে৷
 
শ্বাহৰ ভাষণ সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমক অৱগত কৰি কয়, ‘গৃহমন্ত্ৰীয়ে আমাক আনন্দেৰে জনাইছে যে উত্তৰ-পূৰ্বাঞ্চলৰ সমস্যা সমাধানৰ বাবে আমাৰ হাতত এতিয়া স্থায়ী ঠিকনা আছে আৰু ২০২৪ৰ ভিতৰত অঞ্চলটোৰ সকলো সমস্যা সমাধান কৰা হ'ব।”
 
নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী নোহোৱাৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহে কি ক’লে বুলি সোধাত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিৰোধী দলৰ আপত্তিৰ বাবেই পলম হৈছে, কিন্তু কা ৰূপায়ন কৰিবলৈ চৰকাৰ সম্পূৰ্ণৰূপে দায়বদ্ধ। 
‘কা’কে ধৰি মোদী চৰকাৰে হাতত লোৱা কেইবাটাও সংস্কাৰৰ ওপৰত বিৰোধীয়ে কেইবাটাও কথাত আপত্তি কৰি আহিছে বুলি আপোনালোকে জানেই। পলম হৈছে যদিও আমি 'কা' কাৰ্যকৰী কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ আৰু অধিনিয়ম তৈয়াৰ কৰা হ’ব।’-হিমন্ত বিশ্ব শৰ্মাই কয়।
উত্তৰ-পূৰ্বাঞ্চলৰ সমস্যা সমাধানৰ বাবে বিজেপিয়ে কেনেদৰে পৰিকল্পনা কৰিছে সেই বিষয়ে বিতংভাৱে উল্লেখ কৰি শৰ্মাই কয়, ‘২০১৪ চনত কেন্দ্ৰত মোদী চৰকাৰৰ আগমনৰ পিছৰে পৰা উত্তৰ-পূবত কিদৰে বিজেপিৰ উন্নয়নৰ যাত্ৰা আৰম্ভ হৈছে, সেয়া অমিত শ্বাহে আমাৰ আগত বৰ্ণনা কৰিছে। কেনেকৈ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায় ৬০ শতাংশ অঞ্চলৰ পৰা আফস্পা আঁতৰোৱা হৈছে, সেই বিষয়তো আলোচনা হৈছে। তেওঁ লগতে কয় যে ২০২৪ চনৰ ভিতৰত উত্তৰ-পূবৰ সকলো সমস্যা সমাধান হ’ব।”
 
 
সংবাদমেলত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, হায়দৰাবাদত দেওবাৰে

ইফালে, দেওবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দলটোৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক বৈঠকৰ সময়ত বিজেপিৰ হৈ ৰাজনৈতিক প্ৰস্তাৱ দাখিল কৰি ২০০২ চনৰ ধৰ্মীয় সংঘাতৰ গোচৰত গুজৰাটৰ তদানীন্তন মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীক লক্ষ্য কৰি লোৱাৰ বাবে বিৰোধী দলসমূহক তীব্ৰ সমালোচনা কৰে। ২০০২ চনৰ গুজৰাটৰ ধৰ্মীয় সংঘাতৰ গোচৰত উচ্চতম ন্যায়ালয়ে শেহতীয়াকৈ গুজৰাটৰ তদানীন্তন মুখ্যমন্ত্ৰী মোদীক ক্লীন ছিট দিয়ে। 
আনহাতে, দেওবাৰে হায়দৰাবাদত অনুষ্ঠিত ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক বৈঠকৰ সময়ত গৃহীত হোৱা এক প্ৰস্তাৱত বিজেপিয়ে শীঘ্ৰেই তেলেংগানা, অন্ধ্ৰ প্ৰদেশ, তামিলনাডু, কেৰেলা, পশ্চিমবংগ আৰু ওড়িশাত চৰকাৰ গঠন কৰিব বুলি সংবাদমেলত হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে। 
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে যুগুত কৰা ৰাজনৈতিক সংকল্পৰ প্ৰস্তাৱ ৰাজহুৱা কৰি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অহা ৩০ৰ পৰা ৪০ বছৰ দেশত হ’ব বিজেপিৰ যুগ আৰু ভাৰত হ’ব বিশ্ব গুৰু। 
 
হজৰত মহম্মদৰ ওপৰত বিতৰ্কিত মন্তব্যক লৈ ৰাজস্থানৰ উদয়পুৰ আৰু মহাৰাষ্ট্ৰৰ আমৰাৱতীত সংঘটিত হোৱা হত্যাকাণ্ডৰ সন্দৰ্ভত শ্বাহে কয় যে তুষ্টিকৰণৰ ৰাজনীতি নিৰ্মূল হোৱাৰ পিছত সাম্প্ৰদায়িকতাবাদৰ অন্ত পৰিব।
গৃহমন্ত্ৰীগৰাকীয়ে কয় যে যোৱা নিৰ্বাচন আৰু উপ-নিৰ্বাচনত জনসাধাৰণে বিজেপিৰ পক্ষত ভোট দি দলটোৰ “উন্নয়ন আৰু কৰ্মদক্ষতাৰ ৰাজনীতি”ক সমৰ্থন কৰিছে। ইয়াৰ ওপৰত আলোকপাত কৰি পৰিয়ালতন্ত্ৰ, জাতিবাদ আৰু তুষ্টিকৰণৰ ৰাজনীতিৰ অন্ত পেলাবলৈ শ্বাহে আহ্বান জনায়।
তেলেংগানা আৰু পশ্চিমবংগৰ দৰে ৰাজ্যত বিজেপিয়ে পৰিয়ালতন্ত্ৰৰ অন্ত পেলাব আৰু লগতে অন্ধ্ৰপ্ৰদেশ, তামিলনাডু, ওড়িশা আদি ৰাজ্যতো ক্ষমতালৈ আহিব বুলি গৃহমন্ত্ৰীগৰাকীয়ে কয়। ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকত অমিত শ্বাহে আলোচনা কৰা এই দিশসমূহত সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।