অন্ধ্ৰ মুখ্যমন্ত্ৰী জগন ৰেড্ডীৰ বিমানে গন্নাৱাৰাম বিমানবন্দৰত জৰুৰীকালীন অৱতৰণ কৰে

Story by  atv | Posted by   Imtiaz Ahmed • 1 Years ago
মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডী আৰু তেওঁৰ বিমানখন
মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডী আৰু তেওঁৰ বিমানখন
বিজয়ৱাড়া

অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীক লৈ যোৱা এখন বিশেষ বিমান সোমবাৰে বিজয়ৱাড়াৰ গন্নাৱাৰাম বিমানবন্দৰত জৰুৰীকালীন অৱতৰণ কৰে।

বিমানখনত হোৱা কাৰিকৰী বিজুতিৰ বাবে জৰুৰী অৱতৰণ কৰা হয়। উৰণৰ কিছু সময়ৰ পিছতে এই বিজুতি অনুভৱ কৰা হয় আৰু বিমানখন নিৰাপদে অৱতৰণ কৰে। 
সোমবাৰে গ্ল’বেল ইনভেষ্টৰ কনফাৰেন্সৰ প্ৰস্তুতিমূলক বৈঠকৰ বাবে দিল্লীলৈ যোৱাৰ কথা আছিল মুখ্যমন্ত্ৰী ৰেড্ডী। 
 
বিষয়াসকলে কয়, "পাইলটে সমস্যাটো চিনাক্ত কৰি বিমানখন পুনৰ গন্নাৱাৰাম বিমানবন্দৰলৈ উভতাই লৈ যায়। মুখ্যমন্ত্ৰী আৰু বিষয়াৰ এটা দলে বিয়লি ৫:০৩ বজাত দিল্লী ভ্ৰমণৰ বাবে উৰা মাৰিছিল। কিছু সময়ৰ পিছত পাইলটে এটা কাৰিকৰী বিজুতি লক্ষ্য কৰিলে। ৫:২৭ বজাত বিমানখন উভতাই লৈ গৈ গন্নাৱাৰামত নিৰাপদে অৱতৰণ কৰা হয়। মুখ্যমন্ত্ৰী তাদেপল্লীৰ বাসগৃহত উপস্থিত হয়। বিষয়াসকলে মুখ্যমন্ত্ৰীগৰাকীক দিল্লীলৈ যোৱাৰ বিকল্প ব্যৱস্থা কৰি আছে।"