টাৱাঙত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, পাইলট নিহত

Story by  atv | Posted by  [email protected] • 1 Years ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
টাৱাং
 
বুধবাৰে পুৱা অৰুণাচল প্ৰদেশৰ টাৱাং জিলাত চীনা সীমান্তৰ সমীপত ভাৰতীয় সেনাৰ এখন চিতা হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হয়। এই দূৰ্ঘটনাত বিমানখনত থকা দুজন পাইলটৰ ভিতৰত এজনৰ মৃত্যু হয়। প্ৰতিৰক্ষা মুখপাত্ৰই এই কথা প্ৰকাশ কৰিছে। 
 
প্ৰতিৰক্ষা মুখপাত্ৰ কৰ্ণেল এ এছ ৱালিয়াই জনোৱা মতে, পুৱা প্ৰায় ১০ বজাত টাৱাঙৰ এক দূৰ্গম অঞ্চলত দূৰ্ঘটনাটো সংঘটিত হয়। হেলিকপ্টাৰখনত থকা পাইলট দুজনক ততাতৈয়াকৈ ওচৰৰ সামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল। 
কিন্তু, গুৰুতৰভাৱে আহত হোৱা এজন পাইলটে চিকিৎসাৰ সময়ত মৃত্যুমুখত পৰে।  আনজন পাইলট চিকিৎসাধীন হৈ আছে বুলি কৰ্ণেল ৱালিয়াই জনায়। দুৰ্ঘটনাৰ কাৰণ তাৎক্ষণিকভাৱে জানিব পৰা হোৱা নাই বুলিও তেওঁ কয়।
চলিত বৰ্ষৰ মাৰ্চ মাহত জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত দুৰ্ঘটনাগ্ৰস্ত হৈছিল সেনাৰ আন এখন চিতা হেলিকপ্টাৰ। সহযোগী পাইলটজন গুৰুতৰভাৱে আহত হোৱাৰ বিপৰীতে পাইলটজনৰ মৃত্যু হৈছিল। একেদৰে, যোৱা বছৰৰ শেষৰ ফালে তামিলনাডুত বায়ুসেনাৰ মি-১৭ ভি৫ চপাৰ দুৰ্ঘটনাত প্ৰাক্তন চীফ অৱ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱটৰ মৃত্যু হয়। ডিচেম্বৰ মাহত সংঘটিত হোৱা দুৰ্ঘটনাত ৰাৱাটৰ উপৰি তেওঁৰ পত্নীকে ধৰি আন ১২ জন আৰোহীৰ মৃত্যু হৈছিল।