সীমা সমস্যা সমাধানৰ ববে গৃহমন্ত্রী অমিত শ্বাহৰ ওচৰত অসম আৰু মেঘালয়ৰ প্ৰতিবেদন দাখিল

Story by  atv | Posted by  Munni Begum • 2 Years ago
অমিত শ্বাহৰ সৈতে হোৱা বৈঠকত হিমন্ত বিশ্ব শৰ্মা আৰু কনৰাড চাংমা
অমিত শ্বাহৰ সৈতে হোৱা বৈঠকত হিমন্ত বিশ্ব শৰ্মা আৰু কনৰাড চাংমা
নতুন দিল্লী
 
অসম আৰু মেঘালয়ৰ মাজৰ সীমা বিবাদ সমাধানৰ অৰ্থে ২৬ জানুৱাৰীৰ পিচত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ সৈতে বৈঠকত মিলিত হ'ব দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী। এইক্ষেত্ৰত দুয়োখন ৰাজ্যৰ চৰকাৰে দাখিল কৰা প্রতিবেদনসমূহ গৃহ মন্ত্রালয়ে পৰীক্ষা কৰাৰ পিচত বৃহস্পতিবাৰে গৃহমন্ত্রী অমিত শ্বাহৰ সৈতে এক বৈঠক অনুষ্ঠিত হয়।   
 
অসম আৰু মেঘালয়ৰ মাজৰ সীমা বিবাদৰ বিষয়টো সন্দৰ্ভত অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই কেন্দ্রীয় গৃহমন্ত্রীক হিমন্ত সাক্ষাৎ কৰাৰ পিচত এই বিষয়ে অধিক আলোচনা কৰাৰ কাৰণে পৰৱৰ্তী বৈঠকৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই সাক্ষাতৰ সময়ত দুয়োগৰাকী মুখ্যমন্ত্রীয়ে ৰাজ্য দুখনৰ মাজৰ সীমা বিবাদ সমাধানৰ দিশত লাভ কৰা অগ্ৰগতিৰ বিষয়ে গৃহমন্ত্রী শ্বাহক অৱগত কৰে। ইয়াৰ লগতে বিষয়টো সন্দৰ্ভত ৰাজ্য চৰকাৰে গঠন কৰা আঞ্চলিক কমিটীৰ প্ৰতিবেদনৰ বিষয়েও কেন্দ্রীয় গৃহমন্ত্রীক জনোৱা হয়। 
 
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক টুইটত কয়, "মই নতুন দিল্লীত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ সৈতে গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিছিলো। আমি অসম আৰু মেঘালয় চৰকাৰৰ মাজত সীমান্ত বিবাদ সৌহাৰ্দ্যপূৰ্ণভাৱে সমাধান ৰখাৰ বাবে হোৱা আলোচনাৰ ফলাফলৰ বিষয়ে গৃহমন্ত্ৰীক অৱগত কৰিছো।"
সন্ধিয়া প্রায় ৬ বজাৰ পৰা কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ চৰকাৰী বাসভৱনত অনুষ্ঠিত এই বৈঠক এঘণ্টা ধৰি চলে আৰু বৈঠক সমাপ্তিৰ পিচত অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে যে উক্ত বৈঠকত দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে ৰাজ্য দুখনৰ মাজৰ সীমা বিবাদ সৌহার্দ্যপূর্ণভাৱে সমাধান কৰাৰ কাৰণে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে কেন্দ্রীয় গৃহমন্ত্রীক অৱগত কৰে। 
 
তদুপৰি এই বিষয়টো সন্দৰ্ভত দুয়োখন ৰাজ্যৰ মাজত এতিয়ালৈকে অনুষ্ঠিত আলোচনাসমূহ আৰু ইয়াৰ ফলাফলৰ বিষয়ে কেন্দ্রীয় গৃহমন্ত্রীক জনোৱা হয়।  
মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাই বৈঠকৰ বিষয়ে জানিবলৈ দি কয়, "তেওঁলোকে আঞ্চলিক কমিটীৰ প্রতিবেদনসমূহৰ বিষয়ে কেন্দ্রীয় গৃহমন্ত্রীক অৱগত কৰিছে। এই বৈঠকত ৰাজ্য দুখনৰ মাজৰ দীঘদিনীয়া এই সীমা সমস্যা সমাধান কৰাৰ কাৰণে দুয়োখ ৰাজ্যই যি উদ্যোগ গ্ৰহণ কৰিছে,সেয়াক  কেন্দ্রীয় গৃহমন্ত্রীয়ে শলাগ লয়।" 
মুখ্যমন্ত্রী চাংমাই লগতে কয়, "সীমা বিবাদৰ বিষয়টো সমাধান কৰাৰ কাৰণে আঞ্চলিক কমিটীয়ে দাখিল কৰা প্রতিবেদনসমূহ গৃহ মন্ত্রালয়ে পৰীক্ষা কৰাৰ অন্তত অহা ২৬ জানুৱাৰীৰ পিচত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রীয়ে পুনৰ কেন্দ্রীয় গৃহমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হ'ব।" 
উল্লেখযোগ্য যে এতিয়ালৈকে অসম আৰু মেঘালয়ৰ মাজৰ বিবদমান ১২টা এলেকাৰ ভিতৰৰে ৬টা এলেকাৰ ক্ষেত্ৰত দুয়োখন ৰাজ্য সহমতত উপনীত হৈছে। এই সমাধানসূত্রত দুয়োখন ৰাজ্যৰ কেবিনেটে অনুমোদন জনোৱাৰ পিচত ৰাজ্য দুখনৰ মুখ্যমন্ত্ৰীয়ে আজি কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰিছিল।