গুৱাহাটীত ২ লেনযুক্ত উৰণীয়া সেঁতু উদ্বোধন কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

Story by  atv | Posted by   Imtiaz Ahmed • 1 Years ago
ছাৰাভট্টী উৰণীয়া সেঁতু
ছাৰাভট্টী উৰণীয়া সেঁতু
গুৱাহাটী
 
অসমৰ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুক্ৰবাৰে গুৱাহাটীৰ আৰ্য্য নগৰৰ আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ সমীপত এখন ২ লেনযুক্ত উৰণীয়া সেঁতু উদ্বোধন কৰে।
 
মহানগৰীত যান-জঁট লাঘৱ কৰিবলৈ খোলা হ'ল ৭৯০ মিটাৰ দৈৰ্ঘ্যৰ এই উৰণীয়া সেঁতুখন। ইয়াক প্ৰায় ₹ ১৫০ কোটি ব্যয়েৰে নিৰ্মাণ কৰা হৈছে।
 
উল্লেখযোগ্য যে ২০২১ চনত ছাৰাভট্টীত ২ লেনযুক্ত উৰণীয়া সেঁতুখনৰ নির্মাণ কার্যৰ শুভ উদ্বোধনৰ সময়ত মুখ্যমন্ত্রী শর্মাই ছাৰাভট্টী চাৰিআলিত সেঁতুখনৰ প্রয়োজনীয়তাৰ গুৰুত্বৰ কথা আঙুলিয়াই দিছিল৷
"নতুন চিকিৎসা মহাবিদ্যালয়ৰ দুটা শাখা সংযোগ কৰিবলৈ গুৱাহাটীৰ আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয় পৰা নেপালী মন্দিৰলৈ এখন উৰণীয়া সেঁতু নিৰ্মাণ কৰা হ’ব। এটা ইউনিট এম এম চি এইচত আৰু আন এটা কলাপাহাৰ টি বি হাস্পতালত থাকিব। এই উৰণীয়া সেঁতুৱে চিকিৎসা মহাবিদ্যালয়খনৰ দুটা শাখাৰ মাজত দ্ৰুত সংযোগৰ সুবিধা প্ৰদান কৰিব," এইদৰে কৈছিল মুখ্যমন্ত্ৰী শৰ্মাই।
“ছুপাৰ-স্পেচিয়েলিটি হাস্পতাল এম এম চি এইচত থাকিব ইউৰ’লজী, কাৰ্ডিঅ’লজীৰ দৰে ৰোগৰ চিকিৎসাৰ সুবিধা। আনহাতে, কলাপাহাৰ টি বি চিকিৎসালয়ত ছাৰ্জাৰী, মেডিচিন আদি বিষয়ৰ চিকিৎসা কৰা হ’ব," শৰ্মাই লগতে কয়।
২ অক্টোবৰত একেটা পথতে এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া ভাৰত-দক্ষিণ আফ্ৰিকা টি-২০ খেলৰ মাত্ৰ কেইদিনমান আগতে যাতায়তৰ বাবে উৰণীয়া সেঁতুখনৰ মুকলি কৰা হয়।
সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, “আমি নিৰ্মাণ কাৰ্য ক্ষিপ্ৰ কৰাৰ সিদ্ধান্ত লৈছিছো আৰু বৰসাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ভাৰত-দক্ষিণ আফ্ৰিকা টি-২০ মেচখনৰ পূৰ্বে এই উৰণীয়া সেঁতুখন জনসাধাৰণৰ বাবে সাজু হ’ল।”
মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয়, "যান-জঁট পৰিহাৰ কৰাৰ বাবে সম্পূৰ্ণকৰণ ত্বৰান্বিত কৰাৰ সিদ্ধান্ত লোৱা হৈছিল কিয়নো বহুলোকে ২ বছৰৰ পিছত এখন ক্ৰিকেট খেল চাবলৈ ষ্টেডিয়ামলৈ যাব।"
উৰণীয়া সেঁতুখন সম্পূৰ্ণ কৰাৰ নিৰ্ধাৰিত সময় আছিল ৩০ মাহ। আগষ্ট, ২০২৩ ৰ ভিতৰত সম্পূৰ্ণ হ'ব লগা সেঁতুখন মাত্ৰ ২০ মাহত নিৰ্মাণ সম্পূৰ্ণ কৰা হৈছে।
 
মুখ্যমন্ত্ৰী শৰ্মাই ২০২৪ চনৰ বহাগ বিহুৰ আগত আৰ জি বৰুৱা ৰোড (জু ৰোড) টিনিয়ালীৰ উৰণীয়া সেঁতুখনও মুকলি কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।