ৰাজ্যজুৰি অসম আৰক্ষী দিৱস পালন

Story by  atv | Posted by  [email protected] • 1 Years ago
গুৱাহাটীৰ কাহিলীপাৰাস্থিত ৪ নং এ পি বি এনত কেন্দ্ৰীয়ভাৱে উদযাপিত অসম আৰক্ষী দিৱসৰ এক দৃশ্য
গুৱাহাটীৰ কাহিলীপাৰাস্থিত ৪ নং এ পি বি এনত কেন্দ্ৰীয়ভাৱে উদযাপিত অসম আৰক্ষী দিৱসৰ এক দৃশ্য
গুৱাহাটী
 
অসম আৰক্ষীৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি অসম আৰক্ষী দিৱস হিচাপে ৰাজ্যৰ ভিন্ন প্ৰান্তত পালন কৰা হয়। গুৱাহাটীৰ কাহিলীপাৰাস্থিত ৪ নং এ পি বি এনত কেন্দ্ৰীয়ভাৱে এই দিৱস উদযাপন কৰা হয়। 
 
অনুষ্ঠানত অসম চৰকাৰৰ মুখ্য সচিব আই এ এছ বিষয়া পবন কুমাৰ বৰঠাকুৰ মুখ্য অতিথি আৰু প্ৰধান সচিব আই এ এছ বিষয়া নিৰজ বাৰ্মা সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে। ইফালে, এই অনুষ্ঠানত অসম আৰক্ষীৰ মহিলা বেণ্ড মুকলি কৰা হয়।

২০২১–২০২২ বৰ্ষৰ বাবে অসম আৰক্ষীৰ মুঠ ২৬১ গৰাকী আৰক্ষী বিষয়াই লাভ কৰিছে সঞ্চালক প্ৰধান আৰক্ষীৰ (ডি জি পি) প্ৰশংসা পদক। এটা চৰকাৰী নিৰ্দেশত কোৱা হৈছে যে পদকসমূহ (সোণ আৰু ৰূপ) তেওঁলোকৰ “অসাধাৰণ যোগ্যতাসম্পন্ন কৰ্ম”ৰ বাবে আগবঢ়োৱা হৈছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষী দিৱস উপলক্ষে অসম আৰক্ষীৰ বিষয়া আৰু জোৱানসকলক শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ কয় যে 'জনহিত জনসেৱাৰ্থে'ৰ লক্ষ্যৰে অসম আৰক্ষীৰ সাহসী বিষয়া-জোৱানসকলে নাগৰিকৰ জীৱন আৰু সম্পত্তি ৰক্ষা কৰি আছে।
ৰাজ্যবাসীৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে জীৱন ত্যাগ কৰা আৰক্ষী কৰ্মীসকললৈও মুখ্যমন্ত্ৰীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।