মানৱতাৰ বিৰল নিদৰ্শন দাঙি ধৰা আব্দুল আজিজক সহায়ৰ হাত বদৰুদ্দিন আজমলৰ

Story by  atv | Posted by  [email protected] • 1 Years ago
বদৰুদ্দিন আজমলৰ পৰা চেক গ্ৰহণ কৰা মুহূৰ্তত আব্দুল আজিজ
বদৰুদ্দিন আজমলৰ পৰা চেক গ্ৰহণ কৰা মুহূৰ্তত আব্দুল আজিজ
আৰিফুল ইছলাম / গুৱাহাটী
 
হজৰত মহম্মদ বিতৰ্কই দেশৰ ভিন্ন প্ৰান্তত সাম্প্ৰদায়িক হিংসাৰ সৃষ্টি কৰাৰ সময়তে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছিল অসমৰ এটা বিশেষ ভিডিঅ'। ভিডিঅ'টোত দেখা গৈছিল অসমৰ একতা,সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ ছবি। দুভৰিৰে খোজকাঢ়িব নোৱাৰা এজন বিশেষভাবে সক্ষম লোকে নিজৰ বাহনত কঢ়িয়াই নিছিল এগৰাকী এগৰাকী হিন্দু বৃদ্ধ মহিলাক। মানৱতাৰ বিৰল নিদৰ্শন দাঙি ধৰা এই ব্যক্তিগৰাকী আছিল আব্দুল আজিজ।
 
 
শাৰিৰীক অসুস্থতাৰ বাবে নিজে খোজ কাঢ়িব নোৱাৰিলেও আব্দুল আজিজে তেওঁৰ বিশেষ বাহনখনত বৃদ্ধ মহিলাগৰাকীক উঠাই নি সহায় কৰিছিল। বহু সময় ধৰি গাড়ীৰ বাবে অপেক্ষা কৰি অসহায় হৈ পৰা মহিলাগৰাকীক ধুবুৰীৰ মুছলমান ধৰ্মাৱলম্বী লোকজনে হাতেৰে পেডেল মাৰি চলোৱা বাহনখনত উঠাই গন্তব্য স্থানলৈ লৈ গৈছিল। 
 

কেইদিনমান পূৰ্বে সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰা এই ভিডিঅ'টোৱে আন বহুতৰ দৰে এ এই ইউ ডি এফৰ মূৰব্বী আৰু সাংসদ বদৰুদ্দিন আজমলৰো দৃষ্টি আকৰ্ষণ কৰিছিল। শাৰিৰীকভাৱে সক্ষম লোকজনৰ মহানুভৱতাত মুগ্ধ হৈ আজমলে বুধবাৰে দিছপুৰস্থিত চৰকাৰী বাসগৃহলৈ মাতি আনি আজিজক সম্বৰ্ধনা জ্ঞাপন কৰে। সাংসদগৰাকীয়ে আজিজৰ ভৰিৰ চিকিৎসাৰ বাবে ২ লাখ টকাৰ চেক প্ৰদান কৰাৰ লগতে দুই সন্তানক আজমল ফাউণ্ডেচনৰ অধীনত বিনামূলীয়ালৈ শিক্ষা প্ৰদান কৰাৰো দায়িত্ব লয়। 
 
জাতি-ধৰ্মৰ বিভেদ আৰু শাৰিৰীক অসুস্থতাৰ কথা চিন্তা নকৰি এগৰাকী অসহায় মহিলাক সহায়ৰ হাত আগবঢ়োৱা আব্দুল আজিজক সম্বৰ্ধনা জ্ঞাপন কৰি সাংসদ বদৰুদ্দিন আজমলে কয়;"সমগ্ৰ ভাৰতবৰ্ষতে শেহতীয়াকৈ আমি হিন্দু-মুছলমানৰ মাজত সংঘাত দেখিবলৈ পাই আছোঁ। এই সময়তে এই মানুহজনে নিজেৰ শাৰীৰিক দুৰ্বলতা থকাৰ পিছতো অন্য ধৰ্মৰ এগৰাকী মহিলাক নিজৰ বাহনত উঠাই ঘৰত থৈ আহিছে। এই দৃশ্যটো দেখা পাই মোৰ চকুপানী ওলাই গৈছে আৰু ভাবিছোঁ যে আজিও এনেকুৱা মানুহ আছে। তাৰপিছত আমি আজিজৰ লগত ফোনযোগে যোগাযোগ স্থাপন কৰিলোঁ। মই তাক সুধিলোঁ যে তুমি ইমান ভাল কাম কৰিছা তোমাক কি লাগে কোৱা। মই ভাবিছিলোঁ আমি তাক কিবা এটা ভাল পুৰস্কাৰ দিম। কিন্তু যেতিয়া আজিজ নিজৰ ভৰিৰ চিকিৎসাৰ খৰছৰ কথা ক'লে তেতিয়া মই আৰু মোৰ ভাতৃয়ে আলোচনা কৰি দিম বুলি প্ৰতিশ্ৰুতি দিলোঁ। আমি আজমল ফাউণ্ডেচন তৰফৰ পৰা আজিজক ২ লাখ টকাৰ এখন চেক দিছোঁ আৰু তাৰ দুটা সন্তানৰ শিক্ষাৰ দায়িত্বও লৈছোঁ।"
 
আব্দুল আজিজৰ মহানুভৱতা
 
"আজি আমি ইয়াৰ পৰা এটা বাৰ্তা পালোঁ যে আমি সকলোৱে মানৱ জাতি। ইয়াত হিন্দু,মুছলমান,খ্ৰীষ্টান বুলি কোনো বিভেদ নাই। এই বাৰ্তাটো সকলোৰে মাজত যাব লাগে। আশা কৰিছোঁ আজিজক দেখি আৰু বহু মানুহে প্ৰেৰণা পাব। আমাৰ আজমল ফাউণ্ডেচনৰ তৰফৰ পৰা প্ৰত্যেক বছৰে মেন অফ দ্যা ইয়েৰ(বৰ্ষশ্ৰেষ্ঠ লোক) ঘোষণা কৰোঁ আৰু আমি এইবছৰৰ মেন অফ দ্যা ইয়েৰ সন্মান আব্দুল আজিজলৈ আগবঢ়াইছো। আব্দুল আজিজ মানৱতাৰ এক ডাঙৰ উদাহৰণ। আশা কৰিছোঁ বাহিৰত চিকিৎসা কৰি আব্দুল আজিজ সুস্থ হৈ উঠিব আৰু নিজ ভৰিৰে খোজকাঢ়িব পৰা হ'ব। " আজমলে এইদৰে কয়। 
 
পত্নীৰ সৈতে আব্দুল আজিজ
 
ইফালে, আজমল ফাউণ্ডেচনে আগবঢ়োৱা এই সহায়ৰ বাবে আব্দুল আজিজে বদৰুদ্দিন আজমলক ধন্যবাদ জ্ঞাপন কৰে। লগতে সুস্থ হৈ উঠাৰ পিছত তেওঁ পুনৰ সমাজ সেৱাৰ সৈতে জড়িত হৈ থকাৰ প্ৰতিশ্ৰুতি দিয়ে। 
 
বুধবাৰে আয়োজিত এক অনুষ্ঠানত সম্বৰ্ধনা আৰু চেক গ্ৰহণ কৰি আব্দুল আজিজে কয়; "আজি আজমল চাহাবে মোক যিখিনি মৰম দিছে, মই অত্যন্ত সন্তুষ্ট আৰু সুখী।  লকডাউনৰ মাজতে এটা দুৰ্ঘটনাত মোৰ ভৰি দুখন অচল হৈ পৰিছিল। সকলো অসমবাসীয়ে মোক যথেষ্ট মৰম দিছে। মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজমল চাহাবক মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁৰ সুস্বাস্থ্য কামনা কৰিছোঁ আৰু আশা কৰিছোঁ যাতে মোৰ নিচিনা বহু দুখীয়া মানুহক তেওঁ সহায় কৰিব পাৰে। মোক আশীৰ্বাদ কৰিব যাতে মই ভাল কুশলে চিকিৎসা কৰি উভতি আহিব পাৰোঁ।"