ত্ৰিপুৰাৰ পৌৰ নিৰ্বাচনত বিজেপিৰ বৃহৎ জয়

Story by  atv | Posted by   Imtiaz Ahmed • 2 Years ago
বিজেপি কৰ্মীসকলে দলৰ প্ৰাৰ্থীৰ বিজয় উদযাপন কৰিছে
বিজেপি কৰ্মীসকলে দলৰ প্ৰাৰ্থীৰ বিজয় উদযাপন কৰিছে
গুৱাহাটী
 
শাসকীয় ভাৰতীয় জনতা পাৰ্টীয়ে ত্ৰিপুৰাৰ পৌৰ নিৰ্বাচনত বৃহৎ জয় সাব্যস্ত কৰিছে। মুঠ ২২২ খন আসনৰ ২১৭ খন আসনত বিজেপি প্ৰাৰ্থীয়ে জয় লাভ কৰিছে। তিনিখন আসনত চিপিএম তথা এখ্নকৈ আসনত তৃণমুল কংগ্ৰেছ আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে জয় লাভ কৰিছে। 
 
ধৰ্মপুৰ, কুমাৰঘাট, খোৱাই, তেলীয়মুৰা, জিৰানীয়া, মেলাঘৰ, চোনামুৰা, অমৰপুৰ, চাব্ৰুম, বেলনীয়া আৰু আগৰতলা পৌৰ নিগমৰ বিজেপিয়ে ১০০ শতাংশ আসন জয় লাভ কৰাৰ বিপৰীতে আমবাচা, কৈলাচাহাৰ আৰু পানীচাগৰত এখনকৈ আসন চিপিএমৰ প্ৰাৰ্থীয়ে লাভ কৰিছে। তৃণমুল কংগ্ৰেছ আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে জয় লাভ কৰিছে।
 
আনহাতে উদয়পুৰ, শান্তিবাজাৰ, মোহনপুৰ, ৰানীৰ বাজাৰ, কমলপুৰ আৰু বিশালগড়ত বিজেপিৰ প্ৰাৰ্থী সকলে অপ্ৰতিদ্বন্দীতাৰে জয় লাভ কৰিছে।
 
২৫ নৱেম্বৰত (বৃহস্পতিবাৰে) মুঠ ৩৩৪ খন আসনৰ ভিতৰত ২২২ খন আসনৰ বাবে পৌৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল। বাকী ১১২ খন আসন শাসকীয় বিজেপিয়ে বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হৈছিল।    
অসমৰ মুখ্যমন্ত্ৰী আৰু নেডা (NEDA) আহ্বায়ক ডঃ হিমন্ত বিশ্ব শৰ্মাই ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ তথা ত্ৰিপুৰা বিজেপিক অভিনন্দন জ্ঞাপন কৰি কয় যে, বিজেপিৰ এই জয় লাভে আকৌ এবাৰ প্ৰাধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপৰত থকা আস্থাক প্ৰামান কৰিছে।