ফিফা বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানত আৰবী ভাষাত গান গাব বিহাৰৰ শ্বিৰীন আহমেদে

Story by  atv | Posted by  [email protected] • 1 Years ago
বিহাৰৰ শ্বিৰীন আহমেদ
বিহাৰৰ শ্বিৰীন আহমেদ

মহম্মদ আক্ৰম/বোধ গয়া (বিহাৰ)

নৱেম্বৰত কাটাৰৰ ৰাজধানী ডোহাত অনুষ্ঠিত হ’বলগীয়া ফিফা ফুটবল বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানত বিহাৰৰ এগৰাকী যুৱতীয়ে এটি আৰবী গীতত কণ্ঠ নিগৰাব।বিহাৰৰ বোধ গয়াৰ বাসিন্দা এই ১৬ বছৰীয়া যুৱতীগৰাকী হ'ল শ্বিৰীন আহমেদ।

‘মই অত্যন্ত সুখী যে অতি সোনকালে মোৰ আৰবী গীত সমগ্ৰ বিশ্বই শুনিবলৈ পাব।ইয়াৰ বাবে মই বহুত কষ্ট কৰি আছো,' তেওঁ কয়।শ্বিৰীনৰ পিতৃ মহম্মদ ছাকিল আহমেদৰ ঘৰ বেলভালাৱা গাঁৱত আৰু তেওঁ এটা ব্যক্তিগত কোম্পানীত কাম কৰে।একেদৰে মাতৃ শইনা আহমেদ এগৰাকী গৃহিণী।বৰ্তমান শ্বিৰীন আহমেদে আল মমিন কলেজত দ্বাদশ শ্ৰেণীত অধ্যয়ন কৰি আছে।তেওঁৰ দুজন ভাতৃ আছে।

আমোদজনক কথাটো হ’ল যে, প্ৰতিভাৱান যুৱতীগৰাকীয়ে কোভিড লকডাউনৰ সময়ছোৱাত ইণ্টাৰনেটৰ পৰা একাধিক ভাষাত গান গোৱাৰ কলা আয়ত্ব কৰিছিল।“প্ৰথম অৱস্থাত মই গুগলৰ পৰা ইংৰাজী ভাষাৰ গীতৰ অনুশীলন কৰিছিলোঁ।এদিন ছ’চিয়েল মিডিয়াত বাংগালুৰুৰ বাসিন্দা নন্দিতাৰ লগত কথা পাতিলোঁ৷ তেওঁ এটা সতেজ গীত লিখিছিল আৰু আমি ডুৱেট হিচাপে গাইছিলোঁ," শ্বিৰীন আহমেদে কয়।

তেওঁ পুনৰ উল্লেখ কৰে যে যে লকডাউনৰ সময়ছোৱাত তেওঁ ছ’চিয়েল মিডিয়াৰ জৰিয়তে ইংৰাজী, আৰবী, তুৰ্কী, স্পেনিছ, চীনা, জাপানী আৰু কোৰিয়ান গীত গোৱাৰ কলা শিকিছিল।

আৰম্ভণিতে অলপ অসুবিধা হৈছিল যদিও তেওঁ গান গোৱাৰ অনুশীলন কৰি থাকিল।বিভিন্ন ভাষাত গান গাই যুৱতীগৰাকীয়ে ৰাইজক আচৰিত কৰি তুলিছিল।তেতিয়াৰ পৰা শ্বিৰীনে পিছলৈ ঘূৰি চোৱা নাই।  এই সাফল্যৰ বাবে তেওঁ পৰিয়ালৰ সহায়ৰ শলাগ লৈছে।

ছ’চিয়েল মিডিয়াত তেওঁৰ ভিডিঅ’ দেখি বিদেশৰ কোম্পানীয়ে শ্বিৰীন আহমেদৰ সৈতে যোগাযোগ স্থাপন কৰিছে।ইটালী আৰু নেদাৰলেণ্ডৰ সংগীত কোম্পানীয়ে তেওঁৰ সৈতে সংগীতৰ কাম কৰাৰ আগ্ৰহ প্ৰকাশ কৰিছে।কিছুমান কোম্পানীও তেওঁৰ ঘৰলৈও আহিছিল।কিন্তু ভ্ৰমণৰ বাবে পাছপ’ৰ্ট নথকাৰ বাবে তেওঁ বহু সুযোগ হেৰুৱাইছে।

"এতিয়া মোৰ পাছপ'ৰ্ট সাজু হৈছে আৰু ফিফাৰ উদ্বোধনী অনুষ্ঠানত গান গোৱাৰ পিছত আৰু অধিক প্ৰস্তাৱ পোৱাৰ আশা কৰিছো।মই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দেশলৈ সন্মান কঢ়িয়াই আনিব বিচাৰো।" শ্বিৰীনে কয়।