গুৱাহাটীত উপস্থিত বলিউদৰ প্ৰখ্যাত অভিনেতা অনুপম খেৰ

Story by  atv | Posted by  [email protected] • 1 Years ago
অভিনেতা অনুপম খেৰ
অভিনেতা অনুপম খেৰ
গুৱাহাটী
 
শনিবাৰে বলীউদৰ প্ৰখ্যাত অভিনেতা তথা ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানৰ প্ৰাক্তন অধ্যক্ষ অনুপম খেৰ অসমত আহি উপস্থিত হয়। তেখেতে সামাজিক মাধ্যম টুইটাৰ আৰু ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰি এই কথা জনায়। 
 
তেওঁ টুইটাৰত শ্বেয়াৰ কৰা পোষ্টটোত উৰাজাহাজৰ ভিতৰৰ পৰা অসমৰ বাৰ্ড ভিউ এংগেলৰ পৰা (ওপৰৰ পৰা লোৱা দৃশ্য) দৃশ্যগ্ৰহণ কৰা এটা চমু ভিডিঅ’ শ্বেয়াৰ কৰে। লগতে তেওঁ লিখে, "ধুনীয়া আৰু সেউজীয়া গুৱাহাটীত অৱতৰণ কৰিলোঁ। মানুহ আৰু অসমৰ সংস্কৃতিক ভাল পাওঁ! জয় হো!" 
 
এই পোষ্টটোত তেওঁ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকো টেগ কৰে। প্ৰায় ডেৰ মিনিটৰ এই ভিডিঅ’টোত অসমৰ এখন সুন্দৰ দৃশ্য পৰিস্ফুট হৈছে।
আনহাতে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অভিনেতা অনুপম খেৰক অসমত স্বাগতম জনাই এটা ৰিপ্লাই পোষ্ট কৰে।