২০২০ চনৰ গৰু সৰবৰাহ গোচৰ; মমতা বেনাৰ্জীৰ ঘনিষ্ঠ অনুব্ৰত মণ্ডলক চিবিআইৰ গ্ৰেপ্তাৰ

Story by  atv | Posted by  [email protected] • 1 Years ago
মমতা বেনাৰ্জীৰ ঘনিষ্ঠ অনুব্ৰত মণ্ডল
মমতা বেনাৰ্জীৰ ঘনিষ্ঠ অনুব্ৰত মণ্ডল
কলকাতা
 
পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ঘনিষ্ঠ সহযোগী তথা টিএমচিৰ বীৰভূম জিলা সভাপতি অনুব্ৰত মণ্ডলক ২০২০ চনৰ এটা গৰু সৰবৰাহ গোচৰত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা(চিবিআই)ই গ্ৰেপ্তাৰ কৰিছে। বৃহস্পতিবাৰে পুৱা বীৰভূম জিলাৰ নিজা বাসগৃহৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰা হয়।
 
চিবিআইৰ এটা বৃহৎ দলে মণ্ডলক ডেৰ ঘণ্টাৰো অধিক সময় সোধা-পোছা কৰাৰ পিছত বাসগৃহৰ পৰা উঠাই লৈ যায়। শীঘ্ৰেই তেওঁৰ চিকিৎসা পৰীক্ষা কৰা হ’ব। তদন্ত সংস্থাই তৃণমূল কংগ্ৰেছৰ নেতাজনক গ্ৰেপ্তাৰ কৰি নিয়াৰ সময়ত তেওঁৰ ঘৰৰ বাহিৰত এক বিশাল জনসমাগম গোট খাইছিল। দিনটোৰ শেষৰ ফালে তেওঁক আছানছলৰ আদালতত হাজিৰ কৰাৰ সম্ভাৱনা আছে।
 
শিক্ষক নিযুক্তি কেলেংকাৰীত টিএমচি নেতা পাৰ্থ চেটাৰ্জীক গ্ৰেপ্তাৰ কৰাৰ কিছুদিন পিছতে মণ্ডলক গ্ৰেপ্তাৰ কৰাৰ ঘটনাই মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ চৰকাৰক জোকাৰি গৈছে। 
কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই মণ্ডলক গ্ৰেপ্তাৰ কৰাৰ পূৰ্বে ১০বাৰ চমন জাৰি কৰিছিল যদিও স্বাস্থ্যজনিত সমস্যাৰ কথা উল্লেখ কৰি তেওঁ আদালতত হাজিৰ হোৱা নাছিল। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় সংস্থাটোৱে গৰু সৰবৰাহ গোচৰৰ তদন্তৰ অংশ হিচাপে তেওঁক দুবাৰকৈ সোধা-পোছা কৰিছিল। কলকাতাৰ এছ এছ কে এম হাস্পতালে মণ্ডলক ভৰ্তি কৰাৰ প্ৰয়োজন নাই বুলি জনোৱাৰ পিছতে গ্ৰেপ্তাৰ কৰা হয়।
২০২০ চনত চিবিআইয়ে এফ আই আৰ ৰুজু কৰাৰ পিছতে গৰু চোৰাং কেলেংকাৰী গোচৰটোত তেওঁৰ নাম সাঙোৰ খাই পৰিছিল।চিবিআইৰ তথ্য অনুসৰি, ২০১৫ চনৰ পৰা ২০১৭ চনৰ ভিতৰত সীমান্ত পাৰ হৈ চোৰাংভাৱে সৰবৰাহ কৰি থকাৰ সময়ত সীমান্ত সুৰক্ষা বাহিনীয়ে ২০ হাজাৰৰো অধিক গৰু জব্দ কৰিছিল।