বিদ্ৰোহী সংগঠনক মূলসূতিলৈ উভতাই অনাত দিল্লী-দিশপুৰৰ বৃহৎ সাফল্য, ৮টা জনজাতীয় উগ্ৰপন্থী সংগঠনৰে শান্তি চুক্তি

Story by  atv | Posted by  [email protected] • 1 Years ago
 ৮টা জনজাতীয় উগ্ৰপন্থী সংগঠনৰে শান্তি চুক্তি অনুষ্ঠান, নতুন দিল্লীত
৮টা জনজাতীয় উগ্ৰপন্থী সংগঠনৰে শান্তি চুক্তি অনুষ্ঠান, নতুন দিল্লীত
নতুন দিল্লী
 
কেন্দ্ৰ আৰু অসম চৰকাৰে বৃহস্পতিবাৰে নতুন দিল্লীত অসমৰ ৮টা আদিবাসী উগ্ৰপন্থী সংগঠনৰ সৈতে ত্ৰিপাক্ষিক শান্তি চুক্তি স্বাক্ষৰ কৰে।
 
এই উপলক্ষে আয়োজিত অনুষ্ঠানত উপস্থিত থাকি গৃহমন্ত্ৰী অমিত শ্বাহে এই দিনটোক অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক গুৰুত্বপূৰ্ণ দিন বুলি অভিহিত কৰে। ‘অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এয়া এক গুৰুত্বপূৰ্ণ দিন। উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে মোদী চৰকাৰে বহু পদক্ষেপ গ্ৰহণ কৰিছে। অসমৰ আদিবাসী উগ্ৰপন্থী সংগঠনৰ প্ৰায় ১১০০ ব্যক্তিয়ে আজি আত্মসমৰ্পণ কৰি মূলসুঁতিলৈ উভতি আহিছে।’-শ্বাহে কয়।

তেওঁ লগতে কয়, ‘আমি বিচাৰো যে অসম আৰু উত্তৰ-পূব অঞ্চলটো ড্ৰাগছমুক্ত, সন্ত্ৰাসমুক্ত, বিবাদমুক্ত আৰু সম্পূৰ্ণ উন্নত হওক। এই দিশত মোদী চৰকাৰে কাম কৰি আছে।” শান্তি চুক্তি স্বাক্ষৰ কৰাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও উপস্থিত আছিল। শান্তি প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ ১০ বছৰৰ পাছত আঠটা আদিবাসী উগ্ৰপন্থী সংগঠন কেইটাৰ সৈতে আজি চুক্তি স্বাক্ষৰিত হয়।

শান্তি চুক্তি স্বাক্ষৰৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

আত্মসমৰ্পণ কৰা ৮টা বিদ্ৰোহী সংগঠন হ’লঃ বিৰছা কমাণ্ডো ফ’ৰ্চ (বি চি এফ), আদিবাসী পিপলছ আৰ্মী (এ পি এ), সদৌ আদিবাসী নেচনেল লিবাৰেচন আৰ্মী (এএএএনএলএ), আদিবাসী কোব্ৰা মিলিটাৰী অৱ অসম (এচিএমএ) আৰু ছান্থালী টাইগাৰ ফৰ্চ (এছটিএফ)। বাকী তিনিটা সংগঠন হৈছে বি চি এফ, এএএনএলএ আৰু এচিএমএৰ বিভক্ত গ্ৰুপ।
 
২০১২ চনৰ পৰা বিচিএফ), এপিএ,এএএনএলএ,এচিএমএ আৰু এছটিএফে চৰকাৰৰ সৈতে যুদ্ধবিৰতি কৰি আহিছে আৰু তেতিয়াৰ পৰা উগ্ৰপন্থী সংগঠনৰ কেডাৰসকলে নিৰ্দিষ্ট শিবিৰত থাকিবলগীয়া হৈছে।
পৰেশ বৰুৱা নেতৃত্বাধীন নিষিদ্ধ ঘোষিত আলফা স্বাধীনৰ কট্টৰপন্থী ফৈদ আৰু কমতাপুৰ লিবাৰেচন অৰ্গেনাইজেচনৰ বাহিৰে ৰাজ্যখনত সক্ৰিয় হৈ থকা আন সকলো বিদ্ৰোহী সংগঠনে চৰকাৰৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ কৰিছে। জানুৱাৰী মাহত তিৱা লিবাৰেচন আৰ্মী আৰু ইউনাইটেড গোৰ্খা পিপলছ অৰ্গেনাইজেচনৰ সকলো কেডাৰে অস্ত্ৰ-শস্ত্ৰসহ আত্মসমৰ্পণ কৰিছিল।
আগষ্ট মাহত কুকি জনজাতি সংঘৰ উগ্ৰপন্থীয়ে অস্ত্ৰ-শস্ত্ৰ ত্যাগ কৰিছিল। ২০২০ চনৰ ডিচেম্বৰ মাহত বডো উগ্ৰপন্থী সংগঠন এন ডি এফ বিৰ সকলো ফৈদৰ প্ৰায় ৪১০০ কেডাৰে প্ৰশাসনৰ সন্মুখত আত্মসমৰ্পণ কৰিছিল।