২১-২৯ ডিচেম্বৰলৈ অনুষ্ঠিত হ'ব তৃতীয় বৰ্গৰ পদৰ কম্পিউটাৰ পৰীক্ষা

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
গুৱাহাটী
 
ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ অধীনত ইতিপূর্বে লিখিত পৰীক্ষাৰ ফলাফল ঘোষণা হোৱা তৃতীয় বৰ্গৰ পদসমূহৰ বাবে অহা ২১ ডিচেম্বৰৰ পৰা ২৯ ডিচেম্বৰলৈ অনুষ্ঠিত হ'ব কম্পিউটাৰ পৰীক্ষা। এই পৰীক্ষাৰ বাবে আয়োগে লিখিত পৰীক্ষাত উত্তীর্ণ প্রার্থীসকলক তিনিটা গোটত ভাগ কৰিছে। 
 
মুঠ ২৫ নম্বৰৰ বাবে হ'বলগীয়া এই কম্পিউটাৰ পৰীক্ষাৰ সময় হ'ব ৪৫ মিনিট। বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক বা উচ্চ মাধ্যমিক উত্তীর্ণসকলক প্রথম কেটেগ'ৰী, স্নাতক ডিগ্ৰীধাৰীসকলক দ্বিতীয় কেটেগ'ৰী আৰু কম্পিউটাৰ বা লাইব্ৰেৰী ছায়েন্সসহ স্নাতক ডিগ্ৰীধাৰীক তৃতীয় কেটেগ'ৰী হিচাপে চিহ্নিত কৰি আয়োগে সেইমতে কম্পিউটাৰ পৰীক্ষাৰ দিন-বাৰ নির্দিষ্ট কৰিছে। 
এই পৰীক্ষা তিনি বেলা হ'ব। পুৱা ৯.৩০ বজাৰ পৰা বিয়লি ৩.৩০ বজাপর্যন্ত সময় ভাগ কৰা হৈছে কেটেগ'ৰীৰ ভিত্তিত। সেই তালিকাখন আৰু কেটেগ'ৰী পর্যায়ৰ পাঠ্যক্রম আজিৰ পৰা প্রার্থীসকলৰ জ্ঞাতার্থে ছেবাৰ ৱেবছাইট wwwsebaonline.orgত আপলোড কৰা হৈছে। 
আনহাতে প্রার্থীসকলে ছেবাৰ ৱেবছাইটৰ পৰাই অহা ১৪ ডিচেম্বৰৰ পৰা নিজৰ এডমিট কার্ডসমূহ ডাউনলোড কৰি ল'ব পাৰিব বুলি আয়োগৰ সচিবগৰাকীৰ নির্দেশনাত প্রকাশ হৈছে। আনহাতে তৃতীয় শ্ৰেণীৰ স্টেনোগ্রাফাৰ আৰু চালকৰ পদৰ ক্ষেত্রত প্রার্থীসকলৰ দক্ষতা সংক্রান্তীয় পৰীক্ষাৰ দিন-বাৰ পিচত ঘোষণা কৰা হ'ব।