অপৰাধীয়ে পাব আটাইতকৈ কঠোৰ শাস্তি: চণ্ডীগড় বিশ্ববিদ্যালয়ৰ ভিডিঅ’ গোচৰত কেজৰিৱাল

Story by  atv | Posted by  Munni Begum • 1 Years ago
অপৰাধীয়ে পাব আটাইতকৈ কঠোৰ শাস্তি: চণ্ডীগড় বিশ্ববিদ্যালয়ৰ ভিডিঅ’ গোচৰত কেজৰিৱাল
অপৰাধীয়ে পাব আটাইতকৈ কঠোৰ শাস্তি: চণ্ডীগড় বিশ্ববিদ্যালয়ৰ ভিডিঅ’ গোচৰত কেজৰিৱাল
নতুন দিল্লী
 
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দেওবাৰে কয় যে পঞ্জাৱৰ এখন ব্যক্তিগত বিশ্ববিদ্যালয়ৰ ছোৱালী হোষ্টেলৰ পৰা এক অশ্লীল ভিডিঅ’ প্ৰচাৰত জড়িত হৈ থকা সকলো দোষীয়ে আটাইতকৈ কঠোৰ শাস্তি পাব।
 
মুখ্যমন্ত্ৰী  কেজৰিৱালে এক টুইটত কয়, "চণ্ডীগড় বিশ্ববিদ্যালয়ত এগৰাকী ছোৱালীয়ে আন বহু ছোৱালী ছাত্ৰীৰ আপত্তিজনক ভিডিঅ' ৰেকৰ্ডিং কৰি ভাইৰেল কৰিছে। এয়া অতি গুৰুতৰ আৰু লজ্জাজনক ঘটনা। ইয়াৰ লগত জড়িত সকলো দোষীয়ে আটাইতকৈ কঠোৰ শাস্তি পাব। ভুক্তভোগী ছোৱালীৰ সাহস থাকিব লাগিব। সকলোৱে ধৈৰ্য্য সহকাৰে কাম কৰক।" 
কেজৰিৱালে ভুক্তভোগী ছাত্ৰ-ছাত্ৰীসকলক সাহস আৰু ধৈৰ্য্য ধৰিবলৈ অনুৰোধ জনাইছে। ইপিনে, লুধিয়ানা-চণ্ডীগড় পথত অৱস্থিত বিশ্ববিদ্যালয় চৌহদত প্ৰতিবাদ কৰি অহা ছাত্ৰ-ছাত্ৰীসকলক শান্ত হৈ থাকিবলৈ অনুৰোধ জনাইছে পঞ্জাৱৰ বিদ্যালয় শিক্ষা মন্ত্ৰী হৰজোত সিং বেইনছে লগতে দোষীক ক্ষমা কৰা নহ’ব বুলিও তেওঁ আশ্বাস প্ৰদান কৰিছে। 
ইয়াৰ পূৰ্বে ছাত্ৰীগৰাকীয়ে একাংশ মহিলা ছাত্ৰীৰ ভিডিঅ’ বনাই সেই ভিডিঅ’সমূহ চিমলাৰ এজন যুৱকলৈ প্ৰেৰণ কৰাৰ খবৰ ওলাইছিল। পিছত যুৱকজনে এই ভিডিঅ’সমূহ ছ’চিয়েল মিডিয়াত আপলোড কৰিছিল। বৰ্তমান ছাত্ৰীগৰাকীক আটক কৰি বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। 
পঞ্জাৱ আৰক্ষীৰ জ্যেষ্ঠ অধীক্ষক বিবেক ছোনীয়ে কয় যে, "তদন্ত অনুসৰি অভিযুক্ত ছাত্ৰীগৰাকীয়ে নিজাকৈহে এটা  ভিডিঅ' বনাইছিল। আন ছাত্ৰীৰ কোনো ভিডিঅ'প্ৰস্তুত কৰা হোৱা নাছিল। এতিয়ালৈকে এই সন্দৰ্ভত কোনো নিৰ্ভৰ্যোগ্য প্ৰমাণ ছাত্ৰী গৰাকীৰ বিৰুদ্ধে পোৱা হোৱা নাই। এই বিষয় সন্দৰ্ভত বহু ভুল তথ্য আৰু উৰাবাতৰি চলি আছে। আমি অভিযুক্ত ছাত্ৰীগৰাকীৰ অত্মসন্মানক উচিত মৰ্যাদা দিয়া উচিত। আমি অতি গুৰুত্ব সহকাৰে এই বিষয়টোৰ তদন্ত কৰি আছো।"