মণিপুৰৰ ভূমিস্খলনত নিহতৰ সংখ্যা ২৫ লৈ বৃদ্ধি

Story by  atv | Posted by  Munni Begum • 1 Years ago
মণিপুৰৰ ভূমিস্খলন
মণিপুৰৰ ভূমিস্খলন
গুৱাহাটী
 
মণিপুৰৰ নোনি জিলাত হোৱা বিধ্বংসী ভূমিস্খলনত নিহতৰ সংখ্যা ২৫ লৈ বৃদ্ধি পাইছে। শনিবাৰে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (এন ডি আৰ এফ), আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ নতুন দলে ভূমিস্খলনৰ ফলত মাটিৰ তলত সোমাই থকা লোকসকলৰ সন্ধানত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।
 
বুধবাৰে আৰু বৃহস্পতিবাৰে মাজনিশা টুপুল ৰে'ল ষ্টেচনৰ ওচৰত নিয়োজিত ভাৰতীয় সেনাৰ ১০৭ টেৰিটৰিয়েল সেনাৰ কোম্পানীৰ অৱস্থানৰ ওচৰত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছিল। 
এতিয়ালৈ ১৩ জন টেৰিটৰিয়েল সেনা জোৱান আৰু পাঁচজন সাধাৰণ লোকক সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হৈছে। আনহাতে বৰ্তমানলৈ ১৮ জন টেৰিটৰিয়েল সেনা জোৱান আৰু ৬ জন সাধাৰণ লোকৰ নশ্বৰ দেহ উদ্ধাৰ কৰা হৈছে। সন্ধানহীন ১২ জন টেৰিটৰিয়েল সেনা জোৱান আৰু ২৬ জন অসামৰিক লোকৰ সন্ধান এতিয়াও অব্যাহত আছে।
ইয়াৰ পূৰ্বে শুকুৰবাৰে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে ননি জিলাত হোৱা ভূমিস্খলনক ৰাজ্যখনৰ ইতিহাসৰ আটাইতকৈ দূৰ্ভাগ্যজনক ঘটনা বুলি অভিহিত কৰিছে। সিঙে কয়, "এইটো ৰাজ্যখনৰ ইতিহাসৰ আটাইতকৈ দূৰ্ভাগ্যজনক ঘটনা। মাটিৰ বাবে সকলো মৃতদেহ উদ্ধাৰ কৰিবলৈ ২-৩ দিনৰ সময়ৰ প্ৰয়োজন হব।" 
 
ইফালে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ সৈতে মণিপুৰত নেৰানেপেৰা বৰষুণৰ ফলত হোৱা ভূমিস্খলন পৰিস্থিতিৰ পৰ্যালোচনা কৰিছিল আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা সম্পূৰ্ণ সাম্ভাব্য সমৰ্থনৰ আশ্বাসল্প্ৰদান কৰিছিল।