ডাক বিভাগে বিক্ৰী কৰিলে এক কোটিতকৈ অধিক ৰাষ্ট্ৰীয় পতাকা

Story by  atv | Posted by  [email protected] • 1 Years ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো

নতুন দিল্লী

ডাক বিভাগে দহ দিনৰ ভিতৰতে ডাকঘৰৰ লগতে অনলাইনযোগে এক কোটিৰো অধিক ৰাষ্ট্ৰীয় পতাকা বিক্ৰী কৰিছে।যোগাযোগ মন্ত্ৰালয়ৰ মতে, ডাক বিভাগে ১.৫ লাখ ডাকঘৰৰ সৰ্বব্যাপী নেটৱৰ্কৰ জৰিয়তেদেশৰ প্ৰতিজন নাগৰিকলৈ হৰ ঘৰ ত্ৰিৰংগাকাৰ্যসূচী লৈ গৈছে।

এই পতাকা সমূহ বিভাগে অতি কম মূল্যত বিক্ৰী কৰিছে৷ অনলাইন বিক্ৰীৰ বাবে বিভাগে সমগ্ৰ দেশৰ যিকোনো ঠিকনাত বিনামূলীয়াকৈ দুৱাৰমুখতে ডেলিভাৰীৰ ব্যৱস্থা কৰিছে। ই-প’ষ্ট কাৰ্যালয়ৰ সুবিধাৰ জৰিয়তে নাগৰিকে অনলাইনযোগে ১.৭৫ লাখতকৈ অধিক পতাকা ক্ৰয় কৰিছে।

উল্লেখ্য যে, দেশজুৰি ৪.২ লাখ ডাক কৰ্মচাৰীয়ে চহৰ, নগৰ আৰু গাঁৱত, সীমান্ত অঞ্চলত, এল ডব্লিউ ই জিলাত, আৰু পাহাৰীয়া আৰু জনজাতীয় অঞ্চলত “হৰ ঘৰ ত্ৰিৰংগা”ৰ বাৰ্তা উৎসাহেৰে প্ৰচাৰ কৰিছে। ডিজিটেলভাৱে সংযুক্ত নাগৰিকসকলৰ মাজত এই কাৰ্যসূচীৰ বাৰ্তা প্ৰচাৰৰ বাবেও টুইটাৰ আৰু ফেচবুকৰ দৰে ছ’চিয়েল মিডিয়াৰ সঁজুলিসমূহ ব্যাপকভাৱে ব্যৱহাৰ কৰা হৈছে।

ডাকঘৰৰ জৰিয়তে ৰাষ্ট্ৰীয় পতাকা বিক্ৰী ২০২২ চনৰ ১৫ আগষ্টলৈকে মুকলিথাকিব।নাগৰিকসকলেওচৰৰ ডাকঘৰ বা ইপোষ্ট কাৰ্যালয়লৈ (epostoffice.gov.in) গৈ ৰাষ্ট্ৰীয় পতাকা লাভ কৰিব পাৰে। নাগৰিকসকলে পতাকাৰ সৈতে চেলফি তুলি www.harghartiranga.com ত আপলোড কৰি নিউ ইণ্ডিয়াৰ সৰ্ববৃহৎ উদযাপনৰ অংশীদাৰ হ’ব পাৰে।