'হু'ৰ সতৰ্কবাণীৰ পিছত ভাৰতত নিৰ্মিত কাহৰ ঔষধৰ বিৰুদ্ধে ড্ৰাগছ ব’ৰ্ডৰ তদন্তৰ নিৰ্দেশ

Story by  atv | Posted by  [email protected] • 1 Years ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
নতুন দিল্লী
 
বিশ্ব স্বাস্থ্য সংস্থাই ভাৰতত নিৰ্মিত চাৰিটা চৰ্দি আৰু কাহৰ চিৰাপৰ বিৰুদ্ধে সতৰ্কবাণী জাৰি কৰাৰ পিছতে কেন্দ্ৰীয় ঔষধ মানক নিয়ন্ত্ৰণ সংস্থাই (চিডিএছচিঅ’) এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাই বুধবাৰে আফ্ৰিকান দেশ গাম্বিয়াত ৬৬টা শিশুৰ মৃত্যুৰ সৈতে ভাৰতত নিৰ্মিত চাৰিটা চৰ্দি আৰু কাহৰ চিৰাপ জড়িত থকাৰ সন্দেহ ব্যক্ত কৰিছিল।
 
চৰকাৰী সূত্ৰৰ মতে, কেন্দ্ৰীয় ঔষধ মানক নিয়ন্ত্ৰণ সংস্থাই বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰি হাৰিয়ানাৰ ছ’নেপাটত অৱস্থিত মেডেন ফাৰ্মাচিউটিকেলছ লিমিটেডে প্ৰস্তুত কৰি গাম্বিয়ালৈ ৰপ্তানি কৰা কাহ আৰু চৰ্দিৰ চিৰাপৰ বিৰুদ্ধে এক বিস্তৃত তদন্তৰ নিৰ্দেশ দিছে। 
এক বিবৃতিত ভাৰত চৰকাৰে কয় যে, “চিডিএছচিঅ’ই বিশ্ব স্বাস্থ্য সংস্থাৰ অভিযোগক ডেৰ ঘণ্টাৰ ভিতৰতে গ্ৰহণ কৰি তাৎক্ষণিকভাৱে  বিষয়টো সংশ্লিষ্ট ৰাজ্যিক নিয়ন্ত্ৰণ কৰ্তৃপক্ষৰ ওচৰলৈ প্ৰেৰণ কৰে, যাৰ অধীনত ড্ৰাগছ প্ৰস্তুতকাৰী ইউনিটটো অৱস্থিত। ইয়াৰ উপৰিও হাৰিয়ানাৰ ৰাজ্যিক ড্ৰাগছ নিয়ন্ত্ৰক (সংশ্লিষ্ট ৰাজ্যিক ড্ৰাগছ নিয়ন্ত্ৰণ কৰ্তৃপক্ষ)ৰ সহযোগত বিষয়টোৰ তথ্য বা সবিশেষ নিৰ্ণয় কৰিবলৈ বিশদ তদন্ত আৰম্ভ কৰা হয়।"
প্ৰাথমিক তদন্ত অনুসৰি, এইটো প্ৰমাণিত হৈছে যে এম এছ মেডেন ফাৰ্মাচিউটিকেল লিমিটেড হ'ল ৰাজ্যিক ঔষধ নিয়ন্ত্ৰকৰ দ্বাৰা অনুজ্ঞাপত্ৰপ্ৰাপ্ত এটা প্ৰস্তুতকাৰী কোম্পানী।
ৰেফাৰেন্সৰ অধীনত থকা সামগ্ৰীসমূহৰ বাবে তেওঁলোকৰ নিৰ্মাণৰ অনুমতি আছে। বিবৃতিটোত কোৱা হৈছে যে কোম্পানীটোৱে এই সামগ্ৰীসমূহ কেৱল গাম্বিয়ালৈহে নিৰ্মাণ কৰি ৰপ্তানি কৰিছিল।
ইয়াত কোৱা হৈছে যে আমদানিকাৰী দেশখনে এই সামগ্ৰীসমূহ গুণগত মানৰ পৰিমাপৰ ওপৰত পৰীক্ষা কৰাটো এটা প্ৰথা, আৰু দেশত ব্যৱহাৰৰ বাবে মুকলি কৰাৰ পূৰ্বে সামগ্ৰীসমূহৰ মানদণ্ডৰ বিষয়ে নিজে সন্তুষ্ট হ'ব লাগে। সূত্ৰসমূহে জনোৱা মতে, বিশ্ব স্বাস্থ্য সংস্থাই লাভ কৰা আংশিক ফলাফল অনুসৰি পৰীক্ষা কৰা ২৩টা নমুনাৰ ভিতৰত চাৰিটা নমুনাত নিৰ্দেশ অনুসৰি ডাইথাইলিন গ্লাইকল বা ইথিলিন গ্লাইকল থকা দেখা গৈছে।
অদূৰ ভৱিষ্যতে বিশ্ব স্বাস্থ্য সংস্থাক বিশ্লেষণৰ প্ৰমাণ পত্ৰ উপলব্ধ কৰা হ’ব আৰু বিশ্ব স্বাস্থ্য সংস্থাই ভাৰতৰ সৈতে ভাগ-বতৰা কৰিব বুলিও সংস্থাই অৱগত কৰিছে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। তেওঁলোকে কয় যে মৃত্যুৰ কাৰণ প্ৰতিষ্ঠা কৰাৰ প্ৰতিবেদনখন অতি সোনকালে চিকিৎসা সামগ্ৰীৰ ফটো, লেবেলৰ সৈতে শ্বেয়াৰ কৰিবলৈ বিশ্ব স্বাস্থ্য সংস্থাক অনুৰোধ জনোৱা হৈছে।