১০ জুলাইত পালন কৰা হব ঈদ-উজ জোহা

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
গুৱাহাটী 
 
অহা ১০ জুলাই দেওবাৰে সমগ্র ভাৰতবৰ্ষৰ লগতে অসমতো পালন কৰা হব ঈদ-উজ জোহা। শুকুৰবাৰে এক বিবৃতিৰ জৰিয়তে কেন্দ্রীয় হিলাল কমিটী, অসমৰ সভাপতি মৌলানা ফখৰুদ্দিন আহমদ কাছিমী আৰু সম্পাদক প্রধান আলহাজ ইমদাদ হুছেইনে এই কথা জনাইছে। একে বিবৃতিতে কমিটীৰ তৰফৰ পৰা সদৌ অসমবাসী ৰাইজলৈ ঈদ মোবাৰক জনাইছে। 
 
সমাগত ঈদ-উল জোহাৰ কোৰবানিত যি জন্তু ব্যৱহাৰ কৰিলে কাৰো অনুভূতিত আঘাত নপৰে, তেনে জন্ম ব্যৱহাৰ কৰিবলৈ ইছলামধৰ্মী লোকসকলক আহ্বান জনাইছে অসম ৰাজ্যিক জমিয়ত উলেমাৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলে। শুকুৰবাৰে এক বিবৃতিত এই আহ্বান জনাই ৰাজ্যিক জমিয়তৰ সভাপতি গৰাকীয়ে লগতে উল্লেখ কৰিছে কোৰবানি সামর্থ্যবান মুছলমানৰ বাবে অৱশ্য পালনীয় কৰ্তব্য আৰু এই কোবানিৰ বাবে উট, ছাগলী, গৰু, ম'হ ভেড়া আদি জন্তু ব্যৱহাৰ কৰাৰ নিয়ম আছে। 
তেওঁ কয় যে, ভাৰত এখন বিভিন্ন জাতি, জনগোষ্ঠী, ধর্মাৱলম্বী লোকৰ দেশ। এই দেশৰ অধিকাংশ লোক সনাতন ধর্মাৱলম্বী। সনাতন ধর্মত গৰু এবিধ পূজনীয় জন্তু। গাই গৰুক এই দেশৰ সংখ্যাগুৰু মানুহে মাতৃসম জ্ঞান কৰে। এই কথালৈ লক্ষ্য কৰি ২০০৮ চনত ভাৰতৰ সৰ্ববৃহৎ ইছলামিক শিক্ষানুষ্ঠান দাৰুল উলুম দেওবন্দে ঈদ-উজ জেহাত পাৰ্যমানে কোৰবানি পর্বত গৰু ব্যৱহাৰ নকৰাৰ বাবে এটি ৰাজহুৱা আবেদন জনাইছিল।
আজমলে লগতে কয়, যিহেতু কোৰবানি গৰুৰে কৰিব লাগিবই বুলি কোনো বাধ্যবাধকতা নাই আৰু যিহেতু গৰুৰ সৈতে এই দেশৰ সংখ্যাগুৰু মানুহৰ ধৰ্মীয় আবেগ জড়িত, সেয়ে কোৰবানিৰ ঈদত বিকল্প জন্তুৰ ব্যৱহাৰ আদৰণীয়। সেয়ে সমাগত কোৰবানিৰ ঈদত যি জন্তু ব্যৱহাৰ কৰিলে। আমাৰ পবিত্র ধর্মীয় কৰ্ত্তব্য আদায় হয় আৰু কাৰো অনুভূতিত আঘাত নপৰে, তেনে জন্তু ব্যৱহাৰ কৰিবলৈ মই সবিনয়ে অনুৰোধ জনাইছো।"