হিন্দু-মুছলমানৰ বিভেদ নাইকীয়া কৰা, জাক-জমকতাবিহীন এখন ব্যতিক্ৰমী পূজা

Story by  atv | Posted by  Munni Begum • 1 Years ago
 জাক-জমকতাবিহীন এখন ব্যতিক্ৰমী পূজা
জাক-জমকতাবিহীন এখন ব্যতিক্ৰমী পূজা
মুকুট শৰ্মা / গুৱাহাটী 
 
প্ৰকৃতিৰ প্ৰাণোচ্ছল পৰিবেশৰ মাজত উদযাপিত সীমাহীন আনন্দ-উল্লাসৰ নামেই যেন শাৰদীয় দুৰ্গোৎসৱ। নিৰ্মল আকাশ, শুকুলা মেঘ, আহিনৰ নিয়ৰসনা শেৱালিয়ে মন-প্ৰাণ পুলকিত কৰাৰ এই সময়তে ধৰাৰ বুকুলৈ আহে দুৰ্গতিনাশিনী মা দূৰ্গা। দেৱী দূৰ্গাৰ বন্দনাৰে মুখৰিত হয় শৰতৰ আকাশ-বতাহ।
 
শাস্ত্ৰ মতে, আহিন মাহৰ শুক্ল পক্ষত বা চ'ত মাহৰ শুক্ল পক্ষত অনুষ্ঠিত হয় মা দূৰ্গাৰ পূজা-অৰ্চনা। দুৰ্গা পূজা হিন্দু সম্প্ৰদায়ৰ বৃহত্তম ধৰ্মীয় আৰু সামাজিক উৎসৱ হ’লেও কিন্তু এই উৎসৱ একতা-সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ উজ্জ্বল নিদৰ্শন হিচাপে চিহ্নিত হৈ আহিছে। ধৰ্মীয় বাধা আৰু প্ৰতিবন্ধকতা নেওচি সকলোৱে পূজাৰ আনন্দত বিলীন হোৱা দেখা যায়। 
শংকৰ-আজানৰ দেশ বুলি বিশেষ সুনাম থকা অসমত এনে বহু দূৰ্গা পূজা আছে, য’ত হিন্দু- মুছলমান উভয় সম্প্ৰদায়ৰ লোকে পূজা আয়োজনত আগভাগ লয়। বহু মুছলমান লোক পূজা পেণ্ডেল সজা, মুৰ্ত্তি নিৰ্মাণ আদি কামতো জড়িত হৈ থাকে। একেদৰে, অসমৰ বহু কেইখন পূজা কমিটিৰ সভাপতি অথবা সম্পাদকৰ দৰে গুৰুত্বপূৰ্ণ পদবীত মুছলমান সম্প্ৰদায়ৰ লোকে দায়িত্ব পালন কৰি থকাও আমি দেখিবলৈ পাওঁ। 
এইদৰে দূৰ্গতিনাশিনী মা দূৰ্গাৰ মন্ত্ৰোচ্চাৰণ আৰু ঢাক-ঢোলৰ শব্দই হিন্দু-মুছলমানৰ বিভেদ নাইকীয়া কৰা এখন উল্লেখ্যযোগ্য পূজা হ’ল ধুবুৰী জিলাৰ সাতগুৰিৰ ঐতিহ্যমণ্ডিত দূৰ্গা পূজা। মুছলমান জনবসতিৰে ভৰি থকা সাতগুৰি অঞ্চলত আয়োজিত জাক-জমকতাবিহীন এই পূজাভাগে সমাজলৈ শান্তি-সম্প্ৰীতি আৰু একতা-সংহতিৰ বাতাৱৰণ কঢ়িয়াই আনিছে। শতাধিক মুছলমান পৰিয়ালৰ বিপৰীতে মাত্ৰ ১০-১২টা হিন্দু পৰিয়াল থকা অঞ্চলটোত উভয় সম্প্ৰদায়ৰ লোকে একগোট হৈ দূৰ্গা পূজা আয়োজন কৰে।
 
সাতগুৰিৰ কালী মন্দিৰত থকা মহাদেৱৰ মুৰ্তি
 
“১৯৮৩ চনত অজয় মুখাৰ্জী নামৰ এগৰাকী ব্যৱসায়ীয়ে সাতগুৰিত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে এটা কালী মন্দিৰ স্থাপন কৰিছিল। ব্যৱসায়ৰ কামত সেই অঞ্চলটোৰে সদায় গাড়ীৰে অহা যোৱা কৰা ব্যক্তিজনে এদিন মা কালীক সপোনত দেখিছিল। ইয়াৰ পিছতে তেওঁ তাত কালী মন্দিৰটো স্থাপন কৰিছিল। ১৯৯৭ চনৰ পৰা এই মন্দিৰটোত দূৰ্গা পূজা পালন কৰি অহা হৈছে। অজয় মুখাৰ্জীৰ নেতৃত্বত তেতিয়া এখন পূজা কমিটি গঠন কৰা হৈছিল। এই ২১ জনীয়া কমিটিৰ ১১জন সদস্য হিন্দু আৰু ১০জন সদস্য মুছলমান সম্প্ৰদায়ৰ। কমিটিখনৰ প্ৰথম সভাপতি আৰু সম্পাদক আছিল ক্ৰমে মইজুদ্দিন হক আৰু অজয় মুখাৰ্জী,” পূজা কমিটিৰ বৰ্তমানৰ সম্পাদক বিপ্লৱ মুখাৰ্জীয়ে কয়।
তেওঁ পুনৰ জানিবলৈ দিয়ে যে সাতগুৰিৰ দূৰ্গা পূজাভাগ সম্পূৰ্ণৰূপে ধৰ্মীয় নীতি-নিয়ম পালন কৰি আধ্যাত্মিক ৰূপত পালন কৰা হয় আৰু ইয়াত কোনো বাহ্যিকতাৰ স্থান নাই। পূজা উপলক্ষে ইয়াত কোনো আকৰ্ষণীয় মণ্ডপ তৈয়াৰ কৰা নহয়। লগতে কোনো ৰং-বিৰঙী মেলাৰ আয়োজন কৰা নহয়। 
‘আমি ইয়াত সম্পূৰ্ণ আধ্যাত্মিক ৰূপত দূৰ্গা পূজা পালন কৰো। বাহ্যিকতাৰ পৰিৱৰ্তে প্ৰকৃত ৰীতি-নীতি অনুসৰণ কৰি মা দূৰ্গাৰ চৰণত সেৱা জনাও। পূজাৰ বাবে আমি ধৰ্মীয় নিয়ম অনুসৰি প্ৰয়োজন হোৱা ১০৮টা নীলা পদূম ফুল যিকোনো প্ৰকাৰে যোগাৰ কৰো। মহালয়াৰ দিনা আমি মা দূৰ্গাৰ আৱাহন কৰিছো, ষষ্ঠীত বৰণ সম্পন্ন হ’ব, সপ্তমীত চণ্ডীপাঠেৰে পূজা আৰম্ভ হ’ব। নৱমীৰ দিনা কুমাৰী পূজা, হোম-যজ্ঞৰে মাৰ চৰণত প্ৰাৰ্থনা জনাম। আমাৰ ইয়াত বলি-বিধানৰ কোনো পৰম্পৰা নাই,’ বিপ্লৱ মুখাৰ্জীয়ে কয়। 
 
সাতগুৰিৰ কালী মন্দিৰৰ মুখ্যদ্বাৰ
 
মনকৰিবলগীয়া যে, আটকধুনীয়া মণ্ডপ তৈয়াৰ কৰি দৰ্শনাৰ্থীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ যিসময়ত ৰাজ্যৰ হাজাৰ হাজাৰ পূজা কমিটিয়ে চেষ্টা চলাই আছে, সেই সময়তে জাক-জমকতা অবিহণে আয়োজিত সাতগুৰিৰ দূৰ্গা পূজাত অঞ্চলটোৰ মুছলমান লোকসকলেও শৰাই আগবঢ়াই, প্ৰসাদ খাই আৰু ছাগলী আদি উৎসৰ্গা কৰি মনোকামনা পূৰণৰ বাবে মা দূৰ্গাক প্ৰাৰ্থনা জনায়। 
“সাতগুৰিৰ কালী মন্দিৰত প্ৰতিবছৰে সম্পন্ন হোৱা দূৰ্গা পূজাভাগ আমাৰ পিতৃ মইজুদ্দিন হক আৰু অজয় মুখাৰ্জীয়ে আৰম্ভ কৰিছিল। দেউতাৰ মৃত্যুৰ পিছৰ পৰা মই পূজা কমিটিৰ সভাপতিৰ দায়িত্ব পালন কৰি আছো। মন্দিৰ থকা স্থানৰ চাৰিওফালে মুছলমান মানুহ আছে। তাৰ পৰা প্ৰায় ২ কিলোমিটাৰ দূৰতহে কেইটামান ৰাজবংশী হিন্দু পৰিয়াল আছে। তেওঁলোকৰ দুজন পূজাৰীয়ে মন্দিৰটো চোৱা-চিতা কৰে আৰু আমি তেওঁলোকক সহায় কৰো,” পূজা কমিটিৰ সভাপতি ছামছুল হকে কয়। 
তেওঁ জানিবলৈ দিয়া অনুসৰি, বহু অলৌকিতকাৰে ভৰা এই মন্দিৰটোত প্ৰায় ৭ বছৰ পূৰ্বে পিতলৰ স্থায়ী দূৰ্গা মূৰ্তি স্থাপন কৰা হৈছে। স্থানীয় হিন্দু-মুছলমান লোকসকলে নিজৰ সামৰ্থ অনুসৰি অৰিহণা আগবঢ়াই পিতলৰ দূৰ্গা মূৰ্তি প্ৰতিষ্ঠা কৰিছে। তেতিয়াৰে পৰা পিতলৰ স্থায়ী প্ৰতিমূৰ্তিৰ সন্মুখত ধৰ্মীয় পৰম্পৰা আৰু আধ্যাত্মিকতা ৰক্ষা কৰি পূজাভাগ চলি আহিছে।