নতুন দিল্লী
বিজেপিৰ নিলম্বিত নেতা নুপুৰ শৰ্মাই দেশবাসীৰ ওচৰত ক্ষমা খোজা উচিত। হজৰত মহম্মদক লৈ আপত্তিজনক মন্তব্যৰে সমগ্ৰ দেশত উত্তেজনা বিয়পোৱাৰ বাবে নুপুৰক দোষাৰোপ কৰি এই মন্তব্য আগবঢ়াইছে দেশৰ উচ্চতম ন্যায়ালয়ে। ন্যায়ালয়ে শুকুৰবাৰে কয় যে, বিজেপিৰ প্ৰাক্তন নেত্ৰীগৰাকীয়ে গোটেই দেশবাসীৰ ওচৰত ক্ষমা খুজিব লাগে।
"তেওঁ সমগ্ৰ দেশত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰিছে, দেশত যি ঘটি আছে তাৰ বাবে এই ভদ্ৰ মহিলাগৰাকী এককভাৱে দায়ী। জিভা পিছল খাই তেওঁ কোৱা কথাই সমগ্ৰ দেশতে জুই জ্বলাই দিছে আৰু ফলত উদয়পুৰৰ দৰে দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হ'ল।' সৰ্বোচ্চ ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশে এইদৰে কয়।
ন্যায়াধীশ সূৰ্যকান্ত আৰু জে.বি.পাৰদিৱালাক লৈ গঠিত এখন বিচাৰপীঠে শৰ্মাক দায়িত্বহীন মন্তব্য কৰাৰ বাবে কঠোৰ সমালোচনা কৰি এই গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে।
ন্যায়াধীশ সূৰ্য্য কান্তে কয়, "আমি তেওঁক কেনেকৈ উচটনি দিয়া হৈছিল সেই সম্পৰ্কে বিতৰ্ক দেখিছিলো। কিন্তু তেওঁ এই সকলোবোৰ কোৱাৰ ধৰণ আৰু পিছত তেওঁ এগৰাকী অধিবক্তা বুলি কোৱাৰ ধৰণটো অত্যন্ত লজ্জাজনক। তেওঁ সমগ্ৰ দেশৰ ওচৰত ক্ষমা খুজিব লাগে।"
"তেওঁ কোনো দলৰ মুখপাত্ৰ হ'লে কি হ'ব। তেওঁ ভাবে যে তেওঁৰ হাতত ক্ষমতাৰ বেক আপ আছে আৰু দেশৰ আইনক সন্মান নকৰাকৈ যিকোনো বক্তব্য দিব পাৰে?"-উচ্চতম ন্যায়ালয়ে নুপুৰ শৰ্মাক লৈ এইদৰে অসন্তুষ্টি ব্যক্ত কৰে।
ইয়াৰ প্ৰত্যুত্তৰত বিজেপিৰ প্ৰাক্তন নেত্ৰীগৰাকীৰ অধিবক্তাই কয় যে নুপুৰ শৰ্মাই কেৱল টিভিৰ বিতৰ্কৰ সময়ত এংকৰে কৰা এটা প্ৰশ্নৰ উত্তৰ দিছিল। ইয়াৰ পিছত ন্যায়ালয়ে কয় যে তেতিয়াহ'লে এংকৰজনৰ বিৰুদ্ধেও গোচৰ ৰুজু হ’ব লাগিছিল।
উল্লেখ্য যে, অলপতে এক টিভি বিতৰ্কৰ সময়ত নুপুৰ শৰ্মাৰ চৰম আপত্তিজনক মন্তব্যই ভাৰতত ব্যাপক প্ৰতিবাদৰ সৃষ্টি কৰিছিল আৰু উপসাগৰীয় কেইবাখনো দেশে ভাৰতীয় কূটনীতিবিদক মাতি তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছিল। বিজেপিয়ে এই বিতৰ্কৰ সময়তে নুপুৰ শৰ্মা আৰু নবীন জিন্দলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে। লগতে ভাৰত চৰকাৰে স্পষ্টকৈ প্ৰকাশ কৰে যে বিজেপিয়ে সকলো দেশৰ সকলো ধৰ্মক সমানে সন্মান কৰে।
ইফালে, নুপুৰ শৰ্মাই তেওঁৰ বিৰুদ্ধে দেশৰ ভিন্ন স্থানত ৰুজু হোৱা সকলো গোচৰ দিল্লীলৈ স্থানান্তৰ কৰিবলৈ উচ্চতম ন্যায়ালয়ক অনুৰোধ জনাইছিল যদিও তেওঁ এই আবেদন প্ৰত্যাহাৰ কৰিছে। দেশৰ বিভিন্ন ৰাজ্যৰ পৰা তেওঁ মৃত্যুৰ ভাবুকি লাভ কৰি থকাৰ বাবে সকলো গোচৰ দিল্লীলৈ স্থানান্তৰ কৰিবলৈ নুপুৰ শৰ্মাই সৰ্বোচ্চ ন্যায়ালয়ত আবেদন জনাইছিল।
FEATURED VIDEOS
Haj on foot
Sarjik Alam
Guru meeting
Azimullah Sheikh donates land for crematorium
Referee Jehrul Islam
Sakil Jamal shines
Bandiya - where women offer namaz with men
Birkuchi naamghar
Farhan