দুৰ্গা পূজাৰ প্ৰতিমা বিসৰ্জনৰ সময়ত আকস্মিক বানপানী বংগত; কেইবাজনক উটুৱাই লৈ যায়, ৮ জনৰ মৃত্যুৰ

Story by  atv | Posted by   Imtiaz Ahmed • 1 Years ago
মাল নদীত কিছুমান লোকক বানপানী্যে উটুৱাই লৈ যোৱাৰ দৃশ্য
মাল নদীত কিছুমান লোকক বানপানী্যে উটুৱাই লৈ যোৱাৰ দৃশ্য
নিউ জলপাইগুৰি
 
বুধবাৰে পশ্চিমবংগৰ জলপাইগুৰিত প্ৰতিমা বিসৰ্জনৰ সময়ত সংঘটিত হোৱা এক মৰ্মান্তিক দুৰ্ঘটনাত কমেও ৮ জন লোকে প্ৰাণ হেৰুৱাৰ বিপৰীতে আন কেইবাজনো সন্ধানহীন হৈ আছে।
 
এজন উচ্চপদস্থ বিষয়াই জনোৱা মতে, নিহতসকলৰ ভিতৰত চাৰিগৰাকী মহিলা। কালি নিশা প্ৰায় ৮ বজাত সংঘটিত হয় এই ঘটনা। মাল নৈত আকস্মিক বানে দুৰ্গা পূজাৰ প্ৰতিমা বিসৰ্জনৰ বাবে যোৱা কেইবাজনো লোকক উটুৱাই লৈ যায়।
 
খবৰ অনুসৰি বিজয়া দশমীৰ দিনা অনুষ্ঠিত হোৱা বিসৰ্জন অনুষ্ঠানত অংশ ল’বলৈ মাল নৈৰ পাৰত শতাধিক লোক সমবেত হৈছিল যেতিয়া এই মৰ্মান্তিক ঘটনাটো সংঘটিত হয়।
জলপাইগুৰি জিলাৰ দণ্ডাধীশ মৌমিতা গোদাৰাৰ উদ্ধৃতিৰে সংবাদ মাধ্যমে কয় যে, “হঠাতে আকস্মিক বানপানীৰ আহে আৰু মানুহ উটুৱাই লৈ যায়। এতিয়ালৈকে ৮ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু আমি প্ৰায় ৫০ জন লোকক জীৱিত অৱস্থাত উদ্ধাৰ কৰিছো।”
এই ঘটনাত সামান্য ভাবে আঘাতপ্ৰাপ্ত ১৩ জন লোকক ওচৰৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলিও তেওঁ লগতে কয়।
 
গোদাৰাই কয়, "এন ডি আৰ এফ, এছ ডি আৰ এফ, আৰক্ষী আৰু স্থানীয় প্ৰশাসনৰ দলে উদ্ধাৰ অভিযান চলাই আছে। সন্ধান দিনাৰ তলৰ ফালে অভিযান আৰম্ভ হৈছে।”
 
ইফালে, উদ্ধাৰ অভিযান চলি থকাৰ সময়তে মৃতকৰ সংখ্যা বৃদ্ধি হোৱাক লৈ ৰাজ্যৰ পিছপৰা শ্ৰেণীৰ কল্যাণ মন্ত্রী আৰু মাল বিধানসভা সমষ্টিৰ বিধায়ক বুলু চিক বৰাইকে আশংকা প্রকাশ কৰিছে৷
তেওঁ কয়, "ঘটনা সংঘটিত হোৱাৰ সময়ত মই সেই স্থানতে উপস্থিত আছিলো। পানীৰ সোঁত অতি প্ৰবল আছিল আৰু কেইবাজনো লোক উটুৱাই লৈ যায়। ঘটনাটো সংঘটিত হোৱাৰ সময়ত শতাধিক লোক উপস্থিত আছিল। কেইবাজনো এতিয়াও সন্ধানহীন হৈ আছে।”
বৰাইক আৰু অন্যান্য জ্যেষ্ঠ তৃণমূল কংগ্ৰেছ নেতাসকলে ঘটনাস্থলীলৈ গৈ সাহায্য আৰু উদ্ধাৰ অভিযানৰ বুজ লয়।
 
তদুপৰি ৰাজ্য বিধানসভাৰ বিৰোধী দলৰ নেতা সুবেন্দু অধিকাৰীয়ে চৰকাৰক উদ্ধাৰ অভিযান তীব্ৰতৰ কৰিবলৈ অনুৰোধ জনায়।
 
তেওঁ টুইট কৰি কয়, "জলপাইগুৰিৰ পৰা দুখজনক খবৰ আহিছে। দুৰ্গা পূজা বিসৰ্জনৰ সময়ত মাল নদীত আকস্মিক বানে বহু লোকক উটুৱাই লৈ যায়। এতিয়ালৈকে কম সংখ্যক লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। জলপাইগুৰি & @chief_west ৰ ডি এমক অনুৰোধ কৰিছো যে জৰুৰীভাৱে উদ্ধাৰ অভিযান বৃদ্ধি কৰক আৰু বিপদত পৰাসকলক সহায় আগবঢ়াওক।”