অসমত ঈদৰ নামাজৰ পূৰ্বে সংগ্ৰহ কৰা হ'ব বানসাহাৰ্য্য

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
আৰিফুল ইছলাম / গুৱাহাটী

কাইলৈ পবিত্ৰ ঈদ-উজ-জোহা। ত্যাগৰ উৎসৱ ঈদ-উজ-জোহা পালন কৰিবলৈ সাজু সমগ্ৰ বিশ্বৰ লগতে অসমৰ ইছলাম ধৰ্মাৱলম্বী লোকসকল। কিন্তু বানে বিধ্বস্ত কৰি যোৱা অসমৰ বিভিন্ন ঠাই এতিয়াও হোৱা নাই বানমুক্ত। লাখ লাখ লোক এতিয়াও বানৰ কবলত আছে। বহু অঞ্চলত যাতায়ত পৰ্যন্ত বিঘ্নিত হৈ আছে। এনে বিভীষিকাময় পৰিবেশৰ মাজতে অসমৰ মছজিদ তথা ইদগাহ সমিতি সমূহে লৈছে এক সুকীয়া পদক্ষেপ।
 
প্ৰত্যেক ঈদৰ সময়ত ঈদৰ নামাজ সমাপন হোৱাৰ পিছত বিভিন্ন কাৰণত দান-বৰঙণি আগবঢ়াই ইছলাম ধৰ্মাৱলম্বী লোকসকলে। অইন বাৰৰ দৰে এইবাৰো ইছলাম ধৰ্মাৱলম্বী লোকসকলে আগবঢ়াব দান-বৰঙণি। কিন্তু বিশেষকৈ এইবাৰ ঈদত ইছলাম ধৰ্মাৱলম্বী লোকসকলে অসমৰ বানপীড়িত ৰাইজৰ বাবে সাহাৰ্য্য আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে অসমৰ প্ৰত্যেক মছজিদ তথা ঈদগাহ সমিতি সমূহক গুৱাহাটীৰ আমবাৰীস্থিত বুঢ়া জামে মছজিদ সমিতিৰ সম্পাদক নিজামূল হকে  বানপীড়িত ৰাইজৰ বাবে সাহাৰ্য্য আগবঢ়োৱাৰ বাবে আহ্বান জনায়।
 
 
বুঢ়া জামে মছজিদ সমিতিৰ সাধাৰণ সম্পাদক নিজামুল হকে কয়; "ঈদ-উজ-জোহাৰ প্ৰস্তুতি পূৰ্বৰ দৰেই আছে। প্ৰত্যেকবাৰ আমি বিভিন্ন কাৰণত নামাজৰ আগত দান-বৰঙণি সংগ্ৰহ কৰোঁ। কবৰস্থান, মছজিদ, দুখীয়া, অনাথ আদিৰ বাবে আমি সাহাৰ্য্য সংগ্ৰহ কৰোঁ। কিন্তু এইবাৰ যিহেতু অসমৰ বান পৰিস্থিয়ে সকলোকে প্রভাবিত কৰিছে। সমগ্ৰ অসমৰ লাখ লাখ লোকক আৰ্থিক ভাৱে জুৰুলা কৰি পেলাইছে। এইবাৰ নতুনকৈ আমি বান সাহাৰ্য্যৰ নামত দান-বৰঙণি সংগ্ৰহ কৰিম আৰু বানে বিধ্বস্ত কৰা অঞ্চলসমূহৰ লোকসকলৰ বাবে প্ৰেৰণ কৰিম।"
"বানপীড়িত ৰাইজক সহায় কৰাৰ বাবে আমি সমগ্ৰ অসমৰ মছজিদ তথা ইদগাহ সমিতি সমূহক আহ্বান জনাইছোঁ। লগতে সমগ্ৰ অসমৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে যাতে বান সাহাৰ্য্যৰ নামত মুক্ত হস্তে দান কৰে তাৰেই আহ্বান জনাইছোঁ। কুৰবাণী ঈদত পবিত্ৰ মনেৰে যেনেকৈ কুৰবাণী কৰা হয় ঠিক তেনেকৈ বান সাহাৰ্য্যও এক প্ৰকাৰৰ উৎকৃষ্ট কুৰবাণী," বুঢ়া জামে মছজিদৰ সাধাৰণ সম্পাদক হকে কয়।
অইন বাৰৰ দৰে এইবাৰো গুৱাহাটীৰ বুঢ়া জামে মছজিদত ঈদ-উজ-জোহাৰ নামাজ সমাপন কৰা হ'ব। ১০ জুলাই ৰবিবাৰে পুৱা ৮ বজাত অনুষ্ঠিত হ'ব ঈদ-উজ-জোহাৰ নামাজ। ঈদ-উজ-জোহাৰ নামাজত ইমামতি কৰিব বুঢ়া জামে মছজিদৰ স্থায়ী ইমাম মৌলানা হাফিজ আনোৱাৰ হুছেইনে।
 
ৰাজ্যত হোৱা বানপানীৰ এক দৃশ্য
 
ঈদ-উজ-জোহাৰ দোৱা সম্পৰ্কে উল্লেখ কৰি বুঢ়া জামে মছজিদৰ ইমাম মৌলানা হাফিজ আনোৱাৰ হুছেইনে কয়; "ঈদ-উজ-জোহাত আমি কুৰবাণী কৰোঁ আৰু কুৰবাণীৰ অৰ্থ হৈছে ত্যাগ কৰা। ঈদৰ নামাজৰ পিছত আমি সমগ্ৰ বিশ্বৰ শান্তি-সম্প্ৰীতিৰ বাবে দোৱা কৰিম। আমি বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত মিলাপ্ৰীতিৰ বাবে আল্লাহৰ ওচৰত দোৱা কৰিম। এইবাৰ ঈদৰ নামাজৰ সময়ত বানপানীৰ  সাহাৰ্য্যৰ বাবেও দান-বৰঙণি আগবঢ়োৱা হ'ব। সকলোৱে যাতে বানপীড়িতসকলক সহায় কৰে তাৰ বাবেও আহ্বান জনাম। লগতে বানবিভীষিকাৰ পৰা যাতে সকলোৱে ৰক্ষা পাই তাৰবাবেও আমি আল্লাহৰ ওচৰত দোৱা কৰিম।"
উল্লেখযোগ্য যে গুৱাহাটীৰ বুঢ়া জামে মছজিদৰ লগতে দিছ্পুৰস্থিত ৰাজধানী মছজিদ, নুনমাটি মছজিদ, চান্দমাৰী মছজিদ, ইছলামপূৰ ঈদগাহ, গুৱাহাটী ঈদগাহ সমিতি (মাছখোৱা), আঠগাঁও ঈদগাহ সমিতিয়েও ঈদৰ নামাজৰ পূৰ্বে বানপীড়িত লোকসকলৰ দান-বৰঙণি সংগ্ৰহ কৰিব। 
উল্লেখযোগ্য যে ঈদ-উজ-জোহাত বিভিন্ন বৰ্ননা অনুযায়ী, আল্লাহে ইছলামৰ নবী হজৰত ইব্ৰাহীম(আঃ)ক সপোনত তেওঁৰ আটাইতকৈ প্ৰিয় বস্তু কোৰবাণী কৰাৰ নিৰ্দেশ দিয়ে। এই আদেশ অনুযায়ী হজৰত ইব্ৰাহীম(আঃ)ৰ আটাইতকৈ প্ৰিয় পু্ত্ৰ ইছমাইলক কোৰবাণ কৰাৰ বাবে ইংগিত কৰা হৈছিল। পাছত তেওঁ আল্লাহৰ আদেশ পালন কৰিবলৈ প্ৰস্তুত হোৱাত আল্লাহে তেওঁক তেনে কৰিবলৈ বাধা দিয়ে আৰু পুত্ৰৰ পৰিৱৰ্তে পশু কুৰবাণীৰ নিৰ্দেশ দিয়ে। এই ঘটনাক স্মৰণ কৰি গোটেই বিশ্বৰ ইছলাম ধৰ্মাৱলম্বী লোক সকলে প্ৰতি বছৰে এই দিৱস পালন কৰে। হিজৰী বৰ্ষপঞ্জী হিচাপে জিলহজ্জ্ব মাহৰ ১০ তাৰিখৰ পৰা আৰম্ভ কৰি ১২ তাৰিখলৈ ৩ দিন ধৰি ঈদ-উজ-জোহা পালন কৰা হয়। হিজৰী চন্দ্ৰ বছৰৰ গণনা অনুযায়ী ঈদ-উল-ফিতৰ আৰু ঈদ-উজ-জোহা মাজত ২ মাহ ১০ দিনৰ ব্যৱধান থাকে। দিনৰ হিচাপত সৰ্বোচ্চ ৭০ দিন হ’ব পাৰে।