মালিক আছঘৰ হাচমী
প্ৰায় ১.৫ বিলিয়ন জনসংখ্যাৰ দেশ ভাৰত বিশ্বৰ ভিতৰতে দ্ৰুতগতিত বৃদ্ধি পোৱা ইণ্টাৰনেট ব্যৱহাৰকাৰী দেশসমূহৰ ভিতৰত অন্যতম। দিল্লীৰ হুলস্থূলীয়া পৰিৱেশৰ পৰা আৰম্ভ কৰি ৰাজস্থানৰ মৰুভূমি আৰু অসমৰ সেউজীয়া পৰিৱেশলৈকে; সকলোতে সকলো বয়সৰ লোকে গুগলত কিবা নহয় কিবা অনুসন্ধান কৰে আৰু এই অনুসন্ধানৰ কাহিনীবোৰে দাঙি ধৰে যে ২০২৫ চনত ভাৰত কি বিষয়ক লৈ আটাইতকৈ বেছি উৎসুক আছিল, কোনটো বিষয়ক লৈ উদ্বুদ্ধ আৰু কোনটো বিষয়ক লৈ উদ্বিগ্ন হৈ পৰিছিল। গুগলৰ শেহতীয়া প্ৰতিবেদন "সন্ধানৰ বৰ্ষঃ A ৰ পৰা Z ট্ৰেণ্ডিং ২০২৫"ত এই বছৰৰ ডিজিটেল ভাৰতৰ মানসিকতা স্পষ্ট ৰূপত প্ৰকাশ পাইছে।
প্ৰথমতে আলোচনা কৰা যাওঁক মনোৰঞ্জনক লৈ, কিয়নো ভাৰত আৰু মনোৰঞ্জনৰ সম্পৰ্ক সদায় গভীৰ। এইবছৰ যিখন ছবিয়ে মানুহৰ হৃদয় আৰু গুগল দুয়োৰে ওপৰত প্ৰভাৱ পেলাইছিল সেয়া আছিল "ছায়াৰা"। অনিত পড্ডা আৰু আহান পাণ্ডেৰ এই ছবিখন মুক্তিৰ লগে লগে মানুহে ইয়াৰ গীতৰ পৰা কাহিনীলৈকে সকলোবোৰ জানিবলৈ বিচাৰিছিল। ছবিখনৰ শীৰ্ষক গীতটো গুগলত সবাতোকৈ বেছি সন্ধান কৰা অন্যতম গীত আছিল। উল্লেখ্য যে, দক্ষিণ ভাৰতীয় ছবিসমূহেও এইবাৰ ব্যতিক্ৰমীভাৱে ভাল প্ৰদৰ্শন আগবঢ়াছে। কাণ্টাৰা: এ লেজেণ্ড চেপ্টাৰ ১, কুলি আৰু মাৰ্কোৰৰ প্ৰতিও মানুহৰ অনুৰাগ আছিল তীব্ৰ। এয়াই স্পষ্ট ৰূপত দেখুৱায় যে, ভাষা নহয়, ভাল বিষয়বস্তুহে আজিৰ জনতাৰ প্ৰকৃত ষ্টাৰ।
কিন্তু মনোৰঞ্জনতকৈও বেছি ভাৰতক যিয়ে মোহিত কৰিছিল সেয়া আছিল কৃত্ৰিম বুদ্ধিমত্তা (AI) আৰু গুগলৰ নিজা কৃত্ৰিম বুদ্ধিমত্তা (AI)প্লেটফৰ্ম Gemini- যি IPLৰ পিছত ভাৰতৰ দ্বিতীয় সৰ্বাধিক সন্ধান কৰা সামগ্ৰী হিচাপে পৰিগণিত হৈছিল। ইয়াৰ উপৰি DeepSeek, Perplexity, ChatGPT, Google AI Studio আৰু Flow আদিও সন্ধান তালিকাত জিলিকি উঠিছে। ইয়ে প্ৰমাণ কৰে যে, ভাৰতে এতিয়া প্ৰযুক্তিক কেৱল আহিলা হিচাপেই নহয়, নতুন শক্তি হিচাপে আঁকোৱালি লৈছে।
২০২৫ বৰ্ষত ইণ্টাৰনেটত সৰ্বাধিক অনুসন্ধান কৰা বিষয়সমূহৰ এক ছবি
এতিয়া আহোঁ ক্ৰীড়াৰ কথালৈ। ভাৰতৰ প্ৰথম প্ৰেম কি, ইয়াৰ উত্তৰ কোনেও দিয়াৰ প্ৰয়োজন নাই। ২০২৫ চনতো IPL ইণ্টাৰনেট জগতৰ ৰজা হৈয়ে থাকিল। কিন্তু এই বছৰ আমি যি এক নতুন কথা দেখিবলৈ পাইছো, সেয়া হ’ল মহিলা ক্ৰিকেটৰ প্ৰতি আগ্ৰহ বৃদ্ধি। সমগ্ৰ দেশতে শীৰ্ষ সন্ধানৰ ভিতৰত আছিল বিশ্বকাপ বিজয়ী জেমিমা ৰোড্ৰিংছ। এয়া ভাৰতৰ পৰিৱৰ্তনৰ এক সুন্দৰ প্ৰতিচ্ছবি, য'ত ক্ৰীড়া এতিয়া কেৱল পুৰুষৰ মাজতে সীমাৱদ্ধ নহয়।
ৰাষ্ট্ৰীয় পৰ্যায়ৰ ঘটনাসমূহেও এই বৰ্ষত অনুসন্ধানত যথেষ্ট প্ৰভাৱ পেলাইছে। কিংবদন্তি অভিনেতা ধৰ্মেন্দ্ৰৰ মৃত্যুৰ পিছত তেওঁৰ জীৱন, চলচ্চিত্ৰ আৰু সাক্ষাৎকাৰবোৰ লাখ লাখ লোকে সন্ধান কৰিছে। সেইদৰে মহাকুম্ভ ২০২৫ মেলাও গুগলক ব্যস্ত কৰি ৰাখিছিল- ক'ত থাকিব লাগে, ভিৰ কেনেকৈ এৰাই চলিব পাৰি, ট্ৰেফিক কেনেকুৱা হ'ব, স্নান ক'ত, কেতিয়া হ'ব ইত্যাদি যিবোৰৰ বিষয়ে মানুহৰ কৌতুহলৰ অন্ত নাছিল।
আৰু এটা অতি আকৰ্ষণীয় সন্ধান আছিল 'মোৰ আশে-পাশে ভূমিকম্প’। ২০২৫ চনত এইটো 'Near Me’ শ্ৰেণীৰ শীৰ্ষত আছিল। মানুহে বায়ুৰ গুণগত মান, চিকিৎসালয়, ঔষধৰ দোকান, চিনেমা হল আদিৰ বিষয়ে অনুসন্ধান কৰিছিল, কিন্তু সবাতোকৈ বেছি চিন্তিত হৈছিল ভূমিকম্পকলৈ। ইয়াৰ পৰা দেখা যায় যে প্ৰযুক্তিয়েও মানুহক অধিক সচেতন কৰি তুলিছে।
সামাজিক মাধ্যমৰ উন্মাদনাই আন এটা অনন্য ধাৰাৰ জন্ম দিছে, সেয়া হৈছে- ‘লাবুবু খিলৌনে’। '#67m’ মুহূৰ্ততে ভাইৰেল হৈ পৰে আৰু ইয়াৰ সন্ধান আকাশলংঘী হৈ পৰে। ইণ্টাৰনেটৰ যাদু সঁচাকৈয়ে অদ্ভুত, এটা সৰু ঘটনাই ৰাতিটোৰ ভিতৰতে বাতৰিৰ শিৰোনাম দখল কৰিব পাৰে। এই বছৰ ভাৰতীয় খাদ্যও গুগলত সৰ্বাধিক সন্ধানত আহিছে। লোকসকলে পৰম্পৰাগত ভাৰতীয় খাদ্য যেনে- 'থেকুয়া', 'উক্ৰীচে মোদক'ৰ লগতে 'য়ৰ্কশ্বায়াৰ পুডিং'ৰ বিষয়েও সন্ধান কৰিছে। যিয়ে প্ৰমাণ কৰিছে যে, ভাৰতৰ সোৱাদত এতিয়া দেশী আৰু বিদেশী দুয়োটাই আছে।
২০২৫ বৰ্ষত ইণ্টাৰনেটৰ অনুসন্ধানৰ ট্ৰেণ্ডত থকা বিষয়সমূহৰ এক ছবি
ইয়াৰ লগে লগে স্কুইড গেমৰ দৰে জনপ্ৰিয় আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানে ভাৰতত আকৌ এবাৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। মহাকাশচাৰী সুনীতা উইলিয়ামছৰ বিষয়েও সঘনাই গুগলত সন্ধান কৰা দেখিবলৈ পোৱা গৈছে। ক্ৰিকেটাৰ বৈভৱ সূৰ্যবংশীয়েও ট্ৰেণ্ডত আছিল। কিন্তু গুগল অনুসন্ধানত আটাইতকৈ ভাল কথাটো হ'ল- ভাৰতীয় চিন্তাধাৰা। ৰাজনৈতিক বিশ্লেষক প্ৰফেচৰ ৰাজগোপাল ধৰ চক্ৰৱৰ্তীয়ে কয়, "গুগলৰ অনুসন্ধানে জনসাধাৰণৰ মানসিকতা মুক্ত কৰি ৰাখে।"
উদাহৰণস্বৰূপে, এই বছৰ 'যুদ্ধ বিৰতি' শব্দ হঠাৎ ট্ৰেণ্ডত আহিবলৈ ধৰে। মানুহে কেৱল ইয়াৰ অৰ্থই নহয়, ইয়াৰ ব্যৱহাৰ আৰু ইয়াৰ আঁৰৰ বিষয়েও বুজিবলৈ চেষ্টা কৰে। যিয়ে প্ৰমাণ কৰিছে যে, ভাৰতে শান্তি, আলোচনা আৰু কূটনীতিৰ ক্ষেত্ৰত পূৰ্বতকৈ অধিক সচেতন হৈ উঠিছে। সেইদৰে ৱাকফ আইনো এটা বৃহৎ সন্ধানৰ বিষয় হৈ পৰিছিল। জনসাধাৰণে জানিব বিচাৰিছিল যে, এই আইনখনে তেওঁলোকৰ স্বাৰ্থত কাম কৰে নে নাই, এই আইনখনে উন্নয়নৰ ক্ষেত্ৰত সহায় কৰে নে নকৰে- এয়াই হৈছে ডিজিটেল যুগৰ নতুন ভাৰত।
কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ৰমবৰ্ধমান প্ৰভাৱৰ প্ৰতিও আজি বিশেষজ্ঞসকল সতৰ্ক। যাদৱপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক মুনমুন ভট্টাচাৰ্যই কয় যে, ছাত্ৰ-ছাত্ৰীসকলে কৃত্ৰিম বুদ্ধিমত্তাক ছৰ্টকাট হিচাপে ব্যৱহাৰ কৰিবলৈ লৈছে, যাৰ ফলত জ্ঞানৰ ব্যৱধান বৃদ্ধি পাইছে। আনহাতে, চাইবাৰ সুৰক্ষা বিশেষজ্ঞ সন্দীপ সেনগুপ্তাই সকীয়াই দিছে যে, অনাগত বছৰবোৰত বহু চাকৰি কৃত্ৰিম বুদ্ধিমত্তাৰ বাবে নোহোৱা হ’ব পাৰে আৰু ডিপফেক আটাইতকৈ ডাঙৰ ভাবুকি হ’ব পাৰে।
২০২৫ চনৰ গুগল চাৰ্চ ট্ৰেণ্ডে ভাৰতৰ চিন্তাধাৰাৰ এক উজ্জ্বল, আকৰ্ষণীয় আৰু সময়ে সময়ে বিস্ময়কৰ প্ৰতিচ্ছবি দাঙি ধৰিছে- যিয়ে প্ৰযুক্তি, মনোৰঞ্জন আৰু জ্ঞানৰ মাজত ভাৰসাম্য বজাই ৰাখি আগবাঢ়িছে; যিয়ে নিজৰ কৌতূহল লুকুৱাই নাৰাখি মুক্ত ইণ্টাৰনেটৰ জৰিয়তে ইয়াৰ উত্তৰ বিচাৰিছে; আৰু যিয়ে নতুন পৃথিৱীত আত্মবিশ্বাসৰ সৈতে অগ্ৰসৰ হৈছে।