গৰিয়া, মৰিয়া, জুলহা, দেশী, চৈয়দক খিলঞ্জীয়া অসমীয়া মুছলমান হিচাপে স্বীকৃতি অসম চৰকাৰৰ

Story by  atv | Posted by   Imtiaz Ahmed • 1 Years ago
উপ-সমিতিসমূহে কিছুদিন আগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত অসমীয়া মুছলমানসকলৰ ওপৰত প্ৰতিবেদন দাখিল কৰাৰ সময়ত। ফাইল ফটো
উপ-সমিতিসমূহে কিছুদিন আগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত অসমীয়া মুছলমানসকলৰ ওপৰত প্ৰতিবেদন দাখিল কৰাৰ সময়ত। ফাইল ফটো
গুৱাহাটী
 
ৰাজ্য চৰকাৰে গঠন কৰা ৭টা উপগোট/সমিতিৰ পৰামৰ্শ অনুসৰি ৫টা অসমীয়া মুছলিম উপগোট -- গৰিয়া, মৰিয়া, জুলহা, দেশী আৰু চৈয়দক -- খিলঞ্জীয়া অসমীয়া মুছলমান সম্প্রদায় হিচাপে চিহ্নিত কৰাত অনুমোদন জনাই হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে। আজি অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে।
 
এই পদক্ষেপে অসমীয়া খিলঞ্জীয়া মুছলমানসকলৰ স্বাস্থ্য সেৱা, সাংস্কৃতিক পৰিচয়, শিক্ষা, বিত্তীয় অন্তর্ভূক্তি, দক্ষতা বিকাশ আৰু মহিলা সৱলীকৰণৰ ক্ষেত্রত সর্বাংগীণ বিকাশ নিশ্চিত কৰিব। 
উল্লেখযোগ্য যে যোৱা এপ্ৰিল মাহত পূৰ্বে খিলঞ্জীয়া অসমীয়া মুছলমানসকলৰ সামগ্ৰিক বিকাশ আৰু উন্নয়ন সাধনৰ ক্ষেত্ৰত বিভিন্ন দিহা-পৰামৰ্শ আগবঢ়াবলৈ বিজেপি নেতৃত্বাধীন অসম চৰকাৰে গঠন কৰি দিয়া ৭খন উপ-সমিতিয়ে  মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত তেওঁলোকৰ প্ৰতিবেদন দাখিল কৰিছিল।
বিশিষ্ট সাংবাদিক আৰু লেখক ৱাছবিৰ হুছেইনৰ নেতৃত্বত সাংস্কৃতিক পৰিচয় বিষয়ক উপ-সমিতিয়ে অসমীয়া মুছলমান সমাজৰ অনন্য সংস্কৃতি আৰু ঐতিহ্য সুৰক্ষিত কৰাৰ বাবে কেইবাটাও পৰামৰ্শ আগবঢ়াইছিল। এই উপ-সমিতিয়ে ৰাজ্য চৰকাৰক এক চৰকাৰী জাননী জাৰি কৰি অসমীয়া মুছলমানসকলক ৰাজ্যখনৰ এক থলুৱা অসমীয়া-ভাষী সম্প্ৰদায় হিচাপে স্বীকৃতি দিবলৈ পৰামৰ্শ আগবঢ়াইছিল। চৰকাৰী অধিসূচনাখনৰ জৰিয়তে খিলঞ্জীয়া অসমীয়া মুছলমানৰ পাঁচটা উপ-গোট ক্ৰমে ছৈয়দ, গৰিয়া, মৰিয়া, দেশী আৰু জুলহাক স্বীকৃতি দিবলৈ সাংস্কৃতিক পৰিচয় বিষয়ক উপ-সমিতিয়ে চৰকাৰক আহ্বান জনাইছিল।
২০২১ চনত সংখ্যালঘুৰ কল্যাণ আৰু উন্নয়ন বিভাগে গঠন কৰা উপ-সমিতিসমূহে শ শ বছৰ ধৰি অসমত বাস কৰি অহা খিলঞ্জীয়া অসমীয়া মুছলমান সম্প্ৰদায়ৰ সাংস্কৃতিক পৰিচয়, শিক্ষা, জনসংখ্যা নিয়ন্ত্ৰণ, স্বাস্থ্যসেৱা, বিত্তীয় অন্তৰ্ভুক্তি, দক্ষতা বিকাশ আৰু মহিলা সৱলীকৰণ সন্দৰ্ভত বিস্তৃতভাৱে অধ্যয়ন কৰিছিল।
মু্খ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৭খন উপ-সমিটিৰ প্ৰতিবেদন গ্ৰহণ কৰাৰ পিছত কৈছিল যে তেওঁৰ চৰকাৰে উপ-সমিটিসমূহৰ দিহা-পৰামৰ্শসমূহ পুংখানুপুংখ আৰু সদিচ্ছাৰে পৰীক্ষা কৰি চাব। ৰাজ্য চৰকাৰে দিহা-পৰামৰ্শবোৰ পৰ্যায়ক্ৰমে আৰু এক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাৰ্যকৰী কৰিব বুলিও তেওঁ উল্লেখ কৰিছিল। 
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত প্ৰতিবেদনসমূহ জমা দিয়াৰ পূৰ্বে বিশিষ্ট সাংবাদিক আৰু লেখক ৱাছবিৰ হুছেইনে ৭খন সমিটিৰ প্ৰতিবেদনসমূহ মুখ্যমন্ত্ৰীৰ সন্মুখত বিস্তৃতভাৱে দাঙি ধৰিছিল।
 
হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে গ্ৰহণ কৰা এই পদক্ষেপক নিশ্চিতভাৱে অসমৰ খিলঞ্জীয়া মুছলমানসকলে আদৰণি জনাব আৰু অসমীয়া খিলঞ্জীয়া মুছলমানসকলৰ বিভিন্ন প্ৰকাৰৰ উন্নয়নৰ পথ হিচাপে কাম কৰিব।