ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব গুৱাহাটী পৌৰ নিগমৰ লগতে পৌৰ সভাৰ নিৰ্বাচন

Story by  atv | Posted by  Munni Begum • 2 Years ago
নিৰ্বাচন
নিৰ্বাচন
গুৱাহাটী
 
তিনি বছৰীয়া অপেক্ষাৰ অন্তত অহা বছৰ ফেব্ৰুৱাৰীত গুৱাহাটী পৌৰ নিগমৰ লগতে পৌৰ সভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। বঙাইগাঁৱত এক দলীয় সভাত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰে।
মুখ্যমন্ত্ৰী শৰ্মাই কয়, "আমাৰ ৰাজ্যিক বিষয়ববীয়া সকলৰ সৈতে হোৱা বৈঠকত ফেব্ৰুৱাৰী মাহত হ'বলগীয়া পৌৰ সভা নিৰ্বাচন, দেউৰী স্বায়ত্ত শাসিত পৰিষদ আৰু ঠেঙাল-কছাৰী স্বায়ত্ত শাসিত পৰিষদ আৰু গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন সম্পৰ্কত আলোচনা কৰা হৈছে"।
এইবাৰ গুৱাহাটী পৌৰ নিগম নিৰ্বাচনত ৱাৰ্ডৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ২০১৩ চনত মাত্ৰ ৩১ টা ৱাৰ্ডৰ বাবে নিৰ্বাচন হৈছিল যদিও এইবাৰ ৬৪ টা ৱাৰ্ডত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।
 
কামৰূপ মহানগৰ জিলা নিৰ্বাচনী বিভাগৰ ভাৰপ্ৰাপ্ত জিলা নিৰ্বাচনী বিষয়া ভাস্কৰ কলিতাই উল্লেখ কৰি কয় যে, পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে নিৰ্দিষ্ট তাৰিখ নিৰ্ধাৰণ কৰা নাই যদিও ইয়াৰ বাবে প্ৰাৰম্ভিক প্ৰস্তুতিৰ কাম আৰম্ভ কৰা হৈছে। 
 
উল্লেখ্য যে, ২০১৩ চনতে অনুষ্ঠিত হৈছিল গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন। ২০১৮ চনৰ ৩১ জুলাইত পৌৰ নিগমৰ পৰিষদৰ কাৰ্যকালৰ অন্ত পৰে। ইয়াৰ পিছৰে পৰা পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত হোৱা নাই।