আজিৰে পৰা বন্ধ গুৱাহাটী উত্তৰ-গুৱাহাটী ফেৰী সেৱা

Story by  atv | Posted by  [email protected] • 1 Years ago
আজিৰে পৰা বন্ধ গুৱাহাটী উত্তৰ-গুৱাহাটী ফেৰী সেৱা
আজিৰে পৰা বন্ধ গুৱাহাটী উত্তৰ-গুৱাহাটী ফেৰী সেৱা
গুৱাহাটী
 
আজিৰে পৰা বন্ধ কৰা হ'ল গুৱাহাটী উত্তৰ-গুৱাহাটী ফেৰী সেৱা। আভ্যন্তৰীণ জল পৰিবহনে দিছে এই জৰুৰী নিৰ্দেশনা। 
 
 
অসমত নেৰানেপেৰা বৰষুণৰ ফলত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ। ব্ৰহ্মপুত্ৰৰ জলস্তৰ বিপদসীমা অতিক্ৰম কৰাৰ লগে লগে দিয়ে এই নিৰ্দেশনা। ৪৯.৩০ ছেন্টিমিটাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ। 
 
উল্লেখযোগ্য যে চলিত বৰ্ষত অসমৰ বিভিন্ন ঠাইত অতিমাত্ৰা বৰষুণ হোৱাৰ ফলত নৈ উপ-নৈ সমূহ ভৰি পৰিছে। নামনি-উজনি সকলোতে বানপানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। চাৰিওফালে জনসাধাৰণৰ হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে।