গুৱাহাটী
দেশৰ ৮১ খন নৈ আৰু উপনৈৰ পানী বর্তমান যথেষ্ট পৰিমাণে বিষাক্ত হৈ পৰিছে। এই নৈ উপনৈসমূহৰ পানীত ক্ষতিকাৰক ধাতুৰ উপস্থিতি ধৰা পৰিছে।
কমেও ২২ খন নৈ-উপনৈত ক্ষতিকাৰক ধাতুৰ উপস্থিতি আৰু অধিক বুলি শেহতীয়াকৈ এক প্রতিবেদনত পোহৰলৈ আহিছে। কেন্দ্রীয় জল আয়োগে দাখিল কৰা প্রতিবেদনখনৰ মতে ভাৰতৰ ৮১ খন নৈ-উপনৈৰ পানীত যথেষ্ট পৰিমাণে আৰ্ছেনিক, ক্রমিয়াম, তাম, লোহা, পাৰা আদিৰ দৰে বিষাক্ত ধাতুৰ উপস্থিতি ধৰা পৰিছে।
আনকি ঠায়ে ঠায়ে নদীসমূহত এনে ধাতুৱে বিপদসীমা অতিক্রম কৰিছে। প্রতিবেদনখনৰ মতে ১৪ খন নদীৰ ৩০টা স্থানত আৰ্ছেনিক, ১১ খন নদীৰ ১৮টা স্থানত পাৰা আৰু ১৬ খন নদীৰ ১৩টা স্থানত ক্রমিয়াম ধাতুৰ উপস্থিতি প্রয়োজনতকৈ বহু বেছি বুলিও প্রমাণিত হৈছে। গংগা নৈৰ অৱবাহিকাত এই পৰিস্থিতিৰ আৰু অধিক অৱনতি ঘটিছে। গংগা অৱবাহিকাৰ ১৬১টা স্থানত প্রায় ৭৫ শতাংশ পানীতেই বিষাক্ত ধাতু ধৰা পৰিছে বুলি উল্লেখ কৰে।