হৃদয় বিদাৰক: পানীয়ে উটুৱাই নিলে দুগৰাকী আৰক্ষীক

Story by  atv | Posted by  [email protected] • 1 Years ago
পানীয়ে উটুৱাই নিলে দুগৰাকী আৰক্ষীক
পানীয়ে উটুৱাই নিলে দুগৰাকী আৰক্ষীক
গুৱাহাটী
 
বানে বিভীষিকাৰ ৰূপ ধৰা কামপুৰত নিশা সংঘটিত এক ভয়াৱহ ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল‍্যৰ সৃষ্টি কৰে।
 
বাঢ়নী পানীত উটি গ’ল কামপুৰ আৰক্ষী থানাৰ দুজন আৰক্ষী। সন্ধানহীন কামপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সমূজ্জল কাকতী আৰু ইউ বি কনিষ্টবল ৰাজীৱ বৰদলৈ৷
নিশা এটা গোচৰৰ তদন্তৰ বাবে কামপুৰ আৰক্ষীৰ এটা তিনিজনীয়া দল মধুপুৰ অঞ্চললৈ গৈছিল। কামপুৰ থানাৰ সমীপৰে মধুপুৰ অঞ্চলত হঠাৎ বাঢ়নি পানীৰ কোৱাল সোঁতত পৰি যায় কনিষ্টবল ৰাজীৱ বৰদলৈ।
কনিষ্টবল ৰাজীৱ বৰদলৈক উদ্ধাৰ কৰিবলৈ গৈ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীও পানীৰ সোঁতত পৰি যায়। পিছত কামপুৰৰ ফায়াৰ এণ্ড চাৰ্ভিচ বাহিনীৰ লোকে উদ্ধাৰ অভিযান চলাই মৃত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৰাজীৱ বৰদলৈ নামৰ কনিষ্টবল জনক।
কিন্তু এই পৰ্যন্ত সন্ধান উলিয়াব পৰা নাই ভাৰপ্ৰাপ্ত বিষয়া সমুজ্বল কাকতীৰ। এচ ডি আৰ এফ বাহিনীয়ে অভিযান অব্যাহত ৰাখিছে।