ধাৰাসাৰ বৰষুণৰ ফলত অসমত ভয়ংকৰ পৰিস্থিতিঃ বানপানী-ভূমিস্খলনত ৮জনৰ মৃত্যু

Story by  atv | Posted by  [email protected] • 1 Years ago
বানপানীৰ ফলত নিউ হাফলং ষ্টেচনৰ জৰাজীৰ্ণ ৰূপ
বানপানীৰ ফলত নিউ হাফলং ষ্টেচনৰ জৰাজীৰ্ণ ৰূপ

গুৱাহাটী

যি সময়ত প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহে উত্তৰ-পশ্চিম ভাৰতত জনজীৱন বিঘ্নিত কৰিছে, সেই সময়তে বৰষুণ আৰু বানপানীয়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য অংশত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। যোৱা কেইবাদিনো ধৰি হৈ থকা মুষলধাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা বছৰটোৰ প্ৰথমটো বানত ২০খন জিলাৰ ২ লাখৰো অধিক লোক প্ৰভাৱিত হৈছে।

এই প্ৰতিবেদন প্ৰস্তুত কৰাৰ সময়লৈকে বান আৰু ভূমিস্খলনত অসম আৰু অৰুণাচল প্ৰদেশত মুঠ আঠজন লোকে প্ৰাণ হেৰুৱাইছে।

ভূমিস্খলনে অসমৰ ডিমা হাচাও জিলাত বিধ্বংসী ৰূপ ধাৰণ কৰিছে, যাৰ ফলত বৰাক উপত্যকা আৰু ত্ৰিপুৰালৈ ৰেল সংযোগ বিচ্ছিন্ন হৈ পৰিছে। ডিমা হাচাও জিলাৰ হাফলং অঞ্চলত এতিয়ালৈকে ভূমিস্খলনত তিনিজন লোকৰ মৃত্যু হৈছে, যাৰ ভিতৰত এগৰাকী মহিলাও আছে।

বানপানীৰ প্ৰচণ্ড ঢৌৱে ডিমা-হাচাও জিলাত ৰেল লাইনৰ মাটি খহাই নিয়াৰ দৃশ্য

শিলচৰ-গুৱাহাটী এক্সপ্ৰেছ আৰু গুৱাহাটী-শিলচৰ এক্সপ্ৰেছ ক্ৰমে ডিমা হাচাওৰ ডিটোকচেৰা আৰু নিউ হাফলং ষ্টেচনত আৱদ্ধ হৈ আছে। বায়ু সেনাই ডিটোকচেৰাৰ পৰা ১০০ জন যাত্ৰীক বিমানেৰে স্থানান্তৰ কৰিছে।

উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ এক প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে, "বৃহৎ ভূমিস্খলন আৰু পানী জমা হোৱাৰ ফলত লামডিং বিভাগৰ লামডিং-বদৰপুৰ পাহাৰ শাখাত ৰে'লপথ, দলং আৰু পথ সংযোগৰ বৃহৎ ক্ষতিসাধন হৈছে।"

নিউ হাফলং ৰেলৱে ষ্টেচনটো বানপানী আৰু ধ্বংসাৱশেষে সম্পূৰ্ণৰূপে প্লাবিত কৰিছে। আনকি পানীৰ প্ৰচণ্ড ঢৌৱে ষ্টেচনত ৰৈ থকা এখন যাত্ৰীবিহীন ৰেলক ট্ৰেকৰ পৰা আতৰাই নিয়াৰ ভয়ানক দৃশ্যও দেখিবলৈ পোৱা গৈছে।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগ(এএছডিএমএ)ৰএক বিজ্ঞপ্তিত কোৱা হৈছে যে অন্যান্য জিলাৰ ভিতৰত হোজাই, ডিমা হাচাও আৰু কৰিমগঞ্জত দলং ভাঙি যোৱাকে ধৰি ভূমিস্খলন, খহনীয়া আৰু সা-সম্পত্তিৰ ব্যাপক ক্ষয়-ক্ষতিৰ খবৰ পোৱা গৈছে।

ভূমিস্খলনৰ ফলত আৱদ্ধ হৈ পৰিছে এটা পথ, ডিমা হাছাও জিলাত

"বৰষুণৰ ফলত সমগ্ৰ জিলাখনত একাধিক ভূমিস্খলন হৈছে। মুখ্য পথবোৰ ক্ষতিগ্ৰস্ত হৈছে আৰু ৰেলপথবোৰ উটি গৈছে। এটা আৰচিচি অট্টালিকা খহি পৰে, যাৰ ফলত শনিবাৰে তিনিজনীয়া পৰিয়াল এটা জীৱন্ত অৱস্থাত সমাধিস্থ হয়," এএছডিএমএৰ এজন বিষয়াই কয়।

এএছডিএমএ বুলেটিনত কোৱা হৈছে যে জলপ্লাৱনৰ ফলত প্ৰায় ১,৯৭,২৪৮জন লোক ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰে হোজাই আৰু কাছাৰতক্ৰমান্বয়ে ৭৮,১৫৭ আৰু ৫১,৩৫৭ জন লোক ক্ষতিগ্ৰস্ত হৈছে।অসমৰ ২০ খন জিলাৰ ৪৬ খন ৰাজহ চক্ৰৰ মুঠ ৬৫২ খন গাওঁ এতিয়ালৈকে বানৰদ্বাৰা প্ৰভাৱিত হৈছে বুলি বিজ্ঞপ্তিটোত কোৱা হৈছে।

সাতখন জিলাত প্ৰায় ৫৫টা সাহায্য শিবিৰ খোলা হৈছে, য'ত ৩২,৯৫৯ জন লোক আশ্ৰয় দিয়া হৈছে। বিভিন্ন প্ৰভাৱিত জিলাত আন ১২টা সাহায্য বিতৰণ কেন্দ্ৰও কাৰ্যক্ষম হৈ আছে।

ৰেলৱে লাইনৰ ক্ষয়-ক্ষতিৰ বুজ লৈছে ৰেলৱে বিভাগৰ লোকে

বানপানী আৰু ভূমিস্খলনে ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰাৰ সময়তে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ২০ মে'লৈকে অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত অতি ধাৰাসাৰৰ পৰা অত্যাধিক ধাৰাসাৰ বৰষুণৰ ভৱিষ্যতবাণী কৰিছে।

ইফালে, বতৰ বিজ্ঞান বিভাগৰ আন এক তথ্য অনুসৰি, অসমত যোৱা ১-১৬ মে’ৰ ভিতৰত স্বাভাৱিকতকৈ ৪৯ শতাংশ অত্যাধিক বৃষ্টিপাত হৈছে। ইয়াৰ ফলত বাৰিষা ঋতুৰ আগমণৰ লগে লগেই এইবাৰ অসমবাসীয়ে ভয়ংকৰ বানপানী আৰু ভূমিস্খলনৰ সন্মুখীন হ’বলগীয়া হৈছে।