ডিজিটেল গ্ৰেপ্তাৰ কেলেংকাৰীৰ তদন্তৰ বাবে গঠন উচ্চ পৰ্যায়ৰ কমিটী

Story by  atv | Posted by  Munni Begum • 14 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
নতুন দিল্লী 
 
ডিজিটেল গ্ৰেপ্তাৰ কেলেংকাৰী আৰু চাইবাৰ জালিয়াতিৰ তদন্তৰ বাবে কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে গঠন কৰিছে এক উচ্চ পৰ্যায়ৰ কমিটী। দোষীৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ এই কমিটীক নিৰ্দেশ দিয়া হৈছে।  সূত্ৰ অনুসৰি এই সমিতিখন গৃহ মন্ত্ৰালয়ৰ আভ্যন্তৰীণ নিৰাপত্তাৰ সচিবে নিৰীক্ষণ কৰিব।
 
মন্ত্ৰালয়ৰ চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰ, যাক ১৪চি বুলিও কোৱা হয়, সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰি কমিটীৰ বিষয়ে অৱগত কৰিছে। 
 
চলিত বৰ্ষত এতিয়ালৈকে ৬ হাজাৰতকৈ অধিক ডিজিটেল গ্ৰেপ্তাৰৰ অভিযোগ পঞ্জীয়ন কৰা হৈছে, ১৪চিয়ে ড্ৰাগছ আৰু ধন সৰবৰাহৰ গোচৰত মিছাকৈ জড়িত কৰি সন্দেহহীন ব্যক্তিক লক্ষ্য কৰি লোৱা এই কেলেংকাৰীৰ সৈতে জড়িত ৬ লাখ মোবাইল নম্বৰ ব্লক কৰিছে। লগতে চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰই কমেও ৭০৯টা মোবাইল এপ্লিকেচন বন্ধ কৰি দিছে।
 
সূত্ৰসমূহে জনোৱা মতে, চাইবাৰ জালিয়াতিৰ সৈতে জড়িত ৩.২৫ লাখ ভুৱা বেংক একাউণ্ট ফ্ৰীজ কৰিবলৈ কৰ্তৃপক্ষই নিৰ্দেশ দিছে। সমগ্ৰ দেশতে ডিজিটেল গ্ৰেপ্তাৰৰ গোচৰৰ সংখ্যা হঠাৎ বৃদ্ধি পোৱাৰ পাছত প্ৰধানমন্ত্ৰী মোদীয়েও এনে কেলেংকাৰিৰ বিৰুদ্ধে মানুহক সকীয়াই দিয়ে, এই কেলেংকাৰীয়ে সমাজৰ সকলো শ্ৰেণীকে আঘাত কৰা বুলি উল্লেখ কৰে।