'ছেভ ছইল মুভমেণ্ট'ত যোগ দিয়া দেশৰ দশম ৰাজ্য হ'ল অসম, কাজিৰঙাত সদগুৰুৰ উপস্থিতিত চুক্তি স্বাক্ষৰ

Story by  atv | Posted by  [email protected] • 1 Years ago
'ছেভ ছইল মুভমেণ্ট'ৰ আৰম্ভণিৰ এক মুহূৰ্ত, তামিলনাডুৰ ঈশা ফাউণ্ডেচনৰ চৌহদত(ফাইল ফটো)
'ছেভ ছইল মুভমেণ্ট'ৰ আৰম্ভণিৰ এক মুহূৰ্ত, তামিলনাডুৰ ঈশা ফাউণ্ডেচনৰ চৌহদত(ফাইল ফটো)
গুৱাহাটী
 
প্ৰখ্যাত আধ্যাত্মিক গুৰু সদগুৰুৰ উদ্যোগত বিশ্বব্যাপী চলি থকা 'ছেভ ছইল মুভমেণ্ট'ত যোগ দিয়া দেশৰ দশম ৰাজ্য হিচাপে পৰিগণিত হৈছে অসম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে কাজিৰঙাত অনুষ্ঠিত চিন্তন শিবিৰত তামিলনাডুৰ ঈশা ফাউণ্ডেচনৰ সৈতে ৰাজ্য চৰকাৰৰ হৈ এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে।
 
ইয়াৰ লগে লগে এই ভূমি সংৰক্ষণ আন্দোলনৰ অন্যতম অংশীদাৰ হৈ পৰে অসম। ঈশা ফাউণ্ডেচনৰ হৈ চুক্তিত স্বাক্ষৰ কৰে 'ছেভ ছইল মুভমেণ্ট'ৰ প্ৰতিষ্ঠাপক আধ্যাত্মিক গুৰু সদগুৰুৱে।   
শিবিৰত ভাষণ দি সদগুৰুৱে ৰাজ্যখনৰ মনোমোহা প্ৰাকৃতিক সম্পদৰ সুবিধা লৈ অসমক এক অনন্য উন্নয়ন পৰিকল্পনা যুগুত কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। ৰাজ্যৰ পৰ্যটন সম্ভাৱনাৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰি তেওঁ কয়, “অসম প্ৰাকৃতিক সম্পদ আৰু প্ৰাচুৰ্য্যই আটাইতকৈ ডাঙৰ বিনিয়োগ। সময় বাগৰি যোৱাৰ লগে লগে আজি পৃথিৱীত প্ৰকৃতিৰ নিৰিবিলি পৰিৱেশ, মধুৰ শব্দ আদিবোৰ নোহোৱা হৈ গৈছে। শান্তিৰে থাকিব পৰা স্থান বিচাৰে পাবলৈ নোহোৱা হৈছে। এনে পৰিস্থিতিত অসম বিশ্বৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰ হ'ব পাৰে।" 
অসমক মানুহে বাস কৰিব বিচৰা উৎকৃষ্ট স্থান হিচাপে গঢ়ি তোলাত মনোনিৱেশ কৰিবলৈ সদগুৰুৱে ৰাজ্য চৰকাৰক আহ্বান জনায়।  “আপোনালোকৰ এই অসম ভূমি সকলো প্ৰাকৃতিক উপাদানেৰে ভৰপূৰ। শিক্ষা, পৰ্যটন আদিৰ ক্ষেত্ৰত যদি আপোনালোকে কেইটামান সঠিক কাম কৰে, যিবোৰে প্ৰকৃতিৰ ওপৰত কোনো ক্ষতি নকৰে, তেন্তে চাৰি বছৰৰ ভিতৰত আপোনালোকে এখন এনে ৰাজ্য গঢ়ি তুলিব পাৰিব, য’ত সকলোৱে শান্তিৰে থাকিব বিচাৰে।”
 
কাজিৰঙাত সদগুৰুক আদৰণি জনোৱাৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
 
উল্লেখ্য যে, অনুষ্ঠানত সদগুৰুৱে মাটিৰ প্ৰকাৰ, অক্ষাংশৰ অৱস্থান আৰু কৃষি পৰম্পৰাৰ ওপৰত নিৰ্ভৰ কৰি চৰকাৰে কাৰ্যকৰী কৰিব পৰা ব্যৱহাৰিক, বিজ্ঞানসন্মত সমাধান সন্নিবিষ্ট এখন পুস্তিকাও মুখ্যমন্ত্ৰীক অৰ্পণ কৰে। ইফালে, মুখ্যমন্ত্ৰীয়ে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰি আনন্দ প্ৰকাশ কৰি কয় যে, “মাটিৰ বহনক্ষম ব্যৱহাৰক প্ৰসাৰিত কৰাৰ লগতে ইয়াৰ অৱক্ষয় ৰোধ কৰাৰ বাবে এই বুজাবুজি চুক্তিখন আমাৰ চৰকাৰৰ বাবে এক নীতিগত নথি হ’ব।”
উল্লেখ্য যে, বিশ্বজুৰি ৮২ খন দেশে ভূমি সংৰক্ষণৰ এই আন্দোলনত যোগ দিছে আৰু অসমে আজি ভাৰতৰ আন ৯ খন ৰাজ্যৰ সৈতে আন্দোলনত  সংযুক্ত হৈছে।  খাদ্য আৰু কৃষি সংস্থা(FAO)ই অনুমান কৰিছে যে জলবায়ু পৰিৱৰ্তন আৰু ভূমি বিলুপ্তিৰ বাবে ২০৫০ চনৰ ভিতৰত কিছুমান অঞ্চলত শস্যৰ উৎপাদন ৫০% পৰ্যন্ত হ্ৰাস পাব পাৰে। মৃত্যুমুখী মাটিৰ ফলত সৃষ্টি হোৱা অস্তিত্বৰ ভাবুকিৰ কথা উপলব্ধি কৰি সদগুৰুৱে মাৰ্চ মাহত ১০০ দিনৰ এখ বাইক যাত্ৰা চলাইছিল। তেওঁৰ এই ১০০ দিনীয়া যাত্ৰাই ভাৰতৰ লগতে সমগ্ৰ ইউৰোপ, মধ্য এছিয়া, মধ্যপ্ৰাচ্যৰ ২৭খন দেশত মুঠ ৩০ হাজাৰ কিলোমিটাৰ দূৰত্ব সাঙুৰি লৈছিল।
মৃত্যুমুখী মাটিক সংৰক্ষণ কৰাৰ ক্ষেত্ৰত বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ আধ্যাত্মিক গুৰু সদগুৰুৱে চলিত বৰ্ষৰ মাৰ্চ মাহত আৰম্ভ কৰিছিল ছেভ ছইল মুভমেণ্টৰ বিশ্বব্যাপী আন্দোলন। এই আন্দোলনে সমগ্ৰ বিশ্বৰ কৃষিভূমিত ৩-৬% জৈৱিক পদাৰ্থ বাধ্যতামূলক কৰিবলৈ ৰাষ্ট্ৰসমূহক আহ্বান জনাইছে। 
ইফালে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ঈশা ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক সদগুৰু জগী বাসুদেৱে শনিবাৰে নিশাৰ ভাগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰে । বাৰিষাৰ বাবে মে’ মাহত উদ্যানখনত হাতী ছাফাৰী আৰু জীপ ছাফাৰী বন্ধ আছিল। সদগুৰু আৰু মুখ্যমন্ত্ৰীয়ে উদ্যানখনত জীপ ছাফাৰী কৰি পৰ্যটকৰ বাবে মুকলি কৰে। তেওঁলোকৰ সৈতে পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাও আছিল। 
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কাষত বহাই লৈ সদগুৰুৱে বাহনখন চলাইছিল। সাংবাদিকৰ আগত তেওঁ কয় যে আপোনালোকৰ মুখ্যমন্ত্ৰী বাহনখনত মোৰ সৈতে সম্পূৰ্ণৰূপে সুৰক্ষিত। পৰ্যটকৰ বাবে উদ্যানখন মুকলি কৰাটো অতি আনন্দৰ বিষয়। অপৰূপ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে তেওঁক মুগ্ধ কৰা বুলিও সদগুৰুৱে উল্লেখ কৰে। 
লগতে তেওঁলোকে উদ্যানখনৰ মিহিমুখ অঞ্চলত গঁড়ৰ তিনিটা প্ৰতিমূৰ্তি উন্মোচন কৰে। উল্লেখ্য যে,  ২০২১ চনৰ ২২ ছেপ্টেম্বৰত জব্দ কৰা গঁড়ৰ শিং জ্বলাই দিয়া ছাই ব্যৱহাৰ কৰি এই মূৰ্তিসমূহ নিৰ্মাণ কৰা হৈছে। ৰাজ্যখনে ২৪৭৯টা গঁড়ৰ খৰ্গ একেলগে জ্বলাই দি চোৰাং চিকাৰীলৈ এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছে।

ছেভ ছইল মুভমেণ্টক লৈ অসম চৰকাৰ আৰু ঈশা ফাউণ্ডেচনৰ মাজত স্বাক্ষৰিত বুজাবুজিৰ চুক্তি

ইয়াৰ পূৰ্বে, ৰাজ্যখনৰ সামগ্ৰিক উন্নয়নৰ বাবে এক ৰোডমেপ তৈয়াৰ কৰিবলৈ আৰু ইয়াৰ বিকাশ ত্বৰান্বিত কৰাৰ লগতে ইয়াক সকলো ক্ষেত্ৰতে এক আৰ্হি ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰিবলৈঅসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰখ্যাত আধ্যাত্মিক গুৰু সদগুৰু জাগ্গী বাসুদেৱৰ দিহা-পৰামৰ্শ বিচাৰে। শনিবাৰে মুখ্যমন্ত্ৰী শৰ্মা, তেওঁৰ চৰকাৰৰ সকলো কেবিনেট মন্ত্ৰী, ৰাজ্যখনৰ জ্যেষ্ঠ আমোলা, প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ কৰ্মকৰ্তাসকলে সদগুৰুৰ সৈতে ৰাজ্যখনৰ সৰ্বাংগীন উন্নয়নৰ দিশত গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়।