অসম - মিজোৰাম সীমা সমস্যা সন্দৰ্ভত নতুন দিল্লীত গৃহমন্ত্ৰীৰে বৈঠক দুই মুখ্যমন্ত্ৰীৰ

Story by  atv | Posted by  Munni Begum • 2 Years ago
অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগা।
অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগা।
অংকুৰ কলিতা / নতুন দিল্লী 
 
অসমৰ সৈতে থকা মিজোৰামৰ সীমা সমস্যা সমাধানৰ কাৰণে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পৰামৰ্শমতে দিল্লীত আহি উপস্থিত হৈছে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগা। 
 
আজি নতুন দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে অনুষ্ঠিত হ'ব এক গুৰুত্বপূৰ্ণ বৈঠক । বৈঠকত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত থাকি সীমা সমস্যাৰ বিষয়ে আলোচনা কৰিব।
 
বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আমন্ত্ৰণক্ৰমে মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগাই দিল্লীত তেওঁৰ সৈতে অসম হাউছত নৈশ ভোজত অংশ গ্ৰহণ কৰে। এই নৈশ ভোজত অসমৰ কৃষি মন্ত্ৰী অতুল বৰাও উপস্থিত থাকে।  অসম-মিজোৰাম সীমান্তত যোৱা জুলাই মাহত উদ্ভৱ হোৱা উত্তপ্ত পৰিস্থিতিৰ পিছত পোন প্ৰথমবাৰৰ বাবে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এনেদৰে একেলগে নৈশ ভোজ কৰে।