‘হৰ ঘৰ ত্ৰিৰঙ্গা’ অভিযানত অংশগ্ৰহণ কৰা সকলে কেনেদৰে লাভ কৰিব পাৰিব প্ৰমাণ পত্ৰ

Story by  atv | Posted by  Munni Begum • 1 Years ago
‘হৰ ঘৰ ত্ৰিৰঙ্গা’ অভিযানত অংশগ্ৰহণ কৰা সকলে লাভ কৰা প্ৰমাণ পত্ৰৰ প্ৰতিনিধত্বমূলক ছবি
‘হৰ ঘৰ ত্ৰিৰঙ্গা’ অভিযানত অংশগ্ৰহণ কৰা সকলে লাভ কৰা প্ৰমাণ পত্ৰৰ প্ৰতিনিধত্বমূলক ছবি
গুৱাহাটী 
 
স্বাধীনতা দিৱস উপলক্ষে দেশত ‘হৰ ঘৰ ত্ৰিৰঙ্গা’ অভিযান অব্যহত আছে। এই অভিযানত অংশগ্ৰহণ কৰা সকলোৱে একোখনকৈ প্ৰমাণ পত্ৰ লাভ কৰিব পাৰিব। এই অভিযানৰ অধীনত নাগৰিকসকলক স্বাধীনতা দিৱস পালন কৰিবলৈ নিজৰ নিজৰ ঘৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ প্ৰেৰণা দিয়া হৈছে। স্বাধীনতা দিৱস উপলক্ষে, ভাৰত চৰকাৰে আজাদী কা অমৃত মহোৎসৱ উদযাপন কৰিবলৈ ঘোষণা কৰিছে। 
 
 
উল্লেখযোগ্য যে, ‘হৰ ঘৰ ত্ৰিৰঙ্গা’ অভিযান স্বাধীনতা দিৱসৰ এক অংশ। এই পদক্ষেপে সমগ্ৰ ভাৰতৰ লোকসকলক দেশৰ নাগৰিকসকলৰ মাজত সজাগতা বৃদ্ধি কৰিবৰ বাবে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ উৎসাহিত কৰিব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে, বিগত ২২ জুলাইত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই অভিযান আৰম্ভ কৰিছিল।  
প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ জনসাধাৰণক ১৩ ৰ পৰা ১৫ আগষ্টলৈ নিজৰ নিজৰ ঘৰত পতাকা উত্তোলন কৰিবলৈ আহ্বান জনাইছিল। লগতে, দেশৰ জনসাধাৰণক ২ আগষ্টৰ পৰা ১৫ আগষ্টলৈ সামাজিক নেটৱৰ্কিং ছাইটত তেওঁলোকৰ প্ৰ'ফাইল ফটোৰ সলনি কৰিবলৈও পৰামৰ্শ প্ৰদান কৰিছিল। তথ্য অনুসৰি, যিসকল ব্যক্তিয়ে এই অভিযানত অংশগ্ৰহণ কৰিছে তেওঁলোকে ইয়াৰ প্ৰমাণপত্ৰ লাভ কৰিব পাৰিব।  
প্ৰমাণপত্ৰ ডাউনলোড কৰিবলৈ harghartirang.com অফিচিয়েল ৱেবছাইটলৈ গৈ ৱেবছাইটোৰ নিৰ্দিষ্ট/উপযুক্ত স্থানত নিজৰ নাম আৰু ম'বাইল নম্বৰৰ সৈতে এখন প্ৰ'ফাইল ফটো প্ৰদান কৰিব লাগিব। নিজৰ গুগল একাউণ্টৰ জৰিয়তে ৱেবছাইটো লগইন কৰিব লাগিব। তাৰ পিছত অফিচিয়েল ছাইটোত আপোনাৰ অৱস্থানৰ প্ৰৱেশাধিকাৰ দিব। ৱেবছাইটত প্ৰৱেশাধিকাৰ দিয়া আপোনাৰ অৱস্থানত জাতীয় পতাকাখন পিন কৰিব লাগিব। অৱস্থানটো পিন কৰাৰ পিছত, আপুনি এখন প্ৰমাণপত্ৰ লাভ কৰিব।