কাৰাগাৰত বন্দী হৈ থকা কাশ্মীৰ বিচ্ছিন্নতাবাদী নেতা আলতাফ শ্বাহৰ মৃত্যু

Story by  atv | Posted by  Munni Begum • 1 Years ago
আলতাফ শ্বাহ
আলতাফ শ্বাহ
নতুন দিল্লী
 
নতুন দিল্লীৰ নিখিল ভাৰত চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান (এইমছ)ত কাৰাগাৰত বন্দী হৈ থকা কাশ্মীৰী বিচ্ছিন্নতাবাদী নেতা তথা প্ৰয়াত হুৰিয়তৰ নেতা চৈয়দ আলী শ্বাহ গীলানীৰ জোঁৱায়েক আলতাফ শ্বাহৰ মৃত্যু হয়।  
 
কিছুদিন পূৰ্বে তেওঁক চিকিৎসাৰ বাবে তিহাৰ কাৰাগাৰৰ পৰা এইমছলৈ স্থানান্তৰ কৰা হৈছিল। মঙলবাৰে পুৱাৰ ভাগত কৰ্কট ৰোগত আক্ৰান্ত হৈ ৬৬ বছৰীয়া আলতাফ শ্বাহৰ মৃত্যু হয়।
আলতাফ শ্বাহৰ কন্যাই এক টুইটযোগে কয় যে এজন বন্দী হিচাপে তেওঁ নতুন দিল্লীৰ নিখিল ভাৰত চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান (এইমছ)ত শেষ উশাহ লৈছিল। 
ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই তদন্ত কৰা সন্ত্ৰাসবাদী পুঁজিৰ গোচৰত ২০১৭ চনৰ ২৫ জুলাইত শ্ৰীনগৰৰ সৌৰা স্থানীয় বাসিন্দা হুৰিয়ত নেতাজনক আন ৬ জন লোকৰ সৈতে গ্ৰেপ্তাৰ কৰি তিহাৰ কাৰাগাৰত দাখিল কৰা হৈছিল। 
দিল্লী উচ্চ ন্যায়ালয়ে ১ অক্টোবৰত শ্বাহক বৃক্কৰ কৰ্কট ৰোগত আক্ৰান্ত হোৱা বুলি কোৱাৰ পিছতে দিল্লীৰ এইমছলৈ স্থানান্তৰিত কৰাৰ নিৰ্দেশ দিছিল।