চিকাৰৰ মোহৰ পৰা বন্যপ্ৰাণীৰ মোহলৈ -- জয়নাল আবেদিনৰ বৰ্ণিল জীৱন কাহিনী

Story by  atv | Posted by   Imtiaz Ahmed • 2 Years ago
জয়নাল আবেদীন
জয়নাল আবেদীন
দৌলত ৰহমান/গুৱাহাটী

ওখ আৰু সুঠাম স্বাস্থ্যৰ অধিকাৰী জয়নাল আবেদিন এসময়ৰ এগৰাকী তীক্ষ্ণ আৰু পেছাদাৰী চিকাৰী। কিন্তু আজি তেওঁ অসমৰ এজন অগ্রনুৱা বন্যপ্ৰাণী সংৰক্ষক। তেওঁ দেউতাকৰ লগত থকা বন্দুকৰ প্ৰতি সৰুৰে পৰাই যথেষ্ট আকৰ্ষিত হৈছিল আৰু পিছলৈ চিকাৰত দেউতাকৰ সংগী হৈ পৰিছিল।
 
আৱাজ দ্যা ভইছৰ সৈতে হোৱা সাক্ষাৎকাৰত জয়নাল আবেদিনে কয়: "মোৰ দেউতাই  ডিব্রু ছৈখোৱা বনাঞ্চলত প্ৰায়ে চিকাৰ। সেই সময়ত ডিব্রু ছৈখোৱাক জৈৱমণ্ডল সংৰক্ষণ হিচাপত ঘোষণা কৰা হোৱা নাছিল। লাহে লাহে মই দেউতাক অনুসৰণ কৰিবলৈ ধৰিলোঁ।  চিকাৰৰ সৈতে জড়িত বিপদ আৰু প্ৰত্যাহ্বানে মোৰ মনত আলোড়নৰ সৃষ্টি কৰিছিল।। হাঁহ কুকুৰা মাৰিবলৈ অৰণ্যত মোৰ চমু প্ৰবেশৰ আৰম্ভণি হৈছিল। প্ৰথমতে মই ভাবিছিলোঁ যে এইটো কেৱল মোৰ এটা চখ হ'ব বেলেগ একো নহয়। কিন্তু পিছলৈ অৰণ্যৰ ভিতৰত থকা প্ৰচুৰ বন্যপ্ৰাণীয়ে বিভিন্ন ক্ষেত্ৰৰ  প্ৰভাৱশালী লোকসকলক আকৰ্ষিত কৰিবলৈ আৰম্ভ কৰিবলৈ ধৰিলে  আৰু মই তেওঁলোকৰ সৈতে চিকাৰৰ বাবে বনাঞ্চললৈ সঘনাই  যাবলৈ আৰম্ভ কৰিলোঁ। লাহে লাহে অনুভৱ নকৰাকৈয়ে মই এজন পেছাদাৰী চিকাৰী হৈ পৰিলোঁ।"
 
কিন্তু দুটা ঘটনাই -- গৰ্ভজাত ম'হৰ পোৱালিৰ অকাল মৃত্যু আৰু এটা বনৰীয়া হাতীৰ গছকত এজন বন বিষয়াৰ মৃত্যুৰ ঘটনাই -- জয়নালৰ জীৱনৰ গতি সলনি কৰিলে পেলালে। প্ৰথম ঘটনাটো ১৯৯১ ৰ পৰা ১৯৯২ চনৰ ভিতৰত অসমৰ এক উগ্ৰপন্থী সংগঠন তদানীন্তন নিষিদ্ধ আলফাৰ বিৰুদ্ধে সেনাৰ প্ৰথম অভিযানৰ সময়ত সংঘটিত হৈছিল।
 
জয়নালে কয়: "মই এজন জ্যেষ্ঠ ভাৰতীয় সেনা বিষয়াক লগ পাইছিলোঁ। বিষয়াজনে ম'হৰ শিং বিচাৰিছিল। মই তেওঁক কৈছিলোঁ যে বহু ম'হৰ শিং খুলি অৰণ্যত পৰি থকা দেখা গৈছিল আৰু তেওঁ সেইবোৰৰ পৰা যিকোনো এটা ল'ব পাৰে। কিন্তু সেনা বিষয়া গৰাকীয়ে মোক জোৰ দিছিল যে মই এটা জীৱিত ম'হ গুলিয়াব লাগে আৰু শিংটো তেঁওক দিব লাগে। সেই দিনবোৰত এজন সেনা বিষয়াৰ ইচ্ছাক 'না' কোৱাটো কঠিন আছিল। অৱশেষত মই এটা জীৱিত বনৰীয়া ম'হৰ সন্ধানত অৰণ্যলৈ গৈছিলোঁ আৰু সেইসময়ত নিৰীহ জন্তুটো গৰ্ভৱতী বুলি অনুভৱ নকৰাকৈ গুলিয়াই দিছিলোঁ। সেইটোৱেই মই মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল কৰিছিলোঁ। তেতিয়াৰ পৰা মই অনুশোচনা কৰিবলৈ জীয়াই আছোঁ আৰু গোটেই জীৱন বন্দুকৰ পৰা আঁতৰি থাকিবলৈ সিদ্ধান্ত লৈছিলোঁ।"
ম'হ হত্যা ঘটনাৰ ঠিক পিছতে জয়নালে এজন ব্যক্তিক লগ পাইছিল যিয়ে তেখেতৰ জীৱনৰ গতিপথ সলনি কৰিছিল। ১৯৯২ চনত নাৰায়ণ চি শৰ্মা নামৰ এগৰাকী বিষয়া বন পৰিসৰ বিষয়াৰূপে ডিব্রু ছৈখোৱালৈ আহিছিল। শৰ্মা সম্পূৰ্ণৰূপে নিৰ্ভীক আৰু বন্যপ্ৰাণী সুৰক্ষাৰ কাৰণে সমৰ্পিত আছিল। 
 
জয়নাল আবেদীনে পৰিৱেশ শিবিৰ অংশগ্ৰহণকাৰীক গছপুলি উপহাৰ দিছে
 
জয়নালে কয়: "সমগ্ৰ অসমত নাৰায়ণ চি শৰ্মাই বহুতৰে জীবন সলনি কৰিছিল।তাৰে ভিতৰত ময়ো এজন। তেওঁ প্ৰথম অহাৰ লগে লগে স্থানীয় লোকসকলক ফোন কৰিছিল আৰু আমাক চিকাৰৰ বিপদৰ বিষয়ে কৈছিল। তেওঁ অৰণ্যৰ বিভিন্ন জন্তু আৰু পৰিবেশ তন্ত্ৰৰ ভিতৰত তেওঁলোকৰ গুৰুত্বৰ ওপৰত শ্লাইড দেখুৱাই ঘণ্টাৰ পিছত ঘন্টা অতিবাহিত কৰিছিল।" 
 
শৰ্মাই বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰতি আগ্ৰহ বিকশিত কৰিবলৈ আবেদিনৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছিল। অৰণ্যৰ বিষয়ে জয়নালৰ বিশাল জ্ঞান অৱশেষত ভালদৰে ব্যৱহাৰ কৰা হৈছিল। জয়নালক লৈ শৰ্মাই বনৰীয়া হাতীক ট্ৰেংকুলাইজ কৰিবলৈ গাঁওলৈ যাবলৈ আৰম্ভ কৰিছিল। 
 
 
জয়নালে কয়: "১৯৯৮ চনৰ এটা সন্ধিয়া নাৰায়ন শৰ্মাই মোক কিছুমান পৰ্যটকৰ সৈতে বন শিবিৰত থাকিব কৈছিল। আনহাতে শৰ্মাই মই বাধা দিয়া স্বত্বেও  অকলে  বনৰীয়া হাতী ট্ৰেংকুলাইজ কৰিবলৈ গৈছিল। মোৰ জীৱনত হঠাৎ অন্ধকাৰ নামি আহিছিল যেতিয়া মই গম পালোঁ যে বনৰীয়া হাতীক শান্ত কৰিব চেষ্টা কৰোঁতেই শৰ্মাক হাতীয়ে  ভৰিৰে গছকি প্ৰাণ লৈছিল। মই হঠাৎ মোৰ পথ প্ৰদৰ্শকক হেৰুৱাই দিশহাৰা হৈ পৰিছিলোঁ  আৰু মই আত্মগ্লানিত ভুগিব ধৰিলোঁ যে মই হয়তো শৰ্মাৰ লগত থকা হলে তেঁওক বনৰীয়া হাতীয়ে প্ৰাণ ল'ব নোৱাৰিলে হেতেন। সেইদিনবোৰ মোৰ বাবে অত্যন্ত অন্ধকাৰ দিন আছিল। কিন্তু মোৰ অন্তৰাত্মাই মোক কৈছিল যে মই শৰ্মা ডাঙৰীয়াৰ দুখদায়ক  মৃত্যুক অথলে যাব দিব নোৱাৰো আৰু  মই বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰচেষ্টা দুগুন কৰিলোঁ। 
 
জয়নাল আবেদীন তেওঁৰ পৰিবেশ পৰ্যটন লজত
 
জয়নালে পিছত ডিব্রু ছৈখোৱা সংৰক্ষণ সমিতি প্ৰতিষ্ঠা কৰিছিল। তেতিয়াৰে পৰা তেওঁ পিছলৈ ঘূৰি চোৱা নাছিল আৰু বন্যপ্ৰাণী সংৰক্ষণৰ বাবে ডিব্রু ছৈখোৱা ৰাষ্ট্রীয় উদ্যানৰ চুবুৰীয়া গাঁওবোৰত সজাগতা শিবিৰ আৰু অন্যান্য বিভিন্ন কাৰ্যকলাপ চলাই আহিছে। ডিব্রু ছৈখোৱাকে ধৰি বিভিন্ন বনাঞ্চলত এতিয়াও চিকাৰ সংঘটিত হোৱা বিষয়ে উদ্বেগ প্ৰকাশ কৰি জয়নালে কয়: "মই সদায় বিভাগৰ বিষয়াসকলক স্থানীয় লোকসকলৰ শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ কওঁ। যদি তেওঁলোকৰ ওচৰত সুন্দৰ জীৱিকা অৰ্জনৰ উপায় থাকে তেতিয়া তেওঁলোকে কেতিয়াও চিকাৰৰ আশ্ৰয় নলয়।"
 
জয়নালে এতিয়া ডিব্রু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত থকা তেওঁৰ পৰিবেশ পৰ্যটন লজত কাম কৰিবৰ বাবে স্থানীয় যুৱকক নিযুক্ত কৰিছে লগতে তেওঁ কয়: "পৰ্যটনৰ বতৰত, তেওঁলোকে প্ৰতিটো নাও ভ্ৰমণৰ বাবে ৩০০ টকা উপাৰ্জন কৰে। যদি তেওঁলোকে দিনে চাৰিবাৰ ভ্ৰমণ কৰে তেন্তে তেওঁলোকে নিন্মতম ১২০০ টকা উপাৰ্জন কৰে। এইখিনি টকা পোৱাৰ পিছত তেওঁলোকে নিজৰ জীৱন বিপদত পেলাই অৰণ্যলৈ চিকাৰত কেতিয়াও যাব নোৱাৰে।"
জয়নালে আশা কৰে যে অসমৰ সকলো ৰাষ্ট্ৰীয় উদ্যান, সংৰক্ষিত বনাঞ্চল, বন্যপ্ৰাণী অভয়াৰণ্য আৰু অন্যান্য বনাঞ্চলত চিকাৰ আৰু চোৰাং চিকাৰীৰ  এদিন সমাপ্তি ঘটিব। "মই বিশ্বাস কৰোঁ যে এতিয়াও নাৰায়ণ শৰ্মাৰ দৰে বিষয়া বন বিভাগত আছে।আৰু তেওঁলোকে বন্যপ্ৰাণী সুৰক্ষাত নিজকে উছৰ্গিত কৰিব।  মই মোৰ মৃত্যুৰ শেষ মুহূৰ্তলৈ বন্যপ্ৰাণীৰ সংৰক্ষণৰ বাবে সকলো প্ৰচেষ্টা কৰি যাম।“ জয়নালে দৃঢ়তাৰে কয়।