কৰ্ণাটকত ঈদগাহৰ দেৱাল নিৰ্মাণৰ বাবে ভূমি দান ৩ হিন্দু লোকৰ

Story by  atv | Posted by  [email protected] • 1 Years ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি

মালিক আছগৰ হাছমি/ নতুন দিল্লী

হাজাৰ হাজাৰ বছৰ ধৰি দেখি অহা ভাৰতৰ ঐক্য-সংহতি আৰু ধৰ্মীয় সম্প্ৰীতিৰ ছবি দেশত পুনৰ এবাৰ দেখিবলৈ পোৱা গৈছে। ধৰ্মীয় অসহিষ্ণুতাই দেশৰ বিভিন্ন প্ৰান্তত নিতৌ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰি থকাৰ সময়তে কৰ্ণাটকৰ দেৱাংগীৰ জিলাৰ তিনিগৰাকী হিন্দু সম্প্ৰদায়ৰ লোকে প্ৰদৰ্শন কৰা সাম্প্ৰদায়িক একতা আৰু সম্প্ৰীতিয়ে সমগ্ৰ দেশলৈ ইতিবাচক বাৰ্তা কঢ়িয়াই আনিছে। এই তিনিওগৰাকী হিন্দু লোকে প্ৰায় এবছৰ পূৰ্বে এখন ঈদগাহ ময়দানৰ দেৱাল নিৰ্মাণৰ বাবে ভূমি দান কৰাৰ বাতৰি শেহতীয়াকৈ পুনৰ চৰ্চালৈ আহিছে।

কৰ্ণাটকৰ এগৰাকী জ্যেষ্ঠ আইএএছ বিষয়া মহম্মদ মহছিনে টুইটাৰযোগে এই ঘটনাটো পোহৰলৈ আনিছে। তেওঁ টুইটত এইদৰে কয়, "যেতিয়া সমগ্ৰ বিশ্বই ঈদ উৎসৱ উদযাপন কৰি আছিল,সেই সময়তে কৰ্ণাটকৰ দেৱাংগীৰ জিলাৰএখন দূৰৱৰ্তী গাওঁৰ এক হৃদয়স্পৰ্শী কাহিনী জানিব পৰা গৈছে। ইয়াৰ হিন্দুসকলে ঈদগাহৰ দেৱাল নিৰ্মাণৰ বাবে ভূমি দান কৰিছিল।"

তেওঁ লগতে কয় যে যোৱা বছৰ আনাবেৰু গাঁৱত ঈদগাহৰ নিৰাপত্তাৰ বাবে এখন নতুন দেৱাল নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছিল। সেই সময়ত ঈদগাহ সমিতিক যথেষ্ট ভূমিৰ প্ৰয়োজন হৈছিল। ইয়াৰ পিছত স্থানীয় বাসিন্দা ৰাজশেখৰাপ্পা, কে.চিৰাজাপ্পা আৰু বালাগিতাৰা শেখৰাপ্পা আগুৱাই আহে আৰু ঈদগাহৰ ওচৰত থকা তেওঁলোকৰ ভূমি দান কৰে।

অৱশেষত হিন্দু লোক কেইগৰাকীয়ে দান কৰা ভূমিত ঈদগাহৰ এখন নতুন দেৱাল নিৰ্মাণ কৰা হয়। মহছিনে আৰু টুইট কৰে যে দেৱাল নিৰ্মাণত তেওঁলোকৰ সমৰ্থনৰ বাবে দাতাসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হৈছিল।

হিজাব, হালাল আৰু লাউডস্পীকাৰ বিতৰ্কই কৰ্ণাটকৰ পৰিস্থিতি উত্তপ্ত কৰি ৰখাৰ সময়তে এবছৰ পূৰ্বৰ এই পৰিঘটনা পুনৰ ব্যাপক চৰ্চালৈ আহিছে। হিন্দু লোক কেইজনৰ মহানুভৱতাই ৰাজ্যখনত শান্তি-সম্প্ৰীতিৰ বাৰ্তা বিয়পাইছে।

উল্লেখ্য যে, দুদিন পূৰ্বে উত্তৰাখণ্ডৰ কাশীপুৰ চহৰৰ দুগৰাকী হিন্দু ভগ্নী ক্ৰমে সৰোজ আৰু অনিতাই তেওঁলোকৰ পিতৃৰ মনোবাঞ্ছা পূৰণ কৰি ১.৫ কোটিতকৈও অধিক মূল্যৰ মাটি এটা ঈদগাহলৈ দান কৰিছিল। একেদৰে, মহাৰাষ্ট্ৰৰ বুলধানা জিলাৰ এখন হিন্দু গাওঁৰ বাসিন্দাই মছজিদত আজান দিয়াত ব্যৱহাৰ কৰিবলৈ একাংশ মুছলমান ভাই-বন্ধুক লাউডস্পীকাৰ উপহাৰ হিচাপে আগবঢ়োৱাৰ আন এক সম্প্ৰীতিৰ বাতৰি সংবাদ-মাধ্যমত প্ৰকাশ পাইছিল।