ৰাষ্ট্ৰই ২৬/১১ ৰ শ্বহীদ সকলক স্মৰণ কৰে

Story by  atv | Posted by  Munni Begum • 2 Years ago
কোবিন্দ,  শ্বাহ আৰু  সিং
কোবিন্দ, শ্বাহ আৰু সিং

নতুন দিল্লী

 

মুম্বাইৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ১৩ সংখ্যক বাৰ্ষিকী উপলক্ষে শুকুৰবাৰে ৰাষ্ট্ৰপতি ৰামনাথ  কোবিন্দ, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

 
ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে এক টুইটযোগে কয়, "শ্বহীদ সকললৈ মোৰ আন্তৰিক শ্ৰদ্ধাঞ্জলি আৰু ২৬/১১ ত মুম্বাইৰ সন্ত্ৰাসবাদী আক্ৰমত ভুক্তভোগী সকললৈ শ্ৰদ্ধাঞ্জলি। কৰ্তব্যৰ শাৰীত প্ৰাণ আহুতি দিয়া নিৰাপত্তা বাহিনীৰ সাহসিকতা আৰু ত্যাগৰ বাবে ৰাষ্ট্ৰ সদায় কৃতজ্ঞ হৈ  থাকিব।" 
শ্বহীদ সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি গৃহমন্ত্ৰী অমিত শ্বাহে টুইটযোগে  কয়, " সাহসিকতাৰে সন্ত্ৰাসবাদীৰ সন্মুখীন হোৱা ২৬/১১ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ শ্বহীদসকলক মই শ্ৰদ্ধাঞ্জলি জনাইছো। সমগ্ৰ দেশে তেওঁলোকৰ বীৰত্বৰ বাবে গৌৰৱান্বিত হ'ব আৰু তেওঁলোকৰ ত্যাগৰ বাবে ঋণী হৈ থাকিব।"
 
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে টুইটত কয়, "২৬ নৱেম্বৰত মুম্বাইত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ১৩ সংখ্যক বাৰ্ষিকীত আমি হেৰুওৱা নিৰীহ লোকসকলৰ কথা মনত ৰাখিছো। সেই আক্ৰমণত প্ৰাণ হেৰুওৱা সকলোলৈ মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছ । আমাৰ নিৰাপত্তা বাহিনীয়ে ২৬/১১ ৰ আক্ৰমণৰ সময়ত দৃষ্টান্তমূলক সাহসিকতা প্ৰদৰ্শন কৰিছিল। মই তেওঁলোকৰ সাহসিকতা আৰু ত্যাগক শ্ৰদ্ধাৰে স্মৰণ কৰিছো।"
 
২০০৮ চনৰ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণত ১৮ জন সুৰক্ষা কৰ্মীসহ প্ৰায় ১৬৬ জন লোক নিহত হৈছিল।