মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ₹৫১ লাখ বৰঙণি বিদ্ৰোহী শিৱসেনাৰ বিধায়কৰ

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
নতুন দিল্লী 
 
মহাৰাষ্ট্ৰৰ বিদ্ৰোহী শিৱসেনাৰ বিধায়কসকলে অসমত বান সাহায্যৰ কামৰ বাবে ৫১ লাখ টকাৰ বৰঙণি আগবঢ়াইছে। তেওঁলোকে যোৱা সপ্তাহৰ পৰা গুৱাহাটীত শিবিৰ পাতি আছে বুলি বুধবাৰে শিৱসেনা মুখপাত্ৰই জনাইছে। 
 
জ্যেষ্ঠ নেতা একনাথ শিন্দেৰ নেতৃত্বত সেনা বিধায়কসকলে তেওঁলোকৰ দলৰ বিৰুদ্ধে বিদ্ৰোহৰ বেনাৰ উত্থাপন কৰিছে। এই বিধায়কসকল প্ৰথমে ২২ জুনত গুৱাহাটীলৈ আহিছিল আৰু পৰৱৰ্তী সময়ত গুজৰাটৰ চুৰাটৰ পৰা চাৰ্টাৰ্ড ফ্লাইটত কেইবাটাও দলত বিভক্ত হৈ আহিছিল।
 
এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক টুইট কৰি কয়, "মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ₹৫১ লাখ অৰিহণা যোগোৱাৰ বাবে একনাথ শিন্দেৰ নেতৃত্বধীন শিৱসেনাৰ বিধায়কসকলৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলো। এই অনুদানে বানপীড়িতসকলৰ ওচৰলৈ যোৱা আৰু আমাৰ ৰাজ্যৰ বানপীড়িত অঞ্চলসমূহত সহায়ক হব।" 
অসমৰ কিছু অংশত তীব্ৰ বানপানীৰ সৈতে যুঁজি থকাৰ সময়তো সেনাৰ ভিন্ন মতাবলম্বীসকলে গুৱাহাটীৰ এখন বিলাসী হোটেলত থকা বুলি সমালোচনা হৈ থকাৰ মাজতে বিদ্ৰোহী বিধায়কসকলৰ মুখপাত্ৰ দীপক কেচৰকাৰে পিটিআইক কয়, "শিন্দেয়ে তেওঁলোকৰ চলিত উদ্ধাৰ কাৰ্য্যত আমাৰ অৱদান হিচাপে অসম মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি আগবঢ়াইছে। আমি  অসমৰ বানপীড়িত লোকসকলৰ দুৰ্দশাক উপেক্ষা কৰিব নোৱাৰো।" 
কেচৰকাৰে লগতে কয় যে মহাৰাষ্ট্ৰৰ ৰাজ্যপাল বি এছ কোশিয়াৰেয়ে উদ্ধৱ ঠাকৰে নেতৃত্বাধীন মহা বিকাশ আঘাদী (এম ভি এ) চৰকাৰক বৃহস্পতিবাৰে আস্থা ভোটৰ সন্মুখীন হ'বলৈ কোৱাৰ লগে লগে বিদ্ৰোহী বিধায়কসকলে বুধবাৰে গুৱাহাটীৰ পৰা বাহিৰলৈ গৈ মুম্বাইৰ ওচৰৰ ঠাইলৈ যোৱাৰ সিদ্ধান্ত লৈছে।
অৱশ্যে শিন্দেৰ এজন ঘনিষ্ঠ সহায়কে কৈছিল যে দলটো গোৱাস্থিত এখন হোটেলত থাকিব আৰু বৃহস্পতিবাৰে পুৱা ৯.৩০ বজাৰ ভিতৰত মুম্বাইত উপস্থিত হ'ব।
 
কেচৰকাৰে কয়, "আমি মুম্বাইৰ পৰা এক ঘণ্টাৰ নাতিদূৰত্বৰ ঠাইত থাকিম। যাতে আমি আস্থা ভোটৰ বাবে আৰামেৰে ৰাজ্যৰ ৰাজধানীত উপস্থিত হ'ব পাৰোঁ। সিদ্ধান্তটো (আস্থা ভোটৰ) হ'ব যিটো আমি আমাৰ নেতৃত্বৰ পৰা দীৰ্ঘদিন ধৰি দাবী কৰি আহিছো।"
শিৱসেনাৰ সভাপতি তথা মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ প্ৰতি হতাশা ব্যক্ত কৰি তেওঁ কয় যে দলৰ বিধায়কসকলে তেওঁক এন চি পি আৰু কংগ্ৰেছৰ (চৰকাৰৰ সহযোগী) পৰা আঁতৰি যাবলৈ কৈ আহিছে। কিন্তু তেওঁ কেতিয়াও তেওঁলোকৰ কথা শুনা নাছিল।  
পি টি আইৰ বাতৰি অনুসৰি কেচৰকাৰে কয়, "যিহেতু শিৱসেনাৰ বেছিভাগ বিধায়কে এই দুটা দলৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত লৈছিল। তেওঁৰ (ঠাকৰে) সৈতে থকা বাকী সেনা বিধায়কসকলে আস্থা ভোটৰ সময়ত আমাৰ হুইপ মানি চলিব লাগিব।" 
 
তেওঁ কয়, "ঠাকৰেয়ে নিশ্চিতভাৱে কিছুমান নিৰ্দেশনা জাৰি কৰিব পাৰে। কিন্তু যেতিয়া আমি সদনত থাকো, আমি দেশৰ সংবিধানৰ দ্বাৰা আবদ্ধ।" শিন্দে বুধবাৰে কৈছিল যে তেওঁ অৱৰুদ্ধ উদ্ধৱ ঠাকৰে নেতৃত্বাধীন সেনা-এনচিপি-কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে  আস্থা ভোটৰ বাবে মুম্বাইলৈ উভতি আহিব।