মুন্নী বেগম / গুৱাহাটী
প্ৰাকৃতিক সম্পদৰে চহকী উত্তৰ পূৰ্বাঞ্চলৰ বাঁহ শিল্পই হস্তশিল্প ক্ষেত্ৰখনত বিশেষ স্থান দখল কৰি আহিছে৷ ৰাজ্যৰ লাখ লাখ নিবনুৱাই কৰ্ম-সংস্থাপনৰ অভাৱত হাবাথুৰি খাই থকাৰ সময়তে বৰপেটা জিলাৰ তিনিখনকৈ গাৱৰ লোকে কুটিৰ শিল্প তথা বাঁহৰ সামগ্ৰী নিৰ্মাণেৰে স্বাৱলম্বিতাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। সংখ্যালঘু লোকে বাস কৰা গাঁও তিনিখনৰ বাসিন্দাসকলে বাঁহ শিল্পকে জীৱন আৰু জীৱিকাৰ অংশ কৰি লৈছে। তেওঁলোকে ইয়াৰ জৰিয়তে পৰিয়ালৰ পোহ পাল দি আহিছে। বাঁহ শিল্পৰ নিৰ্মাণকাৰ্যত সদায় জড়িত হৈ থকা এই গাওঁ তিনিখন হৈছে ৰাইপুৰ,ভালুকী আৰু জোছিহাতী।
অৱাজ দ্যা ভইছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এগৰাকী বাঁহ শিল্পী মইনুল হকে কয়, "কুটিৰ শিল্প তথা বাঁহৰ সামগ্ৰী নিৰ্মাণ মই শৈশৱৰে পৰা দেখি আহিছো। মোক মোৰ দেউতাই কোৱা অনুসৰি আমাৰ পুৰ্বপুৰুষসকল এই শিল্পকৰ্মৰ সৈতে জড়িত হৈ আছিল। বৰ্তমান এই শিল্পকৰ্ম আমাৰ পৰিয়ালৰ লগতে তিনিখনকৈ গাৱৰ লোকৰ জীৱিকাৰ মূল আধাৰ হৈ পৰিছে। বৰপেটাৰ ৰাইপুৰ,ভালুকী আৰু জোছিহাতী নামে এই তিনিখন গাৱৰ যুৱক যুৱতীসকলে বাঁহৰ শিল্পকৰ্মৰ এক পৰিবেশৰ মাজত নিজৰ শৈশৱ অতিবাহিত কৰে আৰু পিছলৈ চৰকাৰী চাকৰিৰ আশাত বহি নাথাকি এই শিল্পকৰ্মৰ সৈতে জৰিত হৈ নিজকে স্বাৱলম্বী কৰি তোলে। বৰ্তমান বহু উচ্চ শিক্ষিত যুৱক যুৱতীয়ে নিজৰ উচ্চ শিক্ষা সাং কৰি বাঁহ শিল্পকৰ্মক জীৱিকা হিচাপে গ্ৰহণ কৰিছে আৰু বিভিন্ন ঠাইত সন্মানিত হৈ আহিছে। আমাৰ জিলাৰ এই গাওঁ তিনিখনৰ শিশুৰ পৰা বৃদ্ধালৈ সকলো পুৰুষ তথা মহিলা উভয়ে বাঁহৰ বিভিন্ন সামগ্ৰী নিৰ্মান কৰি আহিছে। যি বৰ্তমান মানুহৰ মাজত খুবেই জনপ্ৰিয়তা লাভ কৰিছে।"
পূৰ্বতে ঘৰুৱা ব্যৱহাৰযোগ্য বিভিন্ন সামগ্ৰী বাঁহ আৰু বেতেৰে নিৰ্মান কৰি লোৱা হৈছিল। কিন্তু সময় বাগৰাৰ লগে লগে বাঁহ আৰু বেতৰ সামগ্ৰীৰ ঠাইত প্লাষ্টিক তথা ফাইবাৰেৰে নিৰ্মিত সামগ্ৰীয়ে বজাৰ ভৰি পৰিছে। যাৰ ফলত থলুৱা শিল্পীসকলৰ জীৱিকাৰ ক্ষেত্ৰত কিছু পৰিমানে ভাবুকি আহি পৰিছিল।
বাঁহেৰে নিৰ্মাণ কৰা পানীৰ বটল, ট্ৰেৰ লগতে অন্য গৃহ সজ্জাৰ সামগ্ৰী
মইনুল হকে কয়, "বাঁহেৰে নিৰ্মিত সামগ্ৰীবোৰ আমাৰ স্বাস্থ্য তথা পৰিবেশৰ প্ৰতি অনুকূল হয়। পূৰ্বতে মানুহে বাঁহেৰে নিৰ্মিত সামগ্ৰী ব্যৱহাৰ কৰিছিল। কিন্তু বাঁহৰ সামগ্ৰী দীৰ্ঘম্যাদী নহয়। সেয়েহে সময় বাগৰাৰ লগে লগে মানুহে প্লাষ্টিক তথা ফাইবাৰেৰে প্ৰস্তুত সামগ্ৰী ব্যৱহাৰ কৰিবলৈ লয়। যাৰ ফলত বাঁহৰ সামগ্ৰীৰ আদৰ কিছু হ্ৰাস পাইছিল। ফলত শিল্পীসকলৰ জীৱিকাৰ ক্ষেত্ৰত নানান সমস্যাই দেখা দিছিল। কিন্তু বৰ্তমান বাঁহৰ সামগ্ৰীয়ে পুনৰ ৰাইজৰ মাজত নিজৰ জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। বৰ্তমান অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ লগতে দেশৰ বিভিন্ন ৰাজ্যৰ গ্ৰাহকে বাঁহৰ সামগ্ৰী ক্ৰয় কৰা দেখা যায়।"
সাধাৰনতে বাঁহৰ বিভিন্ন সামগ্ৰীবোৰ দা, কটাৰী, হেক্শ্ব’ ব্লেড, আঠা, বেত আৰু প্লাষ্টিক আদি ব্যৱহাৰ কৰি নিৰ্মান কৰা হয়। বাঁহৰ মিহি দৈ প্ৰস্তুত কৰি তৈয়াৰ কৰা বাঁহৰ বিভিন্ন সামগ্ৰী বেতেৰে বান্ধি দিয়া হয়, যদিও বৰ্তমান বেতৰ অভাৱৰ ফলত প্লাষ্টিকেৰে বান্ধি দিব লগা হয়।
বাঁহেৰে নিৰ্মিত চোফাছেট
মইনুল হকে কয়, "বাঁহৰ বিভিন্ন সামগ্ৰীবোৰ দা, কটাৰী, হেক্শ্ব’ ব্লেড, আঠা, বেত আৰু প্লাষ্টিক আদি ব্যৱহাৰ কৰি নিৰ্মান কৰা হয়। বাঁহেৰে নিৰ্মিত সামগ্ৰীত সচৰাচৰ কোনো ধৰনৰ ৰং ব্যৱহাৰ কৰা নহয়। আমি বাঁহৰ সামগ্ৰী নিৰ্মান কৰিবলৈ বিশেষকৈ জাতি বাঁহ, ভলোকা বাঁহ, বিজুলী বাঁহ, কেকো বাঁহ আৰু আৰোলী বাঁহ ব্যৱহাৰ কৰো। বাঁহসমূহ আমি কিছু নিজৰ ঘৰতে উৎপাদন কৰো আৰু কিছু ওচৰ পাজৰ অঞ্চলৰ পৰা সংগ্ৰহ কৰো। বাঁহবোৰৰ কটাৰীৰে কাটি মিহি দৈ প্ৰস্তুত কৰি বিভিন্ন সামগ্ৰীৰ আকৃতি দিওঁ আৰু পিছত সামগ্ৰীবোৰত আঠা লগাই বেত তথা প্লাষ্টিক ৰছীৰে বান্ধি জুইৰ তাপত ৰঙচুৱা কৰি আকৰ্ষনীয় কৰি তুলো।"
বাঁহেৰে নিৰ্মিত সামগ্ৰী
"আমি প্ৰস্তুত কৰা বিভিন্ন প্ৰকাৰৰ সামগ্ৰী ক্ৰমে চালনি, কুলা, ডুকলি, গুড়া চালনী, জাকৈ, টুকুৰী, খৰাহী, শেনী, লেহেতী, পলৌ, জুলুকি, ধাৰী,পাতি, চেপা, বহা, জাপি, বিচনি, বটল, ফুলদানী, ট্ৰে, আৰাম চীয়াৰ, ছোফাছেট, ডাইনিং টেবুল, শৰাই, ঢোল, খোল, টেবুল লাইট, বিভিন্ন গৃহ সজ্জ্বাৰ সামগ্ৰী, আ-অলংকাৰ ইত্যাদি। একাংশ গ্ৰাহকে প্লাষ্টিকেৰে বন্ধা চালনি, কুলা, ডুকলি, গুড়া চালনী, জাকৈ আদি পছন্দ নকৰে। তেওঁলোকে বেতেৰে বান্ধি দিলেহে পছন্দ কৰে আৰু কিনাৰ কাৰণে সদায় আগ্ৰহী হয়" বুলি মইনুল হকে জানিবলৈ দিয়ে।
বৰপেটাৰ ৰাইপুৰ, ভালুকী আৰু জোছিহাতী নামৰ এই তিনিখন গাৱৰ প্ৰায় ৭০ শতাংশ লোকে নিৰ্মান কৰি উলিওৱা বাঁহৰ সামগ্ৰী অসমৰ লগতে বহিঃৰাজ্যতো সমাদৰ বুটলিবলৈ সক্ষম হৈছে। অতি সুলভ মূল্যত গাওঁবাসীয়ে গ্ৰাহকক যোগান ধৰা বাঁহৰ সামগ্ৰীসমূহ গ্ৰাহকসকলেও উৎসাহেৰে আকোঁৱালি লৈছে।
বাঁহেৰে নিৰ্মিত গৃহ সজ্জাৰ সামগ্ৰী
মইনুল হকে কয়, "আমাৰ গাৱৰ লগতে ভালুকী আৰু জোছিহাতী গাৱৰ প্ৰায় ৮০০ ৰ পৰা ৯০০ লোকে বাঁহৰ প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰীৰ ব্যৱসায়ৰ জৰিয়তে নিজৰ লগতে পৰিয়ালৰ ভৰণ-পোষন দি আহিছে। এই গাওঁ বাসীয়ে নিৰ্মান কৰা সামগ্ৰী দেশৰ হাইদৰাবাদ, মুম্বাই, গোৱা আদি বিভিন্ন ৰাজ্যলৈ ৰপ্তানি হয়। ইয়াৰোপৰি আমাৰ সামগ্ৰী অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত মেলা তথা প্ৰদৰ্শনীসমূহত প্ৰদৰ্শিত হৈ আহিছে। প্ৰতিগৰাকী শিল্পীয়ে বাঁহৰ সামগ্ৰী বিক্ৰী কৰি বছৰি লাখ টকালৈ আয় কৰি আহিছে। মই নিজেই বছৰি ৩০ ৰ পৰা ৪০ হাজাৰ টকা ব্যয় কৰি বছৰি এক ৰ পৰা ডেৰ লাখকৈ টকা উপাৰ্জন কৰি আহিছো।"
বৰ্তমান পৰিস্থিতিত বৰপেটাৰ সংখ্যালঘু লোকে বাস কৰা এই গাওঁ তিনিখনৰ এই কাৰ্য অতি প্ৰশংসনীয় আৰু যুৱপ্ৰজন্মৰ বাবে প্ৰেৰণাৰ উৎস ৷ চৰকাৰে এনে ক্ষুদ্ৰ বাঁহৰ উদ্যোগ সমূহ জীয়াই ৰাখিবলৈ এক পদক্ষেপ গ্ৰহণ কৰিলে এই থলুৱা ক্ষুদ্ৰ উদ্যোগসকলক জীয়াই ৰখাৰ লগতে দেশৰ অৰ্থনৈতিতো অৰিহণাও আগবঢ়োৱা হব বুলি মইনুল হকে মন্তব্য কৰিছে।