৫ জি প্ৰযুক্তিৰ টেষ্টবেডৰ শুভাৰম্ভ কৰিব মোদীয়ে

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
নতুন দিল্লী
 
মঙলবাৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে ৫ জি প্ৰযুক্তিৰ পৰীক্ষামূলক প্রয়োগ উদ্ঘাটন কৰিব। ভাৰতত প্ৰথমবাৰৰ বাবে ৫ জি তথ্য-প্রযুক্তিৰ পৰীক্ষামূলক প্রয়োগ সফল হোৱাৰ লগে লগে দেশৰ টেলি যোগাযোগৰ ক্ষেত্ৰত অভাৱনীয় পৰিৱর্তন সূচনা হ'ব বুলি আশা কৰা হৈছে।
 
ভাৰতীয় টেলিকম নিয়ন্ত্রণ কর্তৃপক্ষৰ ৰূপালী জয়ন্তীৰ দিনাই ২২০ কোটি টকা ব্যয়েৰে প্ৰস্তুত কৰা ৫ জি তথ্য-প্ৰযুক্তিৰ টেষ্টবেড (৫ জি প্ৰযুক্তিৰ পৰীক্ষামুলক প্রয়োগ) ৰ শুভাৰম্ভ কৰাৰ লগতে এক স্মাৰক ডাক টিকটো উন্মোচন কৰিব প্রধানমন্ত্রী মোডীয়ে। 
 
আই আই টি মাদ্ৰাজৰ নেতৃত্বত ৫ জি টেষ্টবেড প্রস্তুতিত অংশগ্রহণ কৰিছে ৮টাকৈ প্রতিষ্ঠানে। এই প্রতিষ্ঠানসমূহ হ’ল আই আই টি দিল্লী, আই আই টি হায়দৰাবাদ, আই আই টি কানপুৰ, আই আই এছ চি বেংগালুক, ছ'চাইটি ফৰ এপ্লাইড মাইক্ৰ'ৱেড ইলেক্ট্রনিকছ এণ্ড ৰিচাৰ্ছ আৰু চেষ্টাৰ ফৰ এক্সচেলেঞ্চ ইন ৱেবলেছ টেকন'লজিয়ে।