ড্ৰাগছ আসক্ত আৰু সুদখোৰৰ বিৰুদ্ধে লোৱা নজিৰবিহীন পদক্ষেপক মুছলমান সমাজৰ আদৰণি

Story by  atv | Posted by  Munni Begum • 1 Years ago
ড্ৰাগছ আসক্ত আৰু সুদখোৰৰ বিৰুদ্ধে লোৱা নজিৰবিহীন পদক্ষেপক মুছলমান সমাজৰ আদৰণি
ড্ৰাগছ আসক্ত আৰু সুদখোৰৰ বিৰুদ্ধে লোৱা নজিৰবিহীন পদক্ষেপক মুছলমান সমাজৰ আদৰণি
আৰিফুল ইছলাম / গুৱাহাটী
 
নগাঁও জিলাৰ জুৰীয়াৰ উদমাৰি-বালুৰঘাট জামে মছজিদ কমিটিয়ে ড্ৰাগছ আৰু মাদকদ্ৰব্য সেৱন কৰা ব্যক্তিৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ পিছতে সূতখোৰৰ বিৰুদ্ধে বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে জুৰীয়াৰ কল'নী জলাহ ৰাজহুৱা কৱৰস্থান আৰু ঈদগাহ কমিটিয়ে। দুয়োখন কমিটিয়ে লোৱা নজিৰবিহীন সিদ্ধান্তক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ সচেতন মুছলমান সমাজে।
 
এই সন্দৰ্ভত মৌলানা নুৰুল আমিন কাছিমিয়ে কয়; "প্ৰথম কথা, ইছলামত মাদকদ্ৰৱ্য গ্ৰহণ কৰা একেবাৰেই নিষিদ্ধ। কোৰানে ইয়াক কঠোৰ ভাষাৰে নিষিদ্ধ কৰিছে। ইছলামিক আইনত মাদক দ্ৰব্য আৰু সূতৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ ব্যৱস্থা থকাৰ পিছতো মুছলমানৰ মাজত মাদক দ্ৰব্য আৰু সূত খোৱাৰ পৰিমাণ যথেষ্ট বৃদ্ধি পাইছে। ইয়াৰ কাৰণ কি, আমি সকলোৱে চিন্তা কৰাৰ দৰকাৰ। বিভিন্ন ঠাইত আমি দেখিবলৈ পাইছোঁ যে মদ খালেই এঘৰীয়া কৰা বা সূত খালেই বেয়া চকুৰে চোৱা হয়, তাৰ পিছটো কিয় মুছলমানৰ মাজত এইবোৰ বৃদ্ধি পাইছে। মুছলমান সমাজৰ কাৰণে এইটো এটা উদ্বেগজনক খবৰ। শেহতীয়াকৈ নগাঁওৰ উদমাৰি-বালুৰঘাট জামে মছজিদ কমিটিয়ে যি সিদ্ধান্ত গ্ৰহণ কৰিছে সেয়া এক নজিৰবিহীন সিদ্ধান্ত বুলি মই ভাবো। এই সিদ্ধান্তই অসাধু ব্যক্তিসকলক শিক্ষা দিব বুলি আশা কৰিব পাৰি।"
 
ছফিউৰ ৰহমান শইকীয়া আৰু পদ্মশ্ৰী ডাঃ ইলিয়াছ আলী
 
নুৰুল আমিন কাছিমিয়ে লগতে কয়,"এফালে চাব গ'লে এইটো এটা আদৰণীয় পদক্ষেপ। আনহাতে, ইছলাম ধৰ্মৰ নীতি হৈছে 'কোনোবা ঢুকালে তেওঁৰ জানাজাত অংশগ্ৰহণ কৰিব লাগে, জানাজা হৈছে মৃত ব্যক্তিজনৰ অধিকাৰ', আমাৰ নবী হজৰত মহম্মদে কিন্তু এইটো কথাও কৈছে। গতিকে পৰিস্থিয়ে এনে সিদ্ধান্ত লোৱাত বাধ্য কৰাইছে চাগৈ। কাৰণ মুছলমান সমাজত এইবোৰ বহু পৰিমানে বৃদ্ধি পাইছে। কিন্তু যদি এগৰাকী মৃত ব্যক্তিৰ জানাজাত কোনেও অংশগ্ৰহণ নকৰে তেতিয়া কি হ'ব। সেইফালেও চাব লাগিব। আত্মহত্যা কৰিলে ইছলামত নিন্দাৰ চকুৰে চোৱা হয়। তেতিয়াও সমাজৰ সন্মানীয় ব্যক্তিসকলে জানাজাত অংশগ্ৰহণ নকৰে। মাদকদ্ৰব্য সেৱন কৰাটো এক প্ৰকাৰৰ আত্মহত্যাৰ দৰেই। গতিকে, এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰাটো বৰ্তমান প্ৰয়োজনীয় হৈ পৰিছে। কিন্তু এটা কথা লক্ষ্য ৰাখিব লাগিব যাতে মৃত ব্যক্তিগৰাকীক একেবাৰেই জানাজা নকৰাকৈ থৈ দিয়াতো ইছলামত উচিত নহয়।"
ইফালে, গুৱাহাটীৰ বুঢ়া মছজিদ কমিটিৰ সম্পাদক নিজামুল হকে কয়; "ড্ৰাগছ বা মাদকদ্ৰৱ্য গ্ৰহণ কৰা আৰু সূত খোৱাটো ইছলামত হাৰাম(নিষিদ্ধ)। ইয়াত মোৰ নিজা মতামত দিবলগীয়া একো নাই, কাৰণ ইছলাম বিৰোধী হয়েই এইটো। কিন্তু নগাঁওৰ মছজিদ আৰু কৱৰস্থান কমিটিয়ে যিটো চূড়ান্ত সিদ্ধান্ত লৈছে, সেইটো ইছলামিক আইনৰ অধীনতে পৰে। কিন্তু মই ভাবো, তেওঁলোকে এইটো সিদ্ধান্ত লোৱাতকৈ সেই লোকসকলক সংশোধন হ'বলৈ বাৰে বাৰে সজাগ কৰা বা সকীয়নি প্ৰদান কৰা উচিত আছিল। কাৰণ মানুহজনৰ মৃত্যু হোৱাৰ পিছত সংশোধন হোৱাৰ কোনো ৰাস্তাই নাথাকে। ইছলামৰ মতে, মৃত্যু হোৱা মানুহ এজনক জানাজা কৰাটো মৃত ব্যক্তি গৰাকীৰ প্ৰাপ্য অধিকাৰ। তদুপৰি, তেওঁলোকে অভিজ্ঞ আলিম বা মুফটিৰ পৰা পৰামৰ্শ ল'ব পাৰে।"
প্ৰখ্যাত সাহিত্যিক, অভিযন্তা তথা সমাজকৰ্মী ছফিউৰ ৰহমান শইকীয়াই নগাঁওৰ মছজিদ সমিতি আৰু কবৰস্থান সমিতিৰ এনে পদক্ষেপক অভূতপূৰ্ব বুলি অভিহিত কৰিছে। এই পদক্ষেপে সমাজত সুদূৰপ্ৰসাৰী ইতিবাচক প্ৰভাৱ পেলাব বুলিও তেওঁ কয়।
 
মৌলানা নুৰুল আমিন কাছিমি আৰু নিজামুল হক 
 
‘এতিয়াও ড্ৰাগছ, সুৰা আৰু সুতৰ সৈতে ধন ঋণ দিয়াৰ ব্যৱসায়ত জড়িতসকলৰ বাবে এই পদক্ষেপে প্ৰতিৰোধক হিচাপে কাম কৰিব। মৃত্যুৰ কথাই সকলোকে ভয় খুৱায় আৰু বহুতে মৃত্যুৰ পিছৰ অৱস্থা কি হ'ব বুলি ভাবি ইছলাম বিৰোধী কাম ত্যাগ কৰিব। ভৱিষ্যত প্ৰজন্মই নিৰাপত্তা অনুভৱ কৰিব আৰু তেওঁলোক নিচাযুক্ত সামগ্ৰীৰ আসক্তিৰ পৰা মুক্ত হ’ব।’-এইদৰে কয় শইকীয়াই। এনে পদক্ষেপে ইছলাম আৰু পবিত্ৰ কোৰআনৰ প্ৰকৃত অৰ্থ বুজিবলৈও সহায় কৰিব বুলি শইকীয়াই উল্লেখ কৰে।
 
জুৰীয়াৰ কলনি জলাহ আঞ্চলিক কবৰস্থান আৰু ঈদগাহ
 
আনহাতে, প্ৰখ্যাত অস্ত্ৰোপচাৰ বিশেষজ্ঞ পদ্মশ্ৰী ডাঃ ইলিয়াছ আলীয়ে এই পদক্ষেপক আদৰণি জনাই কয় যে এনে পদক্ষেপে ড্ৰাগছ আৰু অন্যান্য নিচাৰ ব্যৱসায় কৰা লোকসকলৰ মাজত ভয়ৰ সৃষ্টি কৰিব। “ড্ৰাগছ আৰু অন্যান্য নিচা সেৱন কৰাসকলৰ বাবে মোৰ বেয়া লাগে। এইসকল লোক ৰোগী আৰু তেওঁলোকক চিকিৎসাৰ প্ৰয়োজন আছে। কিন্তু ড্ৰাগছৰ ব্যৱসায় কৰা সকলক মই ঘৃণা কৰো, কাৰণ তেওঁলোকে সমাজ ধ্বংস কৰি নৱপ্ৰজন্মৰ মেৰুদণ্ড ভাঙি পেলাইছে। যিসকলে আনৰ বেয়া কাম কৰে, তেওঁলোক ইছলামৰ শত্ৰু। গতিকে মছজিদ কমিটি আৰু কবৰস্থান কমিটীয়ে এনে লোকৰ জানাজা বা শ্মশান বৰ্জন কৰাটো ন্যায্য কথা,’ডাঃ আলীয়ে কয়।
 
তেওঁ পুনৰ কয় যে যিসকলে ধন ধাৰে দি সুত আৰোপ কৰে তেওঁলোকে ঋণ লোৱাসকলৰ জীৱিকাত আঘাত দিছে। এইসকল লোকো একে ব্যৱহাৰৰ যোগ্য।