ৰামায়ন বিষয়ক কুইজত শ্ৰেষ্ঠত্ব অৰ্জন কৰিলে ২ মুছলমান যুৱকে

Story by  atv | Posted by  [email protected] • 1 Years ago
ৰামায়ন বিষয়ক কুইজত শ্ৰেষ্ঠত্ব অৰ্জন কৰা মুছলমান যুৱক দুজন
ৰামায়ন বিষয়ক কুইজত শ্ৰেষ্ঠত্ব অৰ্জন কৰা মুছলমান যুৱক দুজন

নতুন দিল্লী

দেশৰ বিভিন্ন প্ৰান্তত সাম্প্ৰদায়িক উত্তেজনা বিৰাজ কৰি থকাৰে সময়তে কেৰেলাৰ পৰা আহিছে এক আশাব্যঞ্জক খবৰ। এই খবৰে আমাৰ দেশৰ শতিকাজোৰা পৰম্পৰাক পুনৰ এবাৰ সজীৱ কৰি তুলিছে।

ইছলাম বিষয়ত অধ্যয়ন কৰি থকা কেৰেলাৰ দুজন মুছলমান যুৱকে ৰামায়ণ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। হিন্দু ধৰ্মৰ পবিত্ৰ ধৰ্মগ্ৰন্থ ৰামায়ণ সম্পৰ্কীয় অনলাইন কুইজত জয়লাভ কৰি যুৱক দুজনে সমগ্ৰ দেশত চৰ্চা লাভ কৰিছে। এহেজাৰৰো অধিক লোকে অংশগ্ৰহণ কৰা ৰামায়ণ প্ৰতিযোগিতাত জয় সাব্যস্ত কৰা মালাপপুৰমৰ মুছলমান যুৱক দুজনৰ নাম হ’ল মহম্মদ জাবিৰ পি কে আৰু মহম্মদ বসিথ এম।

উল্লেখ্য যে, দুয়োজন ছাত্ৰই কে কে এইচ এম ইছলামিক এণ্ড আৰ্টছ কলেজ ভেলানচেৰীত ইছলামিক ষ্টাডিজ অধ্যয়ন কৰে।দুই যুৱকৰ ৰামায়ণৰ প্ৰিয় শ্লোকটো হ’ল অযোধ্যাকান্দ, য’ত লক্ষ্মণৰ ক্ৰোধ আৰু ভগৱান শ্ৰীৰামে তেওঁৰ ভাতৃক দিয়া সান্ত্বনাৰ বিষয়ে আলোচনা কৰা হৈছে। ইয়াত ভগৱান ৰামে ৰাজ্য আৰু ক্ষমতাৰ অসাৰতাৰ বিষয়ে কৈছে। মহাকাব্যখনৰ মালয়ালম সংস্কৰণ ‘অধ্যাত্ম ৰামায়ণম’ৰ পদ্যসমূহ সাৱলীল আৰু সুৰীয়াকৈ পাঠ কৰে এই দুয়োজন যুৱকে।

বাসিথ আৰু জাবিৰ ইছলামিক ষ্টাডিজৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ। যুৱক দুজনে কয় যে সৰুৰে পৰাই তেওঁলোকে ৰামায়ন মহাকাব্যৰ বিষয়ে জানিছিল আৰু প্ৰতিযোগিতাখনৰ পূৰ্বে ৰামায়ন আৰু হিন্দু ধৰ্মৰ বিষয়ে গভীৰভাৱে অধ্যয়ন কৰিছিল। তেওঁলোকেপাঠ্যক্ৰমত প্ৰতিটো ধৰ্মৰ শিক্ষা লাভ কৰিছে। তেওঁলোকৰ প্ৰতিষ্ঠানৰ পুথিভঁৰালত প্ৰতিটো ধৰ্মৰ কিতাপ উপলব্ধ বুলিও ছাত্ৰ দুজনে উল্লেখ কৰে।