দেশৰ অৰ্থনৈতিক বিকাশৰ স্বাৰ্থত নোটত লক্ষ্মী-গণেশৰ ছবি ছপা কৰক, মোদীলৈ আহ্বান কেজৰিৱালৰ

Story by  atv | Posted by  [email protected] • 1 Years ago
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল
নতুন দিল্লী
 
নতুনকৈ ছপা কৰা নোটত জাতিৰ পিতা মহাত্মা গান্ধীৰ ফটোৰ সৈতে দেৱী লক্ষ্মী আৰু ভগৱান গণেশৰ ছবি সন্নিৱিষ্ট কৰাৰ দাবী উত্থাপন কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। আজি এক সংবাদমেলত তেওঁ এই ক্ষেত্ৰত ব্যৱস্থা ল'বলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আহ্বান জনাইছে। ইয়াৰ ফলত দেশৰ অৰ্থনৈতিক অৱস্থা উন্নত কৰাত সহায়ক হ’ব বুলি দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে পৰামৰ্শ দিয়ে।
 
"আজি মই কেন্দ্ৰীয় চৰকাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আহ্বান জনাইছো যে ভাৰতীয় মুদ্ৰাৰ ওপৰত এফালে (মহাত্মা) গান্ধী জীৰ ফটো থকাৰ লগতে আনফালে ভগৱান শ্ৰী গণেশ আৰু দেৱী মা লক্ষ্মীৰ ফটো সন্নিৱিষ্ট কৰা উচিত। আমাৰ দেশৰ অৰ্থনৈতিক অৱস্থা উন্নত কৰাৰ বাবে আমি এনে বহু প্ৰচেষ্টা চলাব লাগিব। দেৱ-দেৱীৰ আশীৰ্বাদ থাকিলে আমাৰ প্ৰচেষ্টাই ফল পাব। সমগ্ৰ দেশে আশীৰ্বাদ পাব যদিহে ভাৰতীয় নোটত এফালে ভগৱান গণেশ আৰু দেৱী লক্ষ্মী আৰু আনফালে গান্ধীজীৰ ফটো থাকে।" কেজৰিৱালে কয়।
লক্ষ্মী সমৃদ্ধিৰ দেৱী আৰু ভগৱান গণেশে বাধা আঁতৰায় বুলি উল্লেখ কৰি কেজৰিৱালে কয়, "মই সকলো নোট সলনি কৰিবলৈ কোৱা নাই। কিন্তু প্ৰতিমাহে জাৰি কৰা সকলো নতুন নোটত শ্ৰী গণেশ আৰু মা লক্ষ্মীৰ  ছবি থাকিব লাগে।"
আম আদমি পাৰ্টি (আপ)ৰ মুৰব্বীগৰাকীয়ে ইণ্ডোনেছিয়াৰ প্ৰসংগ উত্থাপন কৰি কয় যে, ইণ্ডোনেছিয়াৰ দৰে মুছলমান ৰাষ্ট্ৰই তেওঁলোকৰ দেশৰ নোটত ভগৱান গণেশৰ ছবি যদি সন্নিবিষ্ট কৰিব পাৰে, আমি কিয় নোৱাৰো?’ উল্লেখ্য যে, ইণ্ডোনেছিয়াৰ ২০ হাজাৰ টকাৰ নোটত ভগৱান গণেশৰ ছবি ছপা কৰা হৈছে।
কেজৰিৱালে কয় যে তেওঁ কাইলৈ ​​বা পৰহিৰ ভিতৰত কেন্দ্ৰলৈ এই সন্দৰ্ভত পত্ৰ লিখি আবেদন জনাব। কাৰণ, দেশৰ অৰ্থনৈতিক অৱস্থা সুস্থিৰ কৰিবলৈ আন প্ৰচেষ্টাৰ বাহিৰেও আমাক সৰ্বশক্তিমানৰ আশীৰ্বাদৰ প্ৰয়োজন। মাৰ্কিন ডলাৰৰ বিপৰীতে টকাৰ মূল্য দ্ৰুতগতিৰে হ্ৰাস পোৱাৰ ফলত ভাৰতীয় অৰ্থনীতিয়ে এক জটিল পৰিস্থিতিৰ সন্মুখীন হৈছে বুলিও তেওঁ উল্লেখ কৰে।
মনকৰিবলগীয়া যে, গুজৰাট নিৰ্বাচনৰ পূৰ্বে কেজৰিৱালৰ এই পৰামৰ্শ গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰা বুলি অভিযোগ থকা বিজেপিৰ অস্ত্ৰৰেই আপে এইবাৰ গুজৰাটত বিজেপিৰ বিৰুদ্ধে ৰণত নামৰ কৌশল তৈয়াৰ কৰিছে বুলি ৰাজনৈতিক মহলত চৰ্চা চলি আছে।  
ইফালে, কেজৰিৱালৰ এই মন্তব্যক লৈ বিজেপিয়ে ঠাট্টা কৰে। "তেওঁলোকৰ (আপ) মন্ত্ৰী, গুজৰাটৰ নেতাই হিন্দু দেৱতাক গালি-গালাজ কৰি বহু বিতৰ্কিত কথা কৈছে। তথাপিও তেওঁলোক এতিয়াও দলত আছে। উপায় নাপাই তেওঁলোকে এতিয়া নিৰ্বাচনত মুখ বচাবলৈ নতুন কৌশল প্ৰৱৰ্তন কৰিছে। ৰাম মন্দিৰ নিৰ্মাণত আপত্তি কৰাসকল এতিয়া নিৰ্বাচনৰ বতৰত নতুন মুখা পিন্ধি ৰাইজৰ মাজলৈ আহিছে।" এই মন্তব্য দিল্লী বিজেপি নেতা মনোজ তিৱাৰীৰ।